নীলা খামৰ চিঠি-দীপিকা দাস

Rinku Rajowar
0
মৰমৰ নিবিৰ,

 কেনে আছা সোণ? আশাৰ সমাধি বগাই মই মাথোঁ বিচাৰোঁ তুমি যেন সদায় কুশলে থাকা। তোমাৰ বাৰু মন নাযায় নে জানিবলৈ , তোমাৰ হিয়া জনী  কেনেকৈ আছে? নাই জোৰ নকৰোঁ দিয়া। বহু দিন হ'ল তোমাক নেদেখা , বহু ক্ষণ গণিলোঁ অপেক্ষাৰ, বহু উজাগৰী নিশা কটালোঁ তথাপিও তোমাৰ কোনো বাতৰি নাপালোঁ। আজিও তোমাৰ হিয়াজনী ৰৈ আছে তুমি আহিবা বুলি । 
                            

নিবিৰ, তোমাৰ নয়নজুৰিৰ প্ৰেমত মই বাৰুকৈয়ে পৰিছিলোঁ জানা।তোমাৰ সুঠাম দুবাহুৰ মাজত নিজকে যেতিয়া বিচাৰি পাইছিলোঁ , সেইদিনা উদাস বুকুখনিয়ে যেন এখনি ঘৰ বিচাৰি পাইছিল। মোৰ মন গহনত প্ৰেমৰ হাজাৰ জোৱাৰ উঠিছিল । ওষ্ঠলগ্নৰ জলকেলিত যেন সজীৱ হৈ পৰিছিল দুটি প্ৰাণ । আকলুৱা - আলসুৱা অনুভৱ বোৰে যেন অজানিতে বাহৰ পাতিছিল মনৰ নিভৃত কোণত। এই যে প্ৰতি যামিনী মোৰ মনআলিয়েদি সুঁহুৰিয়াই গৈ মোক ৰিঙিয়াই মাতিছিলা তোমাৰ বুকুৰ মাজলৈ , কি জানা , তৎক্ষণাৎ অৱসৰ লৈছিলো ব্যস্ততাৰ পৰা। হাজাৰ ব্যস্ততাৰ পাৰ ভাঙি ঢাপলি মেলিছিলোঁ তোমাৰ সান্নিধ্য বিচাৰি। অতীতৰ সোণসেৰীয়া কথাবোৰ এতিয়া সপোন সপোন লগা হ'ল। তুমি নাই যে সেই বাবে।  বাৰু এইবোৰ কথা মনত নেপেলাওঁ দিয়া।  

অঃ শুনাচোন ,তুমি যে কৈছিলা মই হেনো ৰাঙলী ফাগুনৰ দৰে। সেইবাবে ফাগুন তোমাৰ খুবেই প্ৰিয় আছিল নহয়নে? ফাগুনৰ পলাশৰঙী বিচ্ছেদৰ বেদনা চতিয়াই  বসন্তৰ মাদকতাত হেঁপাহবোৰ বুকুত সাৱতি লোৱাৰ আশাৰে বাট চাই আছিলোঁ  বসন্তৰ এটি বোৱাৰী পুৱালৈ। ফাগুনৰ বোকোচাত উঠি প্ৰকৃতিৰ স্বৰ্ণালী বুকুলৈ ব'হাগৰ আগমনি হ'ল ঠিকেই কিন্তু মোৰ মনকুঞ্জত আজিও বসন্ত নাহিল। তোমাৰ বাৰু মনত আছেনে , তুমি যে কৈছিলা ," তুমি অস্তগামী সূৰুযৰ দৰে লহিয়ালে , মই ছাঁ হৈ বিয়পিম তোমাৰ চৌপাশে।"  প্ৰতিশ্ৰুতি বোৰ হেৰাই গ'ল আজি অভিমান সাৱটি। তোমাক নাপালে থাকিব নোৱাৰিম বুলি কোৱা কথাবোৰে, মোক দিয়া আশাবোৰে, আমি ৰচা সপোন বোৰে, দুপৰ নিশা তোমাক আমনি নকৰেনে?

 মোৰো হেঁপাহ আছিল তোমাৰ সৈতে জীৱনৰ মধুময় সময়খিনি অতিবাহিত কৰাৰ। হেঁপাহবোৰ দেখোন হেঁপাহ হৈয়ে থাকিল। তুমিতো গুচি গ'লা অচিনা বুকুলৈ.. আজিলৈ সামৰো দিয়া। অহ:  ক'বলৈ পাহৰিছিলোৱে , শুনাচোন , মোৰ নিচলা হিয়াৰ কোণত বৰ সযতনে সাঁচি ৰাখিছোঁ তোমাৰ ঠিকনা সংগোপনে, কোনেও নজনাকৈ। সময় পালে কেতিয়াবা সুধিবাচোন হিয়াৰ বতৰা। ৰাংঢালী দুপৰ নিশা দূৰণিৰ মুলুকত যেতিয়া হিয়া উজাৰি উচাতন মনৰ বিহগী জনীয়ে উচুপি বিনাই তেতিয়া মোৰ কলিজাইও তোমাক বিচাৰি হাহাকাৰ লগায়। সপোনৰ বাট হেৰুৱাই তোমাৰ হিয়া জনীয়ে আজি কালি অভিমান কৰিব পাহৰি গ'ল জানা। কাক কৰিব অভিমান, কোনে বুজিব। এটি এটিকৈ  তেজৰঙী আশাৰ চেঁকুৰা বুটলি বুকুত সজা বাহ টো থান বান কৰি তুমি গুচি যোৱা দিন ধৰি নীৰৱতা তাইৰ আপোন হ'ল । নীৰৱতাৰ মায়াত বিলীন হ'ব পৰাকৈ তাই আজি সাহসী হ'ল।  বাৰু আজিলৈ সামৰো দিয়া । আকৌ অভিমান কৰিব মন যোৱা নাই। 

কেতিয়াবা পুনৰ লিখিম হৃদয়ৰ অব্যক্ত বেদনা বোৰ।

                      প্ৰান্তত
                       হিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)