বজাৰ-শৰৎ ভৰালী

@admin
0
ব্যস্ত পথটোৰ দুয়ো কাষত মানুহৰ জুম বহিছে ৷
পুৱা আৰু কেতিয়াবা কানিমুণি
সময়ে-অসময়ে , যেতিয়াই-তেতিয়াই ৷
বেলিটো মূৰতলৈ কেতিয়াবা বৰষুণৰ ছাতিটো জপাই থৈ ৷
ঠাণ্ডা গৰম নেওচি 
কেৱল গোট হয় মানুহৰ ৷
দূৰ দূৰণিৰ বস্তুৰ দ’মৰ মাজত
মানুহবোৰে ম্ৰিয়মাণ হৈ বিচাৰি ফুৰে 
এখন খাদ্যৰ বজাৰ ৷
কিনোতাৰ নিমিলা হিচাপৰ কোলাহল 
আৰু ফেৰীৱালাই দিয়া হিচাপৰ ওজনে ,
ব্যতিব্যস্ত কৰিছে চিনাকি অচিনাকি মানুহৰ দাঁতিত ৷
দুই শ্ৰেণীৰ মানুহৰ ব্যস্ততাই 
বহল কৰিছে বজাৰখনক ৷
তেওঁলোকে ইজনে সিজনক 
বিনিময় কৰিছে ,
মৰম চেনেহৰ 
দৰ -দাম।
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)