মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠিত একেশ্বৰবাদী নব্য বৈষ্ণব ধৰ্ম পৰম্পৰাৰ প্ৰবাহত শ্ৰীশ্ৰীবৰভকতি সত্ৰই এক বিশেষ ঐতিহাসিক আৰু ধৰ্মীয় তাৎপৰ্য্য বহন কৰে। শ্ৰীমন্ত শংকৰদেৱৰ আজ্ঞাপ্ৰাপ্ত ধৰ্মাধিকাৰ 'কাশ্যপ'গোত্রীয় শ্ৰীশ্ৰী সতানন্দদেৱ (বৰভকত আতা)ৰ জ্যেষ্ঠ পুত্ৰ জয়কৃষ্ণদেৱৰ মৃত্যুৰ পিছত পুৰণিগড় সত্ৰৰ পৰম্পৰাগত বংশধৰসকলে বিভিন্ন স্থানত পৃথক পৃথক সত্ৰ প্ৰতিষ্ঠা কৰে।জয়কৃষ্ণ দেৱৰ দ্বিতীয় সন্তান বলাইৰামদেৱে উত্তৰ–পূব দিশে গমন কৰি স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৃষ্ঠপোষকতাত ১৬৬৭ খ্ৰীষ্টাব্দ (১৫৮৯ শক) চনত বৰভকতি সত্ৰ প্ৰতিষ্ঠা কৰে। সত্ৰটোৰ নামকৰণৰ সৈতে এক বিশেষ ঐতিহাসিক কাহিনী জড়িত। সতানন্দদেৱৰ আধ্যাত্মিক জ্ঞান আৰু ভক্তিৰ গুণত মহাপুৰুষ শংকৰদেৱ গভীৰভাৱে প্ৰভাৱিত হৈছিল। এদিন সতানন্দদেৱে নিজৰ চাৰিজন পুত্ৰ—জয়কৃষ্ণ, মহাকৃষ্ণ, ত্রাহিকৃষ্ণ আৰু বাপুকৃষ্ণ বা শ্রীকৃষ্ণদেৱ—ৰ নাম উল্লেখ কৰাত শংকৰদেৱ বিস্মিত হৈ কৈছিল, “বসুদেৱৰ গৃহত এজন কৃষ্ণ, তোমাৰ গৃহত চাৰি কৃষ্ণ। তুমি বৰভক্ত, তুমি বৰভকত।”
এই শুভাশীৰ্বাদত প্ৰসন্ন সতানন্দদেৱক “বৰভক্ত” নামেৰে সন্মানিত কৰা হয়। সেই সন্মানৰ স্মৃতিৰক্ষা স্বৰূপে সতানন্দদেৱৰ নাতি বলাইৰামদেৱে প্রতিষ্ঠা কৰা সত্ৰখনৰ নাম “বৰভকতি সত্ৰ” ৰাখে। এইদৰে সতানন্দদেৱৰ আধ্যাত্মিক গুণ আৰু গুৰুপ্ৰদত্ত উপাধিৰ স্মৃতি বৰভকতি সত্ৰৰ নামৰ সৈতে উজ্বল হৈ আছে।বৰভকতি সত্ৰৰ আদিপুৰুষ শ্ৰীশ্ৰী সতানন্দদেৱৰ জন্মস্থান আছিল বৰ্তমানৰ বিশ্বনাথ জিলাৰ অন্তৰ্গত চাৰিকৃষ্ণ থান। এই থানৰ পূবে বুঢ়ীগঙ্গা নদী, পশ্চিমে সাধাৰুজান, উত্তৰে গলয়া আৰু দক্ষিণে ব্রহ্মপুত্ৰ নদীৰে বেষ্টিত। সতানন্দদেৱৰ উপৰিপুৰুষ সদানন্দগিৰিদেৱ মূলতে কনৌজৰ পৰা আহি বসতি স্থাপন কৰা সাতঘৰ পণ্ডিত কায়স্থ আৰু সাতঘৰ পণ্ডিত ব্ৰাহ্মণৰ অন্যতম আছিল।
সদানন্দগিৰিদেৱৰ পুত্ৰ ভৱানন্দগিৰিদেৱ, তৎপৰ পুত্ৰ সৰ্বানন্দগিৰিদেৱ, তৎপুত্ৰ জগতানন্দগিৰিদেৱ আৰু তৎপুত্ৰ সতানন্দদেৱে এই ধৰ্মীয় বংশ পৰম্পৰা আগবঢ়ায়। সতানন্দদেৱ মূলতে ঘোৰ শাক্ত ধৰ্মাৱলম্বী আছিল, যাৰ ফলস্বৰূপে তেওঁৰ অন্য নাম আছিল ‘দেৱীদাস’। তথাপি পিতৃ-মাতৃৰ প্ৰতি অনন্য ভক্তি আৰু স্নেহৰ বাবে সমাজে তেওঁক ‘ভকত বৎসল’ বুলি অভিহিত কৰে। এইদৰে শ্ৰীশ্ৰী বৰভকতি সত্ৰৰ উৎপত্তি কেৱল এটা ধৰ্মীয় প্রতিষ্ঠান নহয়; ই এক গৌৰৱময় বৈষ্ণৱ পৰম্পৰাৰ ঐতিহাসিক ধাৰাবাহিকতাৰ সাক্ষী। সতানন্দদেৱৰ আধ্যাত্মিক বোধ, শংকৰদেৱৰ আশীৰ্বাদ আৰু বলাইৰামদেৱৰ প্ৰতিষ্ঠা প্ৰচেষ্টাই একেলগে বৰভকতি সত্ৰক অসমৰ ধৰ্ম, সংস্কৃতি আৰু সমাজ জীৱনৰ এক প্ৰভাৱশালী আধ্যাত্মিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে।
শ্ৰীশ্ৰী বৰভকতি সত্ৰ পুৰুষ সংহতিৰ অন্তৰ্গত সতানন্দীয় থুলৰ এক প্ৰসিদ্ধ সত্ৰ। ইতিহাস অনুসাৰে, সতানন্দদেৱৰ চাৰিজন পুত্ৰৰ জীৱনযাত্ৰাই সত্ৰপ্ৰথাৰ বিস্তাৰত মুখ্য ভূমিকা পালন কৰে। ডফলাৰ উপদ্ৰৱৰ ফলত তেওঁলোক প্ৰায় ১৬০৯ চনৰ পৰা ১৬১৮ চনৰ ভিতৰত উত্তৰ পাৰৰ পৰা স্থানান্তৰ কৰি কলিয়াবৰলৈ আহে। তেখেতসকলৰ ভিতৰত জ্যেষ্ঠজন জয়কৃষ্ণদেৱে প্ৰথমে জয়সাগৰৰ পাৰত খুঁটা মাৰি এক সত্ৰ প্ৰতিষ্ঠা কৰে। আজিও সেই স্থান “খুঁটামৰা” নামে পৰিচিত। ধাৰণা অনুসৰি, জয়কৃষ্ণদেৱৰ নামৰ স্মৃতিৰক্ষাৰ উদ্দেশ্যে সেই সমীপৱৰ্তী অঞ্চলটোকেই “জয়সাগৰ” বুলি কোৱা আৰম্ভ হয়। কিন্তু স্থানিক পৰিস্থিতি আৰু অন্যান্য অসুবিধাৰ কাৰণে তেওঁ পিছলৈ বৰাগা আলিৰ দিশে গতি কৰি পূবথৰীয়া গাঁৱত স্থায়ীভাৱে সত্ৰ স্থাপন কৰে, যাক এতিয়া “পুৰণিগড়” বা “পুৰণিঘৰ সত্ৰ” নামেৰে জনা যায়। সেই সত্ৰতেই জয়কৃষ্ণদেৱৰ বৈকুণ্ঠপ্ৰয়াণ ঘটে।
জয়কৃষ্ণদেৱৰ মৃত্যুৰ পিছত দ্বিতীয় পুত্ৰ বলাইৰামদেৱ উত্তৰ-পূব দিশে গতি কৰি সেই সময়ৰ জুলিয়ৰী গাঁৱত, কলঙ নদীৰ উত্তৰ পাৰে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত বৰভকতি সত্ৰ প্ৰতিষ্ঠা কৰে। এই সত্ৰখনেই পৰৱৰ্তীকালত সতানন্দীয় ধৰ্মপ্ৰবাহৰ অন্যতম প্ৰধান কেন্দ্ৰ ৰূপে বিকশিত হয়।গুৰুজনৰ উপদেশ অনুসৰি সতানন্দদেৱে তেওঁৰ পুত্ৰসকলৰ ভিতৰত জ্যেষ্ঠ তিনিজন—জয়কৃষ্ণ, মহাকৃষ্ণ আৰু ত্রাহিকৃষ্ণক—শৰণ, ভজন, মালা আৰু মন্ত্র প্ৰদান কৰি ধৰ্মপ্ৰচাৰৰ দায়িত্ব অৰ্পণ কৰিছিল। কনিষ্ঠ সন্তান শ্ৰীকৃষ্ণ (অথবা বাপুকৃষ্ণ) সেই সময়ত অপ্রাপ্তবয়স্ক আছিল, সেয়েহে তেওঁক ধৰ্মবস্তু প্ৰদান কৰা নহ'ল। পাছত শ্ৰীকৃষ্ণদেৱে গুৰু নাতি শ্ৰীশ্ৰী পুৰুষোত্তম ঠাকুৰদেৱৰ ওচৰত দীক্ষা গ্ৰহণ কৰে আৰু ধৰ্মবস্তু লাভ কৰে।
সত্ৰাধিকাৰ শুভচন্দ্ৰ দেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত ১৯৫৮ চনৰ পৰা ১৯৭৯ চনলৈ পদ্মকান্তদেৱে শ্ৰীশ্ৰী বৰভকতি সত্ৰৰ সত্ৰাধিকাৰ হিচাপে সত্ৰ পৰিচালনা কৰে। তেওঁৰ মৃত্যুৰ পিছত তেখেতৰ পৰা ডেকা নিৰ্মালি গ্ৰহণ কৰা ডেকাসত্ৰাধিকাৰদ্বয় ক্ৰমে কনকচন্দ্ৰদেৱে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ আৰু ১৯৮৫ চনৰ পৰা ২০০৬ চনলৈ প্ৰভাতচন্দ্ৰদেৱে “ডেকা অধিকাৰ” হিচাপে সত্ৰৰ পৰম্পৰাগত নিয়ম অনুসৰি সত্ৰ পৰিচালনা কৰে। ২০০৬ চনৰ পৰা ২০০৮ চনলৈ গোলোক চন্দ্র দেৱে সত্ৰ পৰিচালনা কৰে।
বৰভকতি সত্ৰৰ নামানুসাৰে গোটেই অঞ্চলটোক ‘বৰভকতি’ বুলি জনা যায়। অতীতে এই অঞ্চলৰ ৰাইজৰ ঈশ্বৰ-উপাসনাৰ একমাত্ৰ কেন্দ্ৰ আছিল সত্ৰ আৰু ইয়াৰ কীৰ্ত্তনগৃহ। জনসংখ্যা বৃদ্ধিৰ ফলত পৃথক পৃথক নামঘৰ গঢ় উঠিলেও, সত্ৰীয়া আদৰ্শৰ মূলচেতনা — জাতি-বৰ্ণ নির্বিশেষে সম্প্রীতি আৰু সমন্বয় — আজিও অক্ষুণ্ণ হৈ আছে।সত্ৰৰ দক্ষিণফালে অৱস্থিত ঐতিহাসিক দুলাল মাধৱ দেৱালয়ৰ সৈতে বৰভকতি সত্ৰৰ এক গভীৰ আত্মিক সম্পৰ্ক আছে। সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ পূর্ণচন্দ্ৰদেৱ আৰু দেৱালয়ৰ ঠাকুৰ পদ্মকান্তদেৱ একে সময়ৰ সখী আছিল। সেই সময়ৰ সেই ভ্ৰাতৃসুলভ সম্পৰ্কই আজিও সত্ৰ আৰু দেৱালয়ৰ মাজত সমন্বয় আৰু সম্প্ৰীতিৰ বন্ধন অটুট ৰাখিছে।দেৱালয়ৰ বৈকুণ্ঠগামী পুৰোহিত তথা সত্ৰীয় সংস্কৃতিৰ সাধক উমাকান্ত বৰঠাকুৰ (বাপুকণদেউ) দেৱে সত্ৰৰ বিগ্ৰহ পূজাৰ দায়িত্বও পালন কৰিছিল — যাৰ ফলত সত্ৰীয়া ধৰ্মীয় ঐক্যৰ এক উৎকৃষ্ট নিদৰ্শন স্থাপিত হৈছে।
শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ মুখ্য উৎসৱ হিচাপে ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিৰ এক বিশেষ গুৰুত্ব আছে। এই দিনটো সত্ৰৰ আদিপুৰুষ শ্ৰীশ্ৰী সতানন্দদেৱ গোসাঁইৰ তিৰোভাৱ তিথি হোৱাৰ বাবে সত্ৰত গভীৰ ভক্তি আৰু আধ্যাত্মিক ভাৱ গাম্ভীৰ্যৰে এই তিথি পালন কৰা হয়। আগতে এই তিথি উপলক্ষে তিথিৰ আগদিনাৰ পৰাই গন্ধবাদন আৰম্ভ হৈ তিথিৰ দিনা প্ৰাতঃপ্ৰসঙ্গ, পিণ্ডদান, নাম-প্ৰসঙ্গ, ভাওনা-সবাহ আদি বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। বিশেষকৈ তিথিৰ দিনা বিয়লি ভাগত প্ৰতিবছৰে ‘খটাসুৰ বধ’ নাটভাগ মঞ্চস্থ কৰাটো এক নিয়মিত পৰম্পৰা আছিল। সময়ৰ সৈতে কিছু পৰিবৰ্তন আহিলেও, বৰ্তমান গন্ধকীৰ্তন, প্ৰাতঃপ্ৰসঙ্গ আৰু নাম-প্ৰসঙ্গৰ মাজেৰে এই তিথিভাগ ভক্তিপূৰ্ণ পৰিৱেশত উদ্যাপন কৰা হয়।
ইয়াৰ উপৰি শ্ৰীশ্ৰীবৰভকতি সত্ৰত ভাদ মাহত শ্ৰীশ্ৰী শংকৰদেৱৰ তিথি, মাধৱ পুৰুষৰ তিৰোভাৱ তিথি, জন্মাষ্টমী, ৰাস পূৰ্ণিমা, ফল্গুৎসৱৰ লগতে তিনিওটা বিহু পালন কৰা হয়। কিছুবছৰ আগলৈকে ফল্গু পূৰ্ণিমাৰ দিনা সত্ৰৰ মহাপ্ৰভু কলীয়া গোসাঁইক পূজা-অর্চনা কৰি গাঁও পৰিভ্ৰমণ কৰোৱাটোও এক গুৰুত্বপূৰ্ণ ধৰ্মীয় পৰম্পৰা আছিল।
তাৰোপৰি, সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ, ডেকা অধিকাৰ, সত্ৰীয়া আৰু আইসকলৰ তিৰোভাৱ তিথিসমূহো সত্ৰত যথাযোগ্য মৰ্যাদা আৰু ভক্তিৰে বিশেষভাৱে পালন কৰা হয়। এই সকলো আয়োজনে শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ ধৰ্মীয় ঐতিহ্য, ভক্তি আৰু সাংস্কৃতিক পৰম্পৰাক জীৱন্ত কৰি তুলিছে।
শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ ধৰ্মীয় তথা সত্ৰীয়া পৰম্পৰাক আগবঢ়াই নিবলৈ সত্ৰত বিভিন্ন দায়িত্বত নৱ অভিষিক্ত ব্যক্তিসকলক নিযুক্ত কৰা হৈছে। সত্ৰাধিকাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে প্রয়াত গোলোক চন্দ্ৰ মহন্তদেৱৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীধীৰেন চন্দ্ৰ মহন্তই । ডেকা সত্ৰাধিকাৰৰ দায়িত্বত নিযুক্ত হৈছে শ্ৰীচন্দ্ৰকান্ত মহন্ত, প্রয়াত কমলেশ্বৰ মহন্তদেৱৰ দ্বিতীয় পুত্ৰ। মেধিৰ দায়িত্ব পালন কৰিছে শ্ৰীতৰুণ শইকীয়া, যি প্রয়াত নলিনী শইকীয়াদেৱৰ একমাত্র পুত্ৰ। গায়ন আৰু নামলগোৱা হিচাপে প্ৰয়াত জীৱন বৰাদেৱৰ তৃতীয় পুত্ৰ শ্ৰীদিলীপ বৰা আৰু বায়ন হিচাপে চতুৰ্থ পুত্র শ্ৰীঅনিল চন্দ্ৰ বৰাই দায়িত্ব লাভ কৰিছে। মুক্তিয়াৰৰ দায়িত্বত প্রয়াত তিলক চন্দ্ৰ ফুকনদেৱৰ দ্বিতীয় পুত্ৰ শ্ৰীপঙ্কজ ফুকন আৰু পাঠকৰ দায়িত্বত শ্ৰীলক্ষী প্ৰসাদ চাউলখোৱা, প্রয়াত ৰবিৰাম চাউলখোৱাদেৱৰ একমাত্র পুত্ৰ নিযুক্ত হৈছে। খাটনিয়াৰৰ দায়িত্ব শ্ৰীপংকজ হাজৰিকাক অৰ্পণ কৰা হৈছে, যি প্রয়াত ডম্বৰুধৰ হাজৰিকাদেৱৰ একমাত্র পুত্ৰ। গায়নবৰা হিচাপে শ্ৰী ধৰণী বৰা, প্রয়াত জীৱন বৰাদেৱৰ পঞ্চম পুত্ৰই দায়িত্ব গ্ৰহণ কৰিছে। পাচনি হিচাপে নিযুক্ত হৈছে শ্ৰী কুমুদ বৰা, যি প্রয়াত গন্ধৰাম হাজৰিকাদেৱৰ জীয়ৰী নাতি আৰু আলধৰা হিচাপে প্রয়াত হৰনাথ হাজৰিকাদেৱৰ একমাত্র পুত্ৰ শ্ৰী নবীন হাজৰিকা দায়িত্বত অধিষ্ঠিত হৈছে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ