অচিন প্ৰেয়সীৰ মনৰ বতৰা ~ আৰ্জিনা বেগম

Mousumi Bhuyan
0
প্ৰিয়,

            খবৰ সুধিলে নিশ্চয় ভাল বেয়াৰেই সামৰিব! যদি সোধো হিয়াৰ বতৰা দিব জানো সঁচাকৈ? প্ৰিয়, ৰহণ সানি ক'ব নাজানোঁ সেয়ে একেবাৰেই কৈ দিওঁ ভাল পাওঁ আপোনাক। বাৰু মই মোৰ বতৰা দিলোঁ আৰু আপুনি.…?শিকাই দিব নেকি মৰম কি মোক...!
এই যে আপোনাক দেখিলে হয় হৃদস্পন্দনৰ অস্বাভাৱিক আচৰণ, দুচকুৰ হাঁহি, অস্ফুট স্বৰেৰে ওঁঠযুৰিৰ পৰা নিগৰা সেই সাঁচতীয়া কথাটি..."ভাল পাওঁ আপোনাক"! এয়াই নেকি মৰম ? অতি আক্ষেপেৰে কওঁ যে মৰম দিব একেবাৰে নাজানো। আৰু হেঁপাহেৰে কওঁ যে মৰম কি আপোনাৰ পৰাই শিকিব খোজোঁ । শুনিছোঁ মৰমৰ সংজ্ঞা নাই। তথাপি যদি হয় মৰমৰ সংজ্ঞা, সেয়া আপোনাৰ মাজতেই সীমাবদ্ধ কৰিব খোজোঁ। মৰম কি আপোনাৰ পৰাই বুজিব বিচাৰোঁ। 
 হৃদয়ৰ সেউজীয়াবোৰ হালধীয়া আৰু হালধীয়াৰ পৰা ৰাঙলী হোৱাৰ যি সময় , তাক বাৰু প্ৰেমাময় সময় ক'ব পাৰোঁ নেকি প্ৰিয়! যদি মই ভাল পোৱা ব্যক্ত কৰি কওঁ আবেলিৰ বৰণ দুগালত আঁকি দি , হিয়াৰ খবৰ হিয়াত সঁপি, হাতৰ মুঠিত হাতখন খামুচি দুয়ো একেলগে পাৰ কৰিব খোজোঁ আমাৰ সময়। যদিহে আপুনি দিয়ে সঁহাৰি মৰমৰ। ভাল পাওঁ আপোনাক । প্ৰিয়, দিব নে মোক আপোনাৰ মৰম?


                             মৰমেৰে______
                        আপোনাৰ অচিন প্ৰেয়সী
                          ঠিকনাঃ মৰম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)