মোৰ অনুভৱ কবিতা মাথোঁ তুমি ~ প্ৰৱীণ ৰাজবংশী

Mousumi Bhuyan
0
আকাশৰ তলত বহিছোঁ,
অনুভৱ কবিতাৰ শব্দ 
লিখিছো মাথোঁঁ কবিতা 
হেৰাই যোৱা জোনাকী দেশৰ
এসাগৰ সঁচা মানৱতাৰ ৷

কৃষ্ণচূড়া সেই ৰং নাই আজি
জোনাকৰ নাই আজি সেই হাঁহি
য’ত মই বিচাৰি পাওঁ
সতেজ অনুভৱৰ মাদকতা
বিচাৰি পাওঁ মোৰ কবিতা
নিভাঁজ শব্দৰ ঝংকাৰ গুণগুণনি ৷

ৰহনসনা বিলিটিয়ে হাঁহিটি মাৰি
যাবলৈ উলাইছে পশ্চিমৰ আকাশত
নাই কোনো আক্ষেপ নাই কোনো বিসাদ
আছে মাথোঁ এসাজৰ সতেজ হাঁহি
মোৰ অনুভৱ কবিতা মাথোঁ তুমি ৷

কথাবোৰ কোৱা নহল
কথাবোৰ আগৰ দৰেই থাকিল
কম বুলি ভাৱি থকাৰ দৰে
আকৌ কাহানিবা লগ পালে
কম দিয়া কথাবোৰ 
কবিতাৰ শব্দৰ দৰে 
সঁচা মানৱতাৰ অনুভৱৰ দৰে
মোৰ কবিতাৰ অনুভৱ মাথোঁ তুমি ৷৷


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)