মা তুমি মোক ইমানেই কোৱা
কোন হয় মই আৰু এই পৃথিৱীনো হয় কি?
সকলো যদি প্ৰেম বিশ্বাসৰ ওপৰত হয় তেন্তে সম্পত্তিক লৈ কাজিয়া হয় কিয় ? জীয়াই থাকিবলৈ যদি প্ৰতিটো খোজতে পইচাৰ প্ৰয়োজন তেন্তে ৰ'দ বতাহ, পানী, মাটি, বৰষুণৰনো প্ৰয়োজনীয়তা কি?
সকলোৰে সপোন যদি নিজৰ লক্ষ্যক লৈ তেন্তে দায়িত্বৰ ৰাস্তাৰ বোজা হয় কি?
যিটো সত্য, যিটো কোৱা হৈছে যিটো দেখা গৈছে তেন্ত থাকি যোৱা সত্য ঘটনা ৰহস্যবোৰনো হয় কি?
মোৰ দুখবিলাক যদি কেৱল মোৰেই হয় তেন্তে পৃথিৱীৰ লগত মোৰ গভীৰ সম্পৰ্ক কিয় হয়?
বুজি পোৱা নাই, বুজাই দিয়া না মা
সুন্দৰ সুগম পথবোৰ দেখাই দিয়া না মা ।
পৃথিৱীৰ অজস্ৰ দুখ - বেদনা, সুখ-আনন্দৰে ভৰা সমুদ্ৰৰ যাতনাৰ ঢৌ হয় কি?
জীৱন জীয়াৰ চেতনা হয় কি?
মা তুমি মোক ইমানেই কোৱা কোন হয় মই আৰু এই মায়াৰ পৃথিৱীখন হয় কি?
📝সুশীলা উৰাং
গেলাপুখুৰী গাওঁ,তিনিচুকীয়া

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ