বহু যুগেই হ'ল
তথাপি
এতিয়াও উন্মনা হয়
মোৰ ভৰুণ বুকু
তোমাৰ অনুভৱত
তোমাৰ সৰলতাৰ সুবাস লাগি
নৈঃশব্দ্য ও হৈ পৰিছিল
হৃদয়ৰ ভাষ্য।
কেতিয়াবা অভিমানেৰে
কেতিয়াবা মৰমেৰে
যে মোক
মাতি থকা
সোণ....সোণ......
এতিয়াও
অনামি শিহৰণ
জগাই হৃদয়ৰ
অন্তঃকোণত....
আঁৰ চকুৰে
জোকাই থকা,
প্ৰতিটো ক্ষণৰ খবৰ থোৱা,
ধুমুহাৰ্ত মনৰ সমিধান দিয়া
নিমিষতে,....
অক্টোপাছ ৰ দৰে
মেৰিয়াই আছে সত্বাত
এতিয়াও
বাৰু
কোৱাচোন তুমি
যাঁও ক'ত
শুধো কাক
আঁতৰি থাকিও
কিয়..........
বিদায় নোলোৱা তুমি ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ