বৰষুণে ভিজা এটা সন্ধিয়া, হাতত চাহকাপ লৈ পল্লৱে কলিতা হোটেলখনতেই বহিলে। বতৰটো আজি তিনিদিন ধৰি ইমান বেয়া হৈ আছে যে ক’তো ওলাই যাবলৈও নোৱাৰি। তিনিদিনৰ পৰা পল্লৱে এই হোটেলখনতেই চাহ খাবলৈ আহি আছে। বতৰটো বেয়া হ’লেও মনবোৰো বৰ এটা ভাল হৈ নাথাকে। অকলে-অকলে ভাড়াঘৰটোত সোমাই থাকিলেও তাৰ চিন্তাত মূৰ বিষায়।
বহি-বহিয়েই সি যেন ভাৱনাৰ একান্ত সাগৰত মিলি গ’ল। তাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ চিন্তাৰ জলঙাৰে বৈ আহিছে সময়ৰ প্ৰত্যাহ্বানবোৰ।
তেনেতে কলিতা হোটেলৰ মালিক বোধেশ্বৰ হাজৰিকাই পল্লৱলৈ চাই সুধিলে
: কিহে ডেকা ল’ৰা, আজি অকলে যে?
হঠাৎ থতমত খাই পল্লৱে বোধেশ্বৰলৈ চাই সুধিলে : কিবা সুধিছে নেকি খুৰা?
বোধেশ্বৰ হাজৰিকাই হাঁহি মাৰি আকৌ ক’লে : অ’ বোলো, আজি অকলে যে?
পল্লৱে কওঁ-নকওঁকৈ ক’লে : লগৰ দুজনে এইবাৰ চৰকাৰী চাকৰি পালে খুৰা। সিহঁত মোৰ ৰুমৰ ওচৰৰ ৰুমটোতে ভাড়া লৈ থাকিছিল। দুবছৰ একেলগে থাকিলোঁ। পোন্ধৰ দিনমান আগতে সিহঁতৰ এপইণ্টমেণ্ট আহিছে। ৰুম এৰি গ’লগৈ।
: তুমি পিছে পৰীক্ষা দিয়া নাছিলা নেকি?
: দিছিলোঁ খুৰা… নাপালোঁ। ন ঘন্টা এটা প্ৰাইভেট অফিচত কাম কৰোঁ। ঘৰত ভনী এজনীৰ বিয়াৰ বয়স হৈছে। সেয়েহে ৰাতি আহি দুই-এটা ৰেপিড' ভাড়া মাৰোঁ। ৰুমত আহি ৰান্ধি-বাঢ়ি খাওঁতে দেৰি হয়। পঢ়িবলৈ সময়েই নাথাকে।
: তোমাৰ দেউতা?
: আমি সৰু থাকোঁতেই এটা এক্সিডেণ্টত দেউতা ঢুকাইছিল।
বোধেশ্বৰ হাজৰিকা ক্ষন্তেকৰ বাবে মৌন হৈ পৰিল।
নিৰৱ হৈ পৰিল ঠাইখিনি। বেলেগ মানুহেৰে ভৰি থকা হোটেলখনত পল্লৱ আৰু হাজৰিকাৰ মৌনতাৰ প্ৰতি কাৰোৰে কোনো ভ্ৰুক্ষেপ নাছিল।
হঠাৎ নিৰৱতা ভংগ কৰি পল্লৱৰ ফোনটো বাজি উঠিল—
আহিছোঁ দেই খুৰা বুলি হাজৰিকাক মাত দি পল্লৱ তাৰ পৰা ওলাই আহিল...
: অ’ নিহাৰিকা, ক’চোন,কিয় ফোন কৰিলি?
নিহা : ৰিমিৰ লগত তই কিয় সম্পৰ্ক বাদ দিলি পল্লৱ?
পল্লৱ : ৰিমিয়ে মোৰ দৰিদ্ৰতাক ঘিণ কৰে নিহা। ৰিমিয়ে বিচাৰে তাইৰ ভালপোৱা মানুহজন ভাল চাকৰি কৰা হওক, বা পইচা থকা, চহকী মানুহ হওক।
মোৰ কি আছে তয়েই ক’চোন? আৰু শুন ,তাই নিজেই মোক ফোন লগাই তাইৰ পৰা আঁতৰি যাব কৈছিল।
নিহা : পল্লৱ, তই সুখীনে?
পল্লৱ : ৰিমি সুখী নে, নিহা?
নিহা : ৰিমিৰ বিয়া… তই কোৱা ধৰণেই চহকী দৰা, চহকী ঘৰৰ একমাত্ৰ পুত্ৰ। পৰহীলৈ তাইৰ আঙুঠি পিন্ধোৱা পৰ্ব হেনো।
পল্লৱে একো নক’লে। ৰিমিৰ লগত বিচ্ছেদৰ ভাৰ খহি সি আজীৱন জীয়াই থাকিবলৈ প্ৰস্তুত। এসময়ৰ প্ৰিয় কোনোবাই এনেকৈ বুকুত কামুৰি, মূৰত বিচ্ছেদৰ বদনাম দি থৈ যোৱা বিষাদৰ ৰস পান কৰিবলৈ সি যেন বহুদিনৰ পৰাই প্ৰস্তুত আছিল।
: তাইক মোৰ শুভকামনাৰে উপচাই দিবি। : নিজকে এবাৰ প্ৰশ্ন কৰিব দিবি ,পল্লৱৰ মৰমত দৰিদ্ৰতাৰ আঁচোৰ কেতিয়াবা অনুভৱ কৰিছিল নে তাই?
ফোনটো সি কাটিলে। বিৰহে তাক জ্বলাই খাইছে যেন ভ্ৰমত সি ভালপোৱাৰ মদিৰা শুহি আছিল ইমানদিনে।
জীয়াই থকাৰ প্ৰেৰণা হিচাপে বেৰত ওলমাই থোৱা মাক আৰু ভনীয়েকৰ সৈতে থকা তাৰ ফটোখনলৈ আঙুলি বুলাই সি ক’লে—
“মই ভালে থাকিম মা।
মই জীয়াই থাকিম মুনমুন।
তহঁতৰ বাবেই মই ভালে থাকিম গোটেই জীৱন।”
কৰবী দাস।
কামৰূপ গ্ৰাম্য

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ