শিপা ~ কুলেন ভট্টাচাৰ্য্য

Mousumi Bhuyan
0
পাখি মেলি দিয়ে মোৰ.. 
মোবাইলৰ ৰিংটনটিৰ শব্দত নিয়ৰৰ টোপনি ভাগিল।কাষতে থকা মোবাইল তুলি চালে।ঝৰ্ণা বাইদেউৰ ফোন। 
হেল্ল', বাইদেউ। 
'তোমাৰ খবৰটি শুনি সুখী হ'লো।কোনদিনা জইন?'
'ধন্যবাদ বাইদেউ,অহা ১১ ডিচেম্বৰত।আশীৰ্বাদ কৰিব।'
প্ৰায় ৩০মিনিট কথা পাতিলে সি।আচলতে তাৰ অসম অসামৰিক সেৱাত বাছনিৰ বৰ্তাটোৰ বাবে বহুলোকে শুভেচ্ছা দিছে।মিডিয়াই ভৰি আছে এইকেইদিন।হেজাৰজনৰ শুভেচ্ছা।এনে যান্ত্রিকতাৰ প্ৰতি তাৰ আবেগ নাই।কিন্তু,তাৰ শ্ৰদ্ধাৰ নিদিষ্ট ছাৰ-বাইদেউকেইজনৰ ফোন কৰিলে সি নতমস্তক হৈ পৰে।ঝৰ্ণা বাইদেউৱেও সেইসকলৰ অন্যতম। বাইদেউৱে স্কুলীয়া দিনত দিয়া ৰসাল সাধুকথাৰ দৰে কোৱা মহাকাশৰ ৰহস্যবোৰৰ এতিয়াও যেন কাণত বাজি আছে তাৰ।এসময়ৰ সুন্দৰ কণ্ঠৰ বাইদেউজনী এতিয়া এই বয়সতো তাক ফোন কৰি আশীৰ্বাদ দিছে। 
                 'তই বোলে গুৱাহাটীত যাবি,কেতিয়া?' মাকৰ মাতত সি বাস্তবলৈ ঘুৰি আহিল।'ও,যাম,১১টা মানত।'বিছনাৰ পৰা উঠি ততাতৈয়াকৈ গা ধুই ভাত খাই সি গুৱাহাটীলৈ গ'ল, NOC এখন ওলাব লাগিব।বিভাগীয় কৰণীয় আছে কিছু।'
                         গুৱাহাটী সচাই মায়াবী।নকৈ ধুনীয়াকৈ সাজি উঠিছে।কৃষ্ণচূড়াৰ ৰঙে আৰু যৌবনা কৰিছে গুৱাহাটীক।পিছে নতুনকৈ সজা মালিগাওঁৰ ধুনীয়া অভাৰব্ৰিজখনত কোনোবাই গুটখা খাই পেলোৱা পিকবোৰ দেখি তাৰ বেয়া লাগিল,খঙো উঠিল।
য'তে-ত'তে ৰঙাদাগবোৰ।কি হৈছে আমাৰ ন-প্ৰজন্মৰ! মনত পৰিল তাৰ।ক্লাছ ৭ম পঢ়োঁতে এবাৰ প্ৰথমবাৰলৈ সি 'হৰপল' নামৰ এবিধ গুটখা খাইছিল, লগৰ এজনৰ পৰা।ভাগবতী চাৰে দেখি হাতত ১০ কোব দিছিল।ঘৰত আহি মাকক কওতে মাকক কান্দি কান্দি কওতে দেউতাকে শুনি ভাল হৈছে বুলি কৈ চাৰক ফোন কৰি বেয়া দেখিলে আৰু কোব দিবলৈ অনুৰোধ কৰিছিল।আজিকালি তেনে অনুশাসন নায়েচোন।পিছদিনা ভাগৱতী চাৰে তাৰ মৰমেৰে বুজাই কৈছিল গুটখাৰ বেয়া দিশবোৰ।সি খোৱা এৰি দিছিল সিদিনাৰ পৰা।আজিৰ কেইজন অভিভাবকেনো শিক্ষক শিক্ষাৰ্থীক গটাই দিয়ে! সেয়েহে চাগে সমাজৰ এনে অধ:পতন। 
                        আবেলি চাৰিটাত সি ঘৰ পালে।ৰূমত কেইটামান দেখি সি মাকক সুধিলে।'দুপৰীয়া তৰা,নাহৰ, স্মিতা,পিংকী ,শ্ৰী,মণি আৰু কেইজনমান আহি দি গৈছে।তই কিবা কামত যোৱা বুলি কোৱাই ফোন নকৰিলে তোক।' সি হাঁহিলে।তাৰ ছাত্ৰ-ছাত্ৰী সিহঁত।তালৈ উপহাৰ আনিছে।খুলি চালে গ্ৰিটিংছ কাৰ্ড,ডায়েৰি,কলম ইত্যাদি।তালৈ সিহঁতৰ শ্ৰদ্ধাবোৰ।
                             
                 ঘৰৰ পৰা প্ৰায় ২৭ কি.মি.ৰ দূৰত তাৰ কৰ্মৰত বিদ্যালয়খন।গড়বন্ধা মধ্য ইংৰাজী বিদ্যালয়।এবুকু সেউজীয়াৰ মাজত আশ্ৰম সদৃশ বিদ্যালয়খনত সি যোগদানৰ দিনা ভৰি থৈয়ে পুলকিত হৈছিল।শিক্ষকতা তাৰ সৰুৰে পৰা স্বপ্ন আছিল।এনে এক সেউজীয়াৰ মাজত এজাক ল'ৰা-ছোৱালী শিক্ষাদানত কেনেকৈ ৯টা বছৰ পাৰ হৈ গ'ল,সি গমকে নাপালে।এজাক ভবিষ্যত গঢ়াৰ সপোন,তাৰ দুচকুত মাথোন।
             APSC এইবাৰ সি প্ৰথমবাৰলৈ আবেদন কৰিছিল।শিক্ষকতাৰ পৰা বেলেগত যাব তাৰ মুঠেই ইচ্ছা নাছিল,কিন্তু মাক আৰু সুৰঞ্জনা দাস বাইদেউৰ
শাসনসুলভ আদেশৰ বাবে সি আবেদন কৰিছিল।আৰু বাছনিও হ'ল,এবাৰতে।বহুতৰে বাবে এক ইন্সিত সপোন। 
         আজি ১০ নৱেম্বৰ।যোগদানলৈ প্ৰায় এমাহ আছে।সি এইকেইদিন বিদ্যালয় ক্লাছ কৰিব সদায়।যোৱা দুদিন শুভকাংশীৰ দৌৰাত্মত সি বাধ্যতামূলকভাবে ছুটি ল'ব লগীয়া হৈছিল।আজি বিদ্যালয়খন সোমাই বহুদিন নোহোৱা যেন অনুভব হ'ল তাৰ।ল'ৰা-ছোৱালীবোৰ আগুৰি ধৰিলে।সিহঁতৰ কান্দোনৰ মূখ।সি ভাবুক হৈ পৰিল।কিবাকৈ সিহঁতক ক্লাছৰুমলৈ যাব কৈ সি ষ্টাফৰুমত সোমাল।হেডচাৰক মাত লগালে,'চাৰ।'
'কিহে ডেকা ল'ৰা আহিলা?জইন কোনদিনা?'
'১১ ডিচেম্বৰ,চাৰ।'
'তোমালোক সকলোৱে এনেকৈ গৈ থাকিলে,ল'ৰা-ছোৱালীকেইটাৰ কি হ'ব পঢ়া-শুনা।'
'চাৰ!'
'নাই,নাই,ধেমালি কৰিছো দে।'চাৰে হাঁহিলে। 
'মিঠাই ক'ত?'
'চাৰ,কাইলৈ আনিম।'
'হ'ব দিয়া,এইকেইদিন ক্লাছ কেইটামান বেছিকৈ কৰা। ' চাৰে কৈ হাঁহিলে। 
সি মিচিকিয়াই ষ্টাফৰুমত বহিল।
                 সহকৰ্মী সকলোৱে তাক অভিবাদন জনালে।সি যেন ধন্যবাদ দিব গৈও কিবা এটা বুকুত দুখ অনুভব কৰিলে।প্ৰথম ক্লাছটো তাৰ ষষ্ঠ থাকে।অসমীয়াৰ। আজি ক্লাছটোত সকলো শান্ত।তাৰ ভাল নালাগিল।প্ৰণয়ে ক'লে,'চাৰ, আপুনি বোলে বেলেগ ভাল চাকৰিত যাব?'
'কোনে ক'লে তোমাক ভাল চাকৰিত যাম বুলি?'
'দেউতাই।'
নিয়ৰৰ মন ভাৰাক্ৰান্ত হৈ পৰিল।কি উত্তৰ দিব সি।এৰা ভাল চাকৰি নে ভাল পদবী, কি উত্তৰ দিব সি।সি মাথো মিচিকিয়াই হাঁহিলে।ক্লাছটোৰ বাকীবোৰেও তাক ক'ত যাব,কিয় যাব,সিহঁতক কোনে পঢ়াব ইত্যাদি প্ৰশ্ন কৰিব ধৰিলে।সি মাথো হাঁহি থাকিল।বিৰতিৰ আগৰ ক্লাছটোত অষ্টমমানৰ ল'ৰা-ছোৱালীকেইটাই তাক ক'লে,'চাৰ,আপুনি কিয়নো যায়?আপুনি দেখোন কৈছিল আপোনাৰ হেনো জীৱনৰ লক্ষ্য শিক্ষক আছিল। তেন্তে কিয় যায়?আমাক কোনে পঢ়াব ইংৰাজী?'সি নিৰুত্তৰ হৈ হাঁহিলে মাথোন।'ভায়োলিনা আৰু মাইনুই ক'লে,'নালাগে দিয়ক যাব, চাৰ।'আটাইজাকে কৈ উঠিল।সিহঁতৰ কন্দোনমুৱা মুখে তাক বিচলিত কৰি তুলিলে।কোনোমতে সি ক্লাছটো শেষ কৰিলে।
              আবেলি সি ভাড়াৰূমত আহি পোৱাৰ পিছত নাহৰৰ দেউতাকে ফোন কৰিলে।'চাৰ,আমি পঢ়া নাজানো মানুহ,চাৰ,কিবা বোলে ভাল ডাঙৰ চাকৰি পাইছে আপুনি।আমাৰ ল'ৰাটোই আপোনাৰ কথা মতে পঢ়া কৰিছে।আগতেই পঢ়াই নাছিল।নাযাবি এ চাৰ। সিহঁতক পঢ়াই মানুহ কৰ।বেয়া নাপাবি চাৰ,কথা ক'ব নাজানো,লিখা-পঢ়া নজনা মানুহ যে।'মানুহজনৰ কথাই তাক ভাবুক কৰিলে।ৰাতি ভাত খাওতে মাকক কথাবোৰ ক'লে।মাকক কথাবোৰ কোৱা তাৰ বহুদিনীয়া অভ্যাস।মাকে ক'লে,'তই যদি বিচাৰ,শিক্ষক হৈয়ে থাক।'
সি আচৰিত হৈ মাকৰ ফালে চালে।'সমাজ গঢ়ি পাৰে একমাত্র শিক্ষকে।তোৰ প্ৰতি ল'ৰা-ছোৱালীবোৰৰ, অভিভাবকৰ যি বিশ্বাস,সেয়া অমূল্য।টকাই সৰ্বোচ্চ নহয় দে।যি ভাল দেখ,সেয়াই কৰ।'
                      ভাত খাই সি কিতাপ এখন উলিয়াই ল'লে।বহুপঠিত কিতাপখন।নাম 'you can' তাৰ প্ৰিয়
কিতাপ।নাই কিতাপখন পঢ়িব নোৱাৰিলে।ল'ৰা-ছোৱালীবোৰৰ নিষ্পাপ মুখ,নিয়ৰৰ হোজা আপনভোলা দেউতাকৰ কথা, মাকৰ উপদেশ তাৰ মনত ভাহি থাকিল।কি কৰিব সি?এফালে ভবিষ্যত গঢ়াৰ নৈতিক দায়িত্ব, আনফালে উচ্চ পদমৰ্যদা।কি বাছিব সি? 
মনত পৰিল কাহানিও স্কুল নেদেখা দেউতাকে তাৰ শিক্ষকৰ হাতত নিশ্চিত মনে ভবিষ্যত গঢ়াৰ স্বাৰ্থত তাক তুলি দিয়া দিনটোৰ কথা।নাই নাই,সি শিক্ষক হৈয়ে থাকিব।সি শিপা হৈ থাকিব বিচাৰে পাত নহয় সি। এৰা শিপাইহে গছক উভালি নোযোবাকৈ বান্ধি ৰাখিব পাৰে।ভবিষ্যতবোৰ আৰু বিশ্বাসক সি উভালি যাব দিব নোৱাৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)