চেনাইধন,
ম’বাইলৰ স্ক্ৰীণখন উলিয়াই লৈছো,সোঁহাতৰ তৰ্জনী আঙুলিৰে কিমান আৰু মেছেজ টাইপ কৰিম,সেয়ে ভাবিলো অলপ সময় উলিয়াই মনৰ কথাখিনি কষ্ট কৰি হ’লেও অসমীয়া আখৰত তোমালৈ এখন চিঠি লিখো।কিজানি তুমি পঢ়ি বুজি পোৱা।জানানে চিকিৎসকে মোক বেড ৰেষ্ট দিছে সোঁভৰিৰ লিগামেণ্ট ইনজুৰি হোৱা বাবে।বিচনাত থাকি কিমান আৰু তোমাৰ সৈতে কথা পাতিম।সেয়ে মনলৈ অহা ভাৱবোৰ লিখনিৰে বুজাব খুজিছো।হয়তো তুমি ছাগৈ মোৰ কাষত আজি থকা হ’লে যত্ন ললা হয়।এতিয়া যে তুমি দূৰৈত,আহো বুলিলেও আহিব নোৱাৰা কৰ্তব্যৰ আৰু দায়িত্বৰ খাতিৰত।আছো এনেকৈয়ে যোগাত্মক চিন্তাধাৰা,আধ্যাত্মিক অনুভূতিক মনৰ মাজত লৈ।মাজে মাজে মোৰ প্ৰিয় গ্ৰন্থ শ্ৰীমদ্ভাগৱত গীতাখন লৈ ব্যস্ত থাকো জীৱনৰ কঠোৰ বাস্তৱৰ সৈতে কেনেকৈ মুখামুখি হ’ম তাত সমিধান বিচাৰি। তুমিও ভালে কুশলে থাকা।কেতিয়াকৈ দেখা হ’ম নাজানো ।শুভকামনা তোমালৈ আগুৱাই যোৱাৰ।সকলো ভালে থাকক ।
ইতি
তোমাৰ চেনেহী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ