ইতিহাসৰ আধৰুৱা খবৰবোৰ
বতাহত ওপঙি ফুৰে।
স্ব-নিৰ্বাসিত মিছিলবোৰ
কান্ধ সলাই আগুৱাই থাকে।
চকুত সাৰে থাকে
অনাগত সপোনৰ উদ্দাম মাতলামি।
খোলা চুলিকোচাত কাব্যিক মেঘ-বিলাস।
পাৰ্কৰ নিভৃত কোণত
এখন বাদামৰঙী বেঞ্চ।
গুপ্ত আঙুলিৰ স্পৰ্শ সুখত
বিলাসী সন্ধিয়াৰ গোলাপী আলাপ।
বেচিজিল ইতিহাসৰ পৃষ্ঠাত
অশৰীৰি জীৱাশ্মৰ ছাপ ।
বৃষ্টিমুখৰ ৰাতিটো
চুই চোৱাৰ হেঁপাহত সাৰে থাকে
অভিজাত মানুহৰ মডুলাৰ স্নানঘৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ