নাৱৰীয়া হৈ গুৰি বঠা ধৰোঁ ।
মৰম স্নেহেৰে হৃদয় জোৰাওঁ
দুখৰ মাজেৰে সুখ বিচাৰি পাওঁ ।।
নৈৰ ঘাটত সততা বিশ্বাস আছে
শান্তিত মানৱতা জীয়াই আছে ।
নিঃস্বাৰ্থ মৰম চিৰযুগমীয়াকৈ ৰাখোঁ
স্বাৰ্থ থকা হেপাঁহত এৰাসুতিহে দেখোঁ ।।
দুদিনীয়া জীৱনৰ ভৰসা নাই
পোৱা নোপোৱা নিবলৈ নাই ।
যিজনে উৎসাহ প্ৰেৰণা দিয়ে
জীৱনত অভিশাপ নিদিয়ে ।।
বিশ্বাস সাহসেৰে আগুৱাই যাওঁ
জেষ্ঠ্যজনৰ আশীৰ্বাদ মূৰ দোৱাওঁ ।
সততাক শ্ৰদ্ধা সন্মান জনাওঁ
কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাওঁ ।।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ