শৰীৰটো বৰ বেয়াকৈ সেঙেটা পৰিছে ~ প্ৰশান্ত বাৰিক

Mousumi Bhuyan
0
বকুত দপদপাই থকা জুই কুৰাই কোনোমতেই উত্তাপিত কৰিব পৰা নাই হিমচেঁচা কলিজাটো ৷
দেৱলাত শব্দবোৰৰ আৰ্তনাদত ফাটি পৰিছে চহৰখন৷
বিজ্ঞাপনৰ ছবিবোৰত চিটিকি পৰে বিবৰ্ণ সময়ৰ সাধুকথাবোৰ৷ গলি এটাত 
সিদিনা
কেছুৱাটো কোলাত ওলমাই 
ওৰে ৰাতি কপি আছিল তাই৷ 
 অচিন্ন নাড়ীত লেকেটা লাগিছিল
বেবিলিয়ন সভ্যতা ৷
পিৰিক পাৰাককৈ ৰৈ আছিল আন্ধাৰবোৰ 
শেলুৱৈ পদুলিবোৰত
ৰাতি নমা পৰলৈ৷
আন্ধাৰত সভ্যতাৰ খেলখন জমি উঠে,
চহৰখনে পাহৰি যায়
মানুহ আৰু অমানুহৰ সীমাৰেখাডাল৷
গোটেই চহৰখনেই এতিয়া শীতত কোঙা পৰিছে৷
মই বেলিটো মুৰত লৈ
ৰৈ আছো সাধুকথাৰ কেঁকুৰিটোত
জুই একুৰা অহালৈ বাট চাই ৷


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)