জননী- লাৱণ্য নাথ

@admin
0
তোমাক ভাল পাওঁ বাবেই
ভাল লাগে অনুভৱৰ প্ৰতিটো ক্ষণ।
তোমাৰ বতাহৰ উমানত
চিঞৰিছিলোঁ, উমলিছিলোঁ
তোমাৰ কোলাত।

ভাল লগা–বেয়া লগা
প্ৰতিটো শব্দই আছিল
মোৰ কান্দোন—
নিজকে বুজাবলৈ।
মাৰ কোলাত বহি
মাৰ পদৰ স্পৰ্শতে বুজিছিলোঁ
তোমাৰ উপস্থিতি।

মাৰ পিছতেই
তোমাৰ কোলাত
মোক দিলে আশ্ৰয়।
আঠুৰ উমল স্পৰ্শেৰে
উমলিছিলোঁ
তোমাৰ বুকুত।

শব্দবোৰৰ সৈতে চিনাকি হোৱাৰ পাছত
বুজি পালোঁ—
মোৰ দৰেই
তোমাৰ বুকুতে জন্ম লোৱা
গছ-লতা, চৰাই, পশু-পক্ষী ,
মাছ-কাছ,
পৰ্বত-নদী
সকলোয়ে তোমাৰ সন্তান।
সেইবাবেইতো—
জননী জন্মভূমি
স্বৰ্গদোপি গৰীয়সী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)