অশ্ৰুসীমনা ~ নৰেন শইকীয়া

Mousumi Bhuyan
0
বৰ্ষা কাল বতৰটো গোমা । বিৰ বিৰ কৈ এচাটি মলয়া বা বলিছে। বতাহ জাকে নৈ পাৰৰ কাষতে থকা আঁহত জোপাৰ পাতবোৰ চিৰিলি চিৰিলিকৈ লৰাইছে আৰু তাৰ ফলত এটা অশৰীৰী আত্মাৰ দৰে শব্দ ওলাইছে। কণ কণ ল'ৰাহতে তাকে দেখি আনন্দতে কিৰিলি পাৰিছে। ৰাস্তাটোৰ দুয়োকাষে সেউজীয়া পথাৰ । পথাৰ খনত গৰুবোৰে মুক্ত মনেৰে চৰিছে।
              দুৰ্ভগীয়া কণমাইয়ে মালিকৰ ঘৰৰ পৰা খৰ ধৰকৈ ঘৰৰ অভিমুখে ৰাওনা হৈছে। আকাশ খন এচমকা কলীয়া ডাৱৰে আৱৰিছে বৰষুণ আহিব পাৰে বেং চটাবোৰে খুউব টোৰটোৰাইছে। আগফালৰ ভগা জপনাখন খুলি কণমাইয়ে ঘৰলৈ সোমাই আহিল। কণমাইয়ে কথমপিহে ঘৰ সোমাব পালে। হঠাৎ মেঘৰ গুৰু‌ গহীন গাজনীত মুষলধাৰে বৃষ্টিপাত পৰিল । হাতত থকা খালী মোনা খন বেৰতে আৰি থৈ কণমাইয়ে জীয়েকক মাতিলে "মাজনী, .. মাজনী কি কৰি আছ মই আহিলো নহয়।" মাকৰ মাত শুনি ভিতৰৰ পৰা কণমাইৰ আঠ বছৰীয়া জীয়েক পাহী ওলাই আহিল আৰু পাছফালৰ পৰা 'মা' বুলি সাৱটি ধৰিলেহি। মাজনী বুলি কৈ মাকে তাইক এটি চুমা যাচিলে। পাহীয়ে এইবাৰ মাকৰ হাত দুখনলৈ চালে আৰু তাৰ পাছত প্ৰশ্ন কৰিলে--
    : মা মোলৈ আজি তই বিস্কুট আনিম বুলি কৈছিলি নহয় ক'ত আনি থৈছ আৰু মাংস, মাংস ক'ত আনিছ চাও..
      পাহীয়ে বৰ কৌতূহল হৈ মাকক সুধিলে আৰু নুসুধিবও নো কিয় এসপ্তাহ ধৰি মাকে তাইক আজি আনি দিম কালি আনি দিম কৈ মিছা সান্ত্বনা দি আহিছে। অনিল দুকানীয়ে বাকী নিদিয়ে আৰু মালিকেও মাহটোৰ শেষতহে টকা কেইটা দিয়ে। কণমাই জীয়েকৰ কথাত বিমোৰত পৰিল। তাই আকৌ এটা মিছা প্ৰতিশ্ৰুতি দিবলৈ প্ৰস্তুত হ'ল। বৰ উদাস মনেৰে জীয়েকক ক'লে --
        : অনিল খুৰাৰ দোকান খন বন্ধ আছিল অ' মাজনী আৰু আজি মালিক ছাৰৰ জীয়েকৰ জ্বৰ হোৱাৰ বাবে মালিক ছাৰ আৰু বাইদেৱে ডক্তৰ ওচৰলৈ গ'ল। সেই বাবে আজি মোক টকা কেইটা দিব নোৱাৰিলে।
          মাকৰ মুখেৰে সেই কথা শুনি পাহীৰ কৌতূহলী‌ মনতো ম্লান পৰি গ'ল। কোনো দিনে ফাঁকি কথা নোকোৱা কণমাইয়ে পৰিস্থিতিত পৰি আজি নিজৰ জীয়েকৰ আগত মিছা মাতি বৰ দুখী দুখী যেন লাগিল ।এগৰাকী মাক হৈ নিজ সন্তানৰ অভাৱ পূৰণ কৰিব নোৱাৰি কণমাইৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিল।
               পাহীয়ে এইবাৰ মাকক ক'লে -- " মা মোৰ বৰ ভোক লাগিছে। কিবা এটা খাবলৈ দে।"
           কণমাই এতিয়া নিৰুপায় যিহেতু চাউল দুটামানৰ বাহিৰে ঘৰখনত খোৱা বস্তু একোৱেই নাই। সেই বাবে জেংখৰি কেইডালেৰে জুইকুৰা জ্বলাই ভাত মুঠি ৰান্ধিলে। তাৰ পাছত কণমাইয়ে জীয়েকক নিমখ ভাত মুঠি খাবলৈ দি তাইৰ ওচৰতে আমন জিমনকৈ বহি বিচনী খনেৰে বিচি থাকিল। কিন্তু পাহীয়ে ভাত কেইটা হাতেৰে পিটিকি থকাৰ বাহিৰে মুখলৈ নিনিলে। পাহীয়ে হাত ধুই খোৱা ঠাইৰ পৰা উঠি লঘুণতে শুই থাকিলগৈ। 
   জীয়েকক ভোকৰ ভাত মুঠি ভালদৰে খোৱাব নোৱাৰি কণমাইয়ে নীৰৱে চকুলো টুকিলে। তাইয়ো সেই দিনা একো নোখোৱাকৈ শুৱাপাটীলৈ গ'ল। কিন্তু তাইক সেই দিনা টোপনিয়েও লগ দিয়া নাছিল। ঢিমিক ঢামাক কৈ জ্বলা কেৰাচিন তেলৰ চাকিৰ পোহৰ টোৱে যেন সেইদিনা খন গিৰিয়েকৰ স্মৃতি বোৰ মানসপটত সোঁৱৰাই তুলিছিল। সেই দিনা খন কণমাইৰ গিৰিয়েকলৈ খুউব চেৰেং চেৰেংকৈ মনত পৰিছিল। কণমাইৰ গিৰিয়েক জীয়াই থকা হ'লে সিহঁতৰ আজি এনে বিলাই-বিপত্তিৰ অৱস্থা নহ'ল হেঁতেন।
                ভগৱানৰো যে কি লীলা.....
    ইমান ধুনীয়াকৈ তিনিটি প্ৰাণীৰে সৈতে ঘৰখন চলি গৈছিল। কিন্তু হঠাৎ যেন ৰঙা নদীৰ বলিয়া বানে তেওঁলোকৰ জীৱনলৈ নমাই আনিলে ঘোৰ কাল অমানিশা। সেই অভিশপ্ত হৃদয় বিদাৰক দিনটোৰ কথা মনত পৰিলে কণমাইৰ আজিও বুকু খন থৰ থৰকৈ কঁপি উঠে। এটা ৰাতিৰ ভিতৰতে ৰঙা নদীৰ পানী ফেনেফুটুকাৰে বাঢ়ি তেওঁলোকৰ মথাউৰিটোৰ বান্ধ ছিঙি অঞ্চলটোলৈ নামি আহিল ধল। চাৰিওফালে হাহাকাৰ মাথোঁ হাহাকাৰ। মানুহৰ লগতে গৰু,ম'হ, ছাগলীৰ যন্ত্ৰনাময় আৰ্তনাদ। কণমাইৰ গিৰিয়েকে আনৰ দূখ সহ্য কৰিব নোৱাৰিছিল লগতে তেওঁ সাহসী আছিল। তেওঁ মৰণক শৰণ দি বানৰ কৱলৰ পৰা এটি এটিকৈ সকলোবোৰ বস্তু নিৰাপদ ঠাইলৈ আনিলে। সেই সময়তে এগৰাকী মহিলাৰ মৰ্মস্পৰ্শী কান্দোন শুনা গ'ল ! - " অ মোৰ কেঁচুৱাটো বচাওক....."
       কণমাইৰ গিৰিয়েকে অলপো দেৰি নকৰি তৎক্ষণাৎ কেঁচুৱাটো আনিবলৈ সিটোপাৰলৈ গ'ল।
 কেঁচুৱাটো তেওঁ হাতত লৈ ধীৰে ধীৰে আনি মাকৰ কোলাত তুলি দিলেহিহে মাত্ৰ! নিমিষতে এটা প্ৰৱাল সূঁতিয়ে তেওঁক উটুৱাই লৈ গ'ল। সেই বিভীষিকাময় দৃশ্যটো দেখাৰ লগে লগে কণমাই‌ বজ্ৰপাত পৰাৰ দৰে জঠৰ হৈ পৰিল। শব্দ ভেদী বাণে যেন তাইৰ শৰীৰটো জৰাজীৰ্ণ কৰি পেলালে তেনে অনুভৱ হ'ল। মাথোঁ কণমাইয়ে জীয়েকক বুকুৰ মাজত সোমোৱাই হিয়া ঢাকুৰি কান্দিলে।
                চাৰিদিনৰ অন্তত বতৰে শাম কটাৰ পাছত ৰিলিফৰ মানুহ আহিল। ৰিলিফৰ মানুহে অনুসন্ধান কৰি কণমাইৰ সন্মুখত থিয় কৰালেহি স্বামীৰ জড় কংকাল সদৃশ মৃতদেহ। কণমাইৰ সেই দৃশ্যটো দেখি স্থিৰেৰে থাকিব নোৱাৰিলে কান্দি কান্দি আউলী বাউলী হৈ পৰিল।
           গিৰিয়েকৰ নশ্বৰ দেহটোলৈ চাই তাই কান্দি কান্দি ক'লে -- " হেৰি , আপুনি মোক অকলে এৰি থৈ কিয় গুচি গ'ল। মোকো নো লগতে লৈ নগ'ল কিয়!"""
           কণমাণি পাহীয়ে মাকক লাহেকৈ সুধিলে," মা .. মা পিতাৰ কি হৈছে নো? কিয় এনেদৰে শুই আছে। " -অ পিতা উঠচোন উঠ মোৰ ফালে এবাৰ চা..."
        কণমাইয়ে কান্দি কান্দি জীয়েকক ক'লে -" মাজনী অ' তোৰ পিতাই আজিৰ পৰা তোক আৰু সোণজনী বুলি নামাতে । তেওঁ আমাক অথাই সাগৰত পেলাই সিপুৰীলৈ গুচি গ'ল। " কণমাইয়ে কোনো ৰকমে কথা কেইষাৰ ঠোকা ঠোকি মাতেৰে কৈ জীয়েকক বুকুৰ মাজত সাৱটি ধৰি শুক শুকাই কান্দিলে ।
       নিয়তিৰ কিযে নিষ্ঠুৰ পৰিহাস! মানিবই লাগিব।
      এইবোৰ কথা ভাবি থাকোঁতেই কণমাইৰ কেতিয়ানো টোপনি আহিল গমকেই নাপালে।
          পুৱাৰ পক্ষীৰ মাতত কণমাই সাৰ পাই উঠিল। ঘৰটোৰ গৱাক্ষয়ইদি এজাক মৃদু বতাহ কোঠাটোলৈ সোমাই আহিল। কণমাইয়ে লাহেকৈ উঠি চকু দুটা মোহাৰি কৃষ্ণৰ নাম লৈ দুৱাৰখন খুলি আগফালৰ পিৰালিতে অলপ সময় বহিলে। দহিকতৰা চৰাই হালে চোতাল খনত মুক্ত মনেৰে বিচৰণ কৰিছে। বতৰটো ফৰকালেই। কণমাইয়ে পিৰালিৰ পৰা উঠি নিত্য-নৈমিত্তিক কাম সমূহ এফালৰ পৰা শেষ কৰি পাহীক শোৱাপাটীৰ পৰা উঠাইছে।
   : মাজনী, উঠ.. মই কামলৈ যাওঁ।
     মাকৰ মাতত পাহী টোপনিৰ পৰা জাগি উঠিল আৰু তাৰ পিছত তাই মাকক ক'লে --
    : মা , ময়ো আজি তোৰ লগত কামলৈ যাম । মোৰ ঘৰত অকলে অকলে থাকি বৰ আমনি লাগে।
    দেউতাক ঢুকোৱাৰ পাছৰ পৰা দুৰ্ভগীয়া কণমাইয়ে পাহীক অকলে এৰি পুৱাই আনৰ ঘৰলৈ কাম কৰিবলৈ ওলাই যায় আৰু সকলো কাম সামৰি গধূলিহে ঘৰ সোমাইহি। কণমানি জীয়েকক অকলে এৰি যাব মন নাযায় কিন্তু কণমাই‌ নিৰুপায়।পাহীক লগত নিলেও মালিকনীৰ পৰা বহুত কথা শুনিব লগীয়া হয়। কণমাইয়ে অলপ সময় ভাবিলে।
  : মা কি ভাবি‌ আছ..।পাহীয়ে মাকক সুধিলে।
: নাই অ' মাজনী একো ভবা নাই। তই..আজি মোৰ লগত যাব নালাগে দে । তালৈ গ'লে তই‌ কষ্ট পাবি।
      মাকে তাইক বহুত বুজনি দিলে কিন্তু তাই আকোঁৰগোজ হৈ মাকৰ কথা নুশুনিলে। উপায়ন্তৰ হৈ কণমাইয়ে পাহীকো সেইদিনাখন মালিকৰ ঘৰলৈ লৈ গ'ল। মালিকৰ ঘৰ পাই পাহীৰ বৰ ফূৰ্তি । বিভিন্ন ৰকমৰ খোৱা বস্তুবোৰ‌ দেখি পাহীয়ে লোভ সামৰিব নোৱাৰি ডাইনিং টেবুলৰ ওপৰৰ পৰা সেইবোৰ খাবলৈ ধৰিলে। হঠাৎ তাইৰ হাত খন এটা গ্লাচত লাগি টেবুলৰ পৰা গ্লাচটো সৰি পৰিল। গ্লাচ পৰাৰ শব্দ শুনি মালিকৰ পত্নী মিনতি ভিতৰৰ পৰা ওলাই আহিল। মজিয়াৰ টাইলছ খনৰ ওপৰত ভঙা গ্লাচটো পৰি থকা দেখি মিনতিৰ চকু কপালত উঠিল। তাৰপিছত মিনতিয়ে ঋষি দুৰ্বাসাৰ দৰে খঙত অগ্নি শৰ্মা হৈ কণমাইক ক'লে-
       : কণমাই তোৰ কাম কৰিব মন আছে যদি কাম কৰা ধান্দাত আহিবি আৰু লগত এই কুলক্ষণী ছোৱালীজনী লৈ নানিবি। আজি গ্লাচ ভাঙিছে কালিলৈ বা আৰু কি অঘটন ঘটায় তাৰ কি ঠিক।
       মিনতিৰ কথা শুনি কণমাইৰ খুউব দুখ লাগিল। দুখত ম্ৰিয়মাণ হৈ কান্দি কান্দি কণমাইয়ে ক'লে -
     : বাইদেউ এই সৰু ছোৱালী একো নাজানে। এই ৰ হৈ আপোনাৰ ওচৰত মই ক্ষমা খুজিছোঁ। আপুনিটো জানেই বাইদেউ মোৰ মানুহজন নাই। দেউতাক ঢুকোৱাৰ পাছৰ পৰা মই তাইক বহুত কষ্টেৰে ডাঙৰ-দীঘল কৰিছো। এই ফুল কোমলীয়া ছোৱালী জনীক অকলে বাৰু কাৰ লগত থৈ আহো।
     : মই সেইবোৰ একো নাজানো মুঠতে তই তোৰ এই ভোকাতুৰ ছোৱালী জনীক কাইলৈৰ পৰা যাতে কামলৈ লৈ নান কথাষাৰ মনত ৰাখিবি।
      এটি বিষন্ন মন লৈ কণমাইয়ে পাহীক হাতত ধৰি ঘৰলৈ উভতি আহিল।
        পাছদিনা খন পাহীয়ে আকৌ পুনৰ মাকৰ লগত মালিকৰ ঘৰলৈ আহিবলৈ লৈছিল কিন্তু মাকে কামৰ পৰা আহোতে মাংস লৈ আনিম বুলি কোৱাত তাই ঘৰতে থাকিল।
           দিনবোৰ ভালদৰে পাৰ হৈছিল এদিন মালিকৰ ঘৰত এটা ঘটনা ঘটিল। মিনতিৰ পোন্ধৰ হাজাৰ টকীয়া সোণৰ হাৰ ডাল হেৰাল। তাকে লৈ ঘৰখনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। মিনতিয়ে একো বাদ বিচাৰ নকৰি ইয়াৰ বাবে একমাত্ৰ কণমাইকে দোষাৰোপ কৰি চোৰ সজাইছে।
         মিনতিয়ে খঙত দাঁত কৰচি কণমাইক দুখন গালত দুটা চৰ সুধায় কেশত ধৰি সুধিছে-
        : কণমাই চালা চুৰণী ক'ত লুকুৱাই ৰাখি থৈছ তই মোৰ হাৰ ডাল।
           মিনতিৰ কথা শুনি কণমাইৰ বুকু খন থৰ থৰকৈ কঁপিবলৈ ধৰিলে।
       : মই একো গম নাপাওঁ বাইদেউ। আপোনাৰ হাৰ ডাল কি হ'ল।
      ‌‌''একো গম নাপাৱ '' বুলি কৈ মিনতিয়ে কণমাইক আকৌ এটা চৰ সুধালে।
       : মই জানো তইয়েই মোৰ হাৰ ডাল চোৰ কৰিছ। মিছাতে মোৰ আগত ঘৰিয়ালৰ চকু পানী দেখুৱাই মোৰ অন্তৰ গলাবলৈ চেষ্টা নকৰিবি। মুঠৰ ওপৰত আজিৰ এই মূহুৰ্তৰ ভিতৰত মোৰ হাৰ ডাল উলিয়াই দে । নহ'লে তোৰ আজি বৰ বেয়া দশা হ'ব।
       : মোক আপুনি কাটিলেও কাটক আৰু মাৰিলেও মাৰক । মোক বিশ্বাস কৰক বাইদেউ মই মোৰ মৃত স্বামীৰ শপত খাই কৈছোঁ,মই আপোনাৰ হাৰ ডাল চোৰ কৰা নাই।
        : বাচ..হ'ব বহুত হ'ল তোৰ নাটক। বেছি সতী সাবিত্ৰী নেদেখুৱাবি। চালা ভিক্ষাৰীৰ জাত।তোক কাম কৰিবলৈ দিয়াটোৱেই মোৰ ডাঙৰ ভূল আছিল। মোৰ হাৰ ডাল চোৰ কৰিছ আৰু এতিয়া নাই নিয়া বুলি ক'ব আহিছ।
    দুয়োজনীৰ মাজত মত বিৰোধ লাগি‌ থকাৰ সময়তেই মিনতিৰ ঘৰলৈ মিছেছ বৰুৱানী আহিল। মিনতিয়ে বৰুৱানীক বহিবলৈ দি সকলোবোৰ কথা ভাঙি পাতি ক'লে। সকলোবোৰ কথা শুনাৰ পিছত বৰুৱানীয়ে মিনতিৰ হাতত তেওঁৰ হেৰুৱা হাৰ ডাল তুলি দিয়ে।
       বৰুৱানীৰ হাতত হাৰ ডাল দেখি মিনতি আচৰিত হ'ল। 
      : এই ডাল আপুনি ক'ত পালে বৰুৱানী।
      বৰুৱানীয়ে এটা হাঁহি মাৰি ক'লে -
   : আচলতে যোৱা দেওবাৰে মোৰ জেঠাইৰ ডাঙৰ ছোৱালীজনীৰ বিয়া আছিল আৰু সেই বিয়ালৈ পিন্ধি যাবৰ বাবে মোৰ কাপোৰ জোৰৰ লগত মিলাব পৰাকৈ এডাল হাৰ নাছিল। বহুত ভাবি আপোনাৰ হাৰ ডালৰ কথা মনত পৰিল আৰু সেইয়ে আপোনাৰ হাৰ ডাল বিচাৰি মই যোৱা দেওবাৰে আহিছিলো। সেই সময়ত আপুনি ঘৰত নাছিল। সেয়েহে গাৰ্গীয়ে মোক আপোনাৰ হাৰ ডাল দিলে।
                   গাৰ্গী অৰ্থাৎ মিনতিৰ জীয়েক তাই সেই সময়ত ঘৰত নাছিল।তাই থকা হ'লেও ঘৰখনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নহ'লহেঁতেন। মিছেছ বৰুৱানীৰ মুখৰ পৰা আচল কথাটো জানিব পাৰি মিনতিয়ে নিজৰ ভুল উপলব্ধি কৰি কণমাইক ক্ষমা খুজিলে।
          সকলোবোৰ ভুল বুজাবুজিৰ দূৰ কৰাৰ পাছত মিছেছ বৰুৱানী ঘৰলৈ উভতি আহিল । বৰুৱানীৰ পাছে পাছে এটি বিষন্ন মন লৈ কণমাই‌ও ঘৰলৈ উভতি আহিল। কণমাইয়ে ঘৰলৈ উভতাৰ পথত বাটতে এটা মানিবেগ হেৰাই পালে। কণমাইয়ে বেগটো ৰাস্তাৰ পৰা লও নলওকৈ বুটলি ঘৰলৈ লৈ আহিল। হেৰাই পোৱা বেগটো ঘৰলৈ আনি কণমাইৰ নিজকে বৰ দুখী দুখী যেন অনুভৱ হ'ল। হেৰাই পোৱা বেগটো কণমাইয়ে পাহীৰ আগত দেখুওৱালত পাহীয়ে বৰ ভাল পালে। তাৰ পাছত কণমাইয়ে মানিবেগটো খুলি চাই দেখিলে নতুন পাঁচশ টকীয়া নোট চাৰিখন। পাঁচশ টকীয়া নোট কেইখন দেখি পাহীৰ বৰ ফূৰ্তি লাগিল। তাই মাকক ক'লে - "মা আজি আমি মাংস খাম দেই।" জীয়েকৰ কথা শুনি কণমাইয়ে তাইক বুজনি দি ক'লে - " মাজনী, অন্য বস্তুৰ প্ৰতি লোভ থাকিব নাপায় নহয়। এইয়া আনৰ কষ্টৰ টকা। গতিকে ইয়াক আমি ঘূৰাই দিয়াটোহে আমাৰ প্ৰধান কৰ্তব্য। পাহীয়ে মানিবেগটো খুচৰি খুচৰি চাই থাকোঁতে একপি ফটো দেখা পালে। পাহীয়ে মানিবেগটোৰ পৰা ফটো কপি উলিয়াই মাকক দিয়ে। কণমাইয়ে ফটোখন জীয়েকৰ পৰা লৈ ভালদৰে চালে । তাৰ পাছত জীয়েকক ক'লে- '"অ এইখন দেখোন অথনি মিনতি বাইদেউ ঘৰলৈ অহা বৰুৱানী বাইদেউৰ ফটো। তাৰ মানে এই বেগটো বৰুৱানী বাইদেউৰ।
           ‌পাছদিনা খন কণমাইয়ে জীয়েকক লগত লৈ মিছেছ বৰুৱানীৰ মানিবেগটো দিবৰ বাবে তেওঁলোকৰ ঘৰ গৈ ওলাল। কণমাইয়ে বেগটো বৰুৱানীৰ হাতত চমজাই দিয়ে। আচলতে সেইদিনাখন মিছেছ বৰুৱানীয়ে কণমাইৰ দুখ সহিব নোৱাৰি জানি বুজিয়েই তাইৰ লৈ বুলি বেগটো ৰাস্তাত থৈ আহিছিল।
          : তুমি মোক বেগটো ঘূৰাই নিদিয়া হ'লেও হ'ল হয়। ইমান অভাৱৰ মাজত চলি আছা । টকা কেইটা বৰ্তমান তোমাৰ হে বেছি প্ৰয়োজন আছে।
          : বাইদেউ আমি দুখীয়া হ'ব পাৰোঁ। কিন্তু আমাৰ আৱেগ অনুভূতি আছে।আনৰ বস্তুৰ প্ৰতি আমাৰ কোনো ধৰনৰ আক্ষেপ নাই।কাৰো বস্তু বিনা অনুমতিত গ্ৰহণ নকৰোঁ। ভগৱানে দুখন হাত দিছে যেতিয়া নিজে কষ্ট কৰি উপাৰ্জন কৰিম।
         কণমাইৰ কথা কেইষাৰে মিছেছ বৰুৱানীৰ অন্তৰত তাইৰ প্ৰতি গভীৰ সহানুভূতি ভাৱ জগাই তুলিলে।
       : কণমাই তোমাৰ হৃদয় খন সঁচাই বৰ পবিত্ৰ। তুমি চিন্তা নকৰিবা তোমাৰ জীৱনলৈও এদিন নিশ্চয় ভাল দিন‌ আহিব। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখা।
       মিছেছ বৰুৱানীৰ গিৰিয়েকজন চাকৰি সূত্ৰে বাহিৰত থাকে। তেওঁলোকৰ ‌কোনো সতি সন্ততিও নাই। সেয়েহে বৰুৱানীৰ সৰল মনটোৱে কোনো ধৰনৰ কপটতাৰ ভাৱ নথকা দুৰ্ভগীয়া কণমাই আৰু কণমানি পাহীক তাইৰ লগতে থাকিবলৈ অনুৰোধ কৰে।
     : কণমাই আজিৰ পৰা তোমালোক‌ দুজনী মোৰ ঘৰতে থাকিবা।কাম কৰা সদস্যা ৰূপে নহয় মোৰ ভনী হিচাপে।
    বৰুৱানীয়ে এই বাৰ কণমানি পাহীলৈ চাই ক'লে -
   : মাজনী কি নাম তোমাৰ?
   : নমস্কাৰ বাইদেউ মোৰ নাম শ্ৰী মতী পাহী বৰা।
   : বৰ ধুনীয়া নাম মাজনী।  
                এই বুলি কৈ বৰুৱানীয়ে পাহীক মৰমতে এটি চুমা যাচিলে। বৰুৱানীয়ে আকৌ পাহীক সুধিলে-
   : মাজনী তুমি স্কুল যোৱা নে? 
   : মই স্কুল নাযাও নহয় বাইদেউ।
   : মাজনী তুমি মোক আজিৰ পৰা বাইদেউ নহয়। ডাঙৰ মা বুলি মাতিবা আৰু এতিয়াৰ পৰা তুমি স্কুল যাব পাৰিবা।
   : আপুনি সঁচাই কৈছে নে ? ডাঙৰ মা ।
    পাহীৰ মুখেৰে মা শব্দটো শুনি বৰুৱানীৰ হিয়া হাত পৰি গ'ল। বৰুৱানী অলপ আৱেগিক হৈ পৰিল। তাৰ পাছত পাহীক বৰুৱানীয়ে বুকুৰ মাজত সোমাৱাই ক'লে -
    : অ'.. মাজনী তুমি আন ল'ৰা- ছোৱালীৰ দৰে স্কুল যাবা । পঢ়ি শুনি ডাঙৰ মানুহ হৈ মাৰ দুখ বোৰ নাইকিয়া কৰিবা।
    "মই স্কুল যাম" .. য়ে.." বুলি কৈ পাহীয়ে আনন্দত জপিয়াই উঠিল।
      কণমাইয়ে মিছেছ বৰুৱানীৰ কথা কেইষাৰ শুনি স্থিৰেৰে থাকিব নোৱাৰিলে। তাই কান্দি কান্দিয়েই বৰুৱানীৰ চৰণত দীঘল দি পৰিল। কণমাইৰ চকুলোৱে মিছেছ বৰুৱানীৰ ভৰিৰ পতা দুখন তিয়াই পেলালে।
     : এই কণমাই কি কৰিছা । নাপায় নহয় উঠা।
      বৰুৱানীয়ে কণমাইৰ গাত দুয়ো হাতেৰে সাৱটি ধৰি তাইৰ অশ্ৰুসীক্ত নয়ন জুৰি মচি দিয়ে।
     : বাইদেউ আপুনি সঁচাই বৰ মহান । পৃথিৱী খনৰ যদি প্ৰত্যেকজন মানুহ আপোনাৰ দৰে দয়ালু হ'লহেঁতেন । তেতিয়া হ'লে আজিৰ সমাজত আমাৰ দৰে খাটি খোৱা মানুহবোৰ উচ্চ শ্ৰেণী লোকৰ পৰা পদে পদে নিৰ্যাতিত নিস্পেষিত হ'বলগীয়া নহ'ল হেঁতেন আৰু....। কণমাইৰ কথাকেইষাৰ কৈ শেষ নহওঁতেই বৰুৱানীৰ ম'বাইললৈ বৰুৱাৰ ফ'ন আহিল।
        : হেল্ল, কি কৰি আছা।
        
    : মই মোৰ ভনী আৰু মোৰ ছোৱালী জনীৰ লগত কথা পাতি আছিলো....।
           বৰুৱানীয়ে গিৰিয়েকক ক'লে।
       বৰুৱানীৰ কথা শুনি বৰুৱা অবাক হৈ গ'ল। প্ৰথম অৱস্থাত বৰুৱাৰ কথাবোৰ শুনি সাঁথৰ সাঁথৰ যেন লাগিল।তাৰ পাছত যেনিবা আচল কথাটো বৰুৱানীয়ে গিৰিয়েকক ভাঙি পাতি বুজাই ক'লে। সকলোবোৰ কথা জনাৰ পাছত বৰুৱাই বৰ সন্তোষ পালে। তাৰ পিছত বৰুৱানীয়ে কণমাণি পাহীৰ লগত বৰুৱাক কথা পাতিবলৈ দিয়ে।
          কণমাইৰ সেই সকলোবোৰ দৃশ্য নীৰৱে চাই মাথোঁন সপোন সপোন যেন লাগিল। আনন্দত আৱেগতে তাইৰ চকুৱেদি মাথোঁ দুধাৰী অশ্ৰুৰ বন্যা বাগৰি পৰিল।
                   ‌ ‌                                
                                                                           
                                                 
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)