'চেতনাস্ৰোত' বা 'ষ্ট্ৰীম অব কনচিয়াছনেছ' ধাৰণাটো বিশেষকৈ দুটা কথাৰ ওপৰত প্ৰতিষ্ঠিত-সময়ৰ ধাৰণা আৰু মানুহৰ চেতনা সম্পৰ্কে নতুন দৃষ্টিকোণ যিটো আহিছিল মনোবিজ্ঞানৰ পৰা। এই ধাৰণাৰ মুখ্য প্ৰবক্তা সকলৰ ভিতৰত অন্যতম আছিল আমেৰিকাৰ লিখক উইলিয়াম জেমচ্। জেমচৰ 'প্ৰিঞ্চিপলছ অব চাইক'লজী'(১৮৯০) শীৰ্ষক গ্ৰন্থখনত 'ষ্ট্ৰীম অব কনচিয়াছনেছ' শব্দটোৰ প্ৰথম ব্যবহাৰ হয়। আনহাতে সাহিত্য আৰু সমালোচনাৰ ক্ষেত্রত এই ধাৰণাটোৰ ব্যবহাৰ কৰে ১৯১৮ চনত মে' চিনক্লেৰ নামৰ এজন সমালোচকে ইংৰাজী লেখিকা ডৰথী ৰিচাৰ্ডচনৰ লিখনীৰ ক্ষেত্রত। চেতনাস্ৰোতৰ উপন্যাসত ব্যক্তিৰ চেতনা মুখ্য আকৰ্ষণৰ বস্তু । ইযাত মানুহৰ জাগ্ৰত অবস্থাৰ চেতনাক এটা বোৱতী সোঁত বুলি ধৰি তাৰ দ্বাৰা বিভিন্ন অভিজ্ঞতাক বৰ্ণনা কৰা হয়। পৰম্পৰাগত উপন্যাসৰ আৰম্ভণি আৰু শেষৰ ধাৰণাৰ পৰা এই উপন্যাস মুক্ত । উপন্যাসৰ চৰিত্রবোৰৰ মনৰ ভিতৰত কি ঘটিছে, তেওঁলোকৰ চেতন আৰু অৱচেতন মনত ঘটা বিভিন্ন অনুভৱ এইধৰণৰ উপন্যাসৰ মূল উপজীব্য ।
ইংৰাজী সাহিত্যৰ ক্ষেত্রত চেতনাস্ৰোতৰ উপন্যাস বুলি ক'লে ১৯২০ৰ দশকৰ কেইজনমান উপন্যাসিকৰ কথা বিশেষভাবে উল্লেখ কৰিব লাগিব। তেওঁলোক হ'ল জেমছ জয়চ, হেনৰি জেমছ, ডৰথী ৰিচাৰ্ডচন আৰু ভাৰ্জিনিয়া উলফ্। ইংৰাজী সাহিত্যৰ বৰেণ্য প্ৰতিভা ভাৰ্জিনিয়া উলফ্ (১৮৮২-১৯৪১) ৰ জন্ম হৈছিল ইংলেন্ডৰ প্ৰখ্যাত লিখক ছাৰ লেইছ্ ষ্টিফেনৰ ঘৰত। সৰুৰে পৰা শিক্ষা-সংস্কৃতিৰ প্ৰভাৱ থকা অভিজাত পৰিবেশে ভাৰ্জিনিয়াৰ মানসিকতাক গঢ় দিছিল। ১৯১২ চনত তেওঁৰ লিওনাৰ্ড উলফ্ ৰ লগত তেওঁৰ বিয়া হয়। স্বামীৰ প্ৰেৰণাই ভাৰ্জিনিয়াৰ সাহিত্যিক জীৱনত বিশেষ অৰিহণা যোগাইছিল। লিওনাৰ্ড উলফে ১৯১৭ চনত বিখ্যাত হ'ৰ্গাথ প্ৰেছ প্ৰতিষ্ঠা কৰে, এই ছপাশালৰ পৰা ভাৰ্জিনিয়া উলফ্ ৰ সৰহ সংখ্যক উপন্যাস আৰু প্ৰবন্ধ সংকলন প্ৰকাশ পাইছিল। উলফৰ প্ৰথমখন উপন্যাস 'দ্যা ভয়েজ আউট' আৰু দ্বিতীয় খন উপন্যাস 'নাইট এন্ড ডে' ১৯১৫ আৰু ১৯১৯চনত প্ৰকাশিত হয়। এই দুয়োখন উপন্যাস পৰম্পৰাগত প্লট আৰু ৰচনাশৈলীৰ ওপৰত নিৰ্ভৰশীল আছিল। তেওঁৰ তৃতীয়খন উপন্যাস 'জেকবচ ৰুম' ৰ পৰা তেওঁ চেতনাস্ৰোতৰ ব্যবহাৰ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত প্ৰকাশিত প্ৰায় আটাইবোৰ উপন্যাসত তেওঁ এই পদ্ধতি ব্যৱহাৰ কৰিবলৈ লয়। ১৯২৫ চনত প্ৰকাশিত 'মিচেচ ডালৱে' নামৰ উপন্যাসত তেওঁ একে নামৰ মূখ্য চৰিত্রৰ চিন্তাধাৰাৰ মাজেৰে বিভিন্ন অভিজ্ঞতাৰ সংমিশ্ৰণ ঘটাইছে। উপন্যাস খনত মিচেছ ডালৱেৰ জীৱনৰ এটা দিনৰ বৰ্ননাৰ মাজেৰে লেখিকাই চৰিত্র সমূহৰ চেতনাস্ৰোত দাঙি ধৰিছে। তেওঁৰ আন এখন বহুচৰ্চিত উপন্যাস 'টু দ্যা লাইটহাউচ'ত উলফে চেতনাস্ৰোত শৈলীৰ উৎকৃষ্ট ব্যবহাৰ কৰিছে। এটা পৰিয়ালৰ ভিতৰত হোৱা কিছুমান সৰু ডাঙৰ ঘটনা এই উপন্যাস খনৰ মূল বিষয়বস্তু। তিনিটা অংশত বিভক্ত এই উপন্যাস খনত ৰামচে পৰিয়ালৰ বিভিন্ন চৰিত্রৰ মানসিক অৱস্থাৰ বিবৰণ চেতনাস্ৰোতৰ সহায়ত তুলি ধৰা হৈছে।১৯৩১ চনত প্ৰকাশিত ভাৰ্জিনিয়া উলফৰ 'ৱেভচ্' নামৰ উপন্যাসত তেওঁ ছয়টা ভিন্ন চৰিত্রৰ ক্ষেত্ৰত চেতনাস্ৰোতৰ প্ৰয়োগ কৰিছে। ১৯৩৭ চনত প্ৰকাশিত 'দ্যা ইয়াৰচ্' আৰু ১৯৪১ চনত প্ৰকাশিত 'বিটউন দ্যা এক্টচ্' উপন্যাস দুখনত পৰম্পৰাগত ৰচনাশৈলীৰ লগতে সাংকেতিক অৰ্থৰ সমন্বয় ঘটিছে।
ভাৰ্জিনিয়া উলফৰ সৃষ্টিৰাজিত চেতনাস্ৰোতৰ উপন্যাসে বিভিন্নতা আৰু পৰিপক্কতা লাভ কৰে। তেওঁৰ ৰচনাশৈলী কাব্যিক। মানুহৰ স্মৃতি আৰু মনোজগতৰ সুন্দৰ উপস্থাপনেৰে তেওঁৰ উপন্যাস সমূহ বিশ্বসাহিত্যৰ উল্লখযোগ্য সৃষ্টি হিচাবে সমাদৃত হৈছে।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ