জনসংঘৰ সৈতে জড়িত হৈ এজন খুব পৰিপক্ক ৰাজনীতিবিদ লৈ পৰিণত হোৱা অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী সহ আৰ এছ এছৰ দ্বাৰা দীক্ষিত হৈ জনসংঘৰ সৈতে জড়িত হৈ থকা একাংশ ৰাজনৈতিক নেতা জন সংঘৰ ভিতৰ চোৱাত দ্বৈত সদস্য পদৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল। সেই সময়ত আৰ এছ এছ দ্বাৰা দীক্ষিত হৈ জনসংঘৰ মজিয়াত ভৰি থোৱা একাংশ নেতা উক্ত দলতেই থাকি গল। কিন্তু অটল বিহাৰী বাজপেয়ী আছিল এক বেলেগ ধাতুৰে গঢ় লৈ থকা নেতা, যাৰ বাবেই তেওঁ কৈছিল প্ৰয়োজন হলে জনসংঘ ত্যাগ কৰিম, কিন্তু আদৰ্শৰ সৈতে আপোচ নকৰো।
যাৰ বাবে আদৰ্শক লৈ সৃষ্টি হোৱা উত্তপ্ততাৰ বাবেই ভাৰতীয় ৰাজনীতিত প্ৰৱেশ ঘটিছিল আজিৰ অপ্ৰতিৰোধ্য ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিৰ। বিজেপি দলটোৰ জন্মৰ আগে আগে অটল বিহাৰী বাজপেয়ীয়ে ১৯৮০ চনত ভাঙি যোৱা জন সংঘৰ অৱস্থা দেখি প্ৰস্তাৱ দিছিল - জনসংঘই নিজক একেবাৰে মূল সুঁতিৰ ৰাজনৈতিক দল হিচাপে পুনৰ নিজক গঠন কৰিব লাগে আৰু তাৰে এক ফচল বিজেপি। প্ৰতিষ্ঠাপক সভাপতি হিচাপে অটল বিহাৰী বাজপেয়ী নিৰ্বাচিত হয় আৰু লালকৃষ্ণ আদৱানী , কুশভাই ঠাক্ৰে , সুন্দৰ সিং ভাণ্ডৰী, কৈলাশপতি মিশ্ৰ, জেপি মাথুৰ, জনকৃষ্ণমূৰ্তিৰ দৰে নেতাৰ ৰাজনৈতিক পৰিপক্কতা আৰু সাংগঠনিক দক্ষতা তথা লাখ লাখ নিষ্ঠাবান কাৰ্যকৰ্তা আৰু দলীয় কৰ্মীৰ প্ৰচেষ্টা আৰু শ্ৰমৰ বিনিময়ত প্ৰতিষ্ঠিত হয় আজিৰ ভাৰতীয় জনতা পাৰ্টী। ১৯৮০ চনৰ ডিচেম্বৰ মাহত মুম্বাইত অনুষ্ঠিত হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় অধিবেশনত সভাপতি অটল বিহাৰী বাজপেয়ীয়ে ভাৰত ৰাষ্ট্ৰই সন্মুখীন হোৱা নৈতিক সংকটৰ এক গুৰুত্বপূৰ্ণ আলোকপাত আগবঢ়ায়। সংগঠন, সংগ্ৰাম আৰু গঠনমূলক নিৰ্মাণৰ জৰিয়তে দলটোক আগুৱাই লৈ যোৱাৰ ওপৰত প্ৰথম খন ৰাষ্ট্ৰীয় অধিবেশনত অটল বিহাৰী বাজপেয়ীয়ে বিশ্লেষণ আগবঢ়ায়।
বাকপটু, কাব্যিক শব্দৰ প্ৰয়োগ আৰু সিংহৰ দৰে গৰ্জন কৰিব পৰা গুণৰ অধিকাৰী অটল বিহাৰী বাজপেয়ীয়ে কংগ্ৰেছ বিৰোধী দল সমূহক একগোট কৰি ভাৰতীয় ৰাজনীতিত এন ডি এ গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বাজপেয়ীৰ দৰে নেতাৰ বাবে পদবী বহু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নাছিল, গুৰুত্ব পূৰ্ণ আছিল তেওঁৰ বাবে দলীয় আদৰ্শ আৰু তাক জনগণৰ মাজত গ্ৰহণ যোগ্য কৰি তোলা। ইয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টী গঠনৰ কিছু আগলৈ আমি ঘূৰি যাব বিচাৰিছো। জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰাৰ পিছত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাতে ৫৪২ খন আসনৰ ভিতৰত ২৯৮ খন আসন জনতা পাৰ্টি নেতৃত্বাধীন মৰ্চাই লাভ কৰিছিল। য'ত জনসংঘই লাভ কৰিছিল ৯০ খন আসন। চৌধুৰী নামৰ সাংবাদিকজনে লিখিছে সেই সময়ত নিজক জন সংঘই লাভ কৰা আসনৰ মাত্ৰাৰ বাবে অটল বিহাৰী বাজপেয়ীয়ে প্ৰধানমন্ত্ৰী পদৰ বাবে নিজৰ দাবী উত্থাপন কৰিব পাৰিলে হয়। কিন্তু সেই সময়ত ৫২ বছৰীয়া অটল বিহাৰী বাজপেয়ীয়ে নিজক প্ৰধানমন্ত্ৰীৰ হিচাপে যোগ্য বুলি ভবা নাছিল তথা ৭৮বছৰীয়া মোৰাৰজী দেশাই হৈছিল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী। জনসংঘৰ পৰা তিনিজনক দেশাই কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছিল। যত বৈদেশিক মন্ত্ৰীৰ দায়িত্ব পাইছিল অটল বিহাৰী বাজপেয়ীয়ে। দায়িত্ব লৈ অটল বিহাৰী বাজপেয়ীয়ে কৈছিল কোনো ডাঙৰ বা বিশেষ বৈদেশিক পৰিৱৰ্তনৰ কথা কবলৈ নাযাওঁ, মাত্ৰ চীনৰ সৈতে বৈদেশিক সম্পৰ্ক ভাল কৰাৰ প্ৰতিশ্ৰুতি দিছিল অটল বিহাৰী বাজপেয়ী। সেই মৰ্মে বহু খিনি সফলো হৈছিল।
যদি আমি জৰুৰীকালীন অৱস্থালৈ ঘূৰি যাওঁ, দেখা পোৱা যায় ৭৫ ৰ জৰুৰীকালীন অৱস্থাৰ অটল বিহাৰী বাজপেয়ীক যেতিয়া গ্ৰেপ্তাৰৰ সন্মুখীন হৈছিল , সেই সময়ত তেওঁৰে এজন দলীয় সতীৰ্থক সুধিছিল চহৰৰ উত্তম জেলৰ বিষয়ে, তেতিয়া সতীৰ্থ জনে মাথোঁ কৈছিল উত্তম জেল নাথাকে, জেল বিৰক্ত। এমাহ কাৰাগাৰত থকা সময়ত অটলজীয়ে "নিজকে বন্দী কবি" বুলি অভিহিত কৰি কবিতা লিখি জেলৰ ভিতৰত সময় পাৰ কৰিছিল । অটল বিহাৰী বাজপেয়ীয়ে কবি হিচাপেও এক বিশেষ খ্যাতি অৰ্জন কৰিছিল। তেখেতেৰ কেইটামান শ্ৰেষ্ঠ কবিতা হৈছে - গীত নয়া গাতা হু, আউ ফিৰ চে দিয়া জালিন ইত্যাদি । কবিতাৰ প্ৰতি থকা এক সুনামৰ বাবেও অটল বিহাৰী বাজপেয়ীয়ে পাইছিল কবি প্ৰধানমন্ত্ৰী নাম।
কলেজীয়া দিনৰ পৰা আৰ এছ এছৰ সংস্পৰ্শত থকা অটল বিহাৰী বাজপেয়ীক দলৰ সকলোৰে ভিতৰত আনতকৈ পৃথক ৰূপত নিজক উপস্থাপন কৰাৰ ক্ষেত্ৰত এক কৌশল আছিল অৰ্থনীতিৰ ক্ষেত্ৰত তেওঁৰ থকা প্ৰকৃত সোঁ - পন্থীস্থিতি। সহজ অৰ্থত ১৯৯১ চনত পি ভি নৰ সিংহ ৰাও যদি দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত দূৰদৰ্শী কাণ্ডাৰী আছিল ঠিক একেদৰে ১৯৯৮ চনত অটল বিহাৰী বাজপেয়ী আছিল দূৰদৰ্শী কাণ্ডাৰী। আদৰ্শৰ সৈতে কোনোদিনে আপোচ নকৰা প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনকি ২০০০ চনৰ ছেপ্টেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ অধিবেশনত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তাতেই ৰাষ্ট্ৰ সংঘৰ সৌজন্যত বিশ্ব হিন্দু পৰিষদে অনুষ্ঠিত কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি মঞ্চতে অটল বিহাৰী বাজপেয়ীয়ে কৈছিল - " মে প্ৰথম স্বয়ংসেৱক হু, ইয়ে অধিকাৰ ক্যৈই চিন নহী চক্তা"।
প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত অটল বিহাৰী বাজপেয়ীৰ পাৰদৰ্শিতাৰ ওপৰত আৰ এছ এছ এক অনুষ্ঠানৰ আয়োজন কৰিছিল যত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছিল, য'ত আছিল এছিয়ান এজ আৰু আউটলুকৰ সম্পাদক এম. জে আকবৰ আৰু মেহতা । যি দুজন ব্যক্তি আছিল কংগ্ৰেছৰ প্ৰতি সহানুভূতিশীল। উক্ত অনুষ্ঠানতে এম.জে আকবৰে কৈছিল "বাজপেয়ী নিজৰ দল আৰু বিৰোধীৰ দলত তুলনাহীন। বাজপেয়ী উচ্চ কাৰণ তেওঁ দেশখনক বুজি পায় আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ প্ৰতি প্ৰবৃত্তিগত অনুভৱ আছে। সেইদিনাৰ অনুষ্ঠানত আন এজন বিশিষ্ট ব্যক্তি বিনোদ মেহতাই প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক কৰি কৈছিল - "বুৰঞ্জীবিদসকলে তেওঁক উচ্চ স্থান দিব। যেতিয়া নিজ দলৰ ১৮০ লোকসভাৰ সাংসদ থাকে , তেতিয়া মিত্ৰজোঁটৰ চৰকাৰ সফলতাৰে চলাবলৈ হলে প্ৰয়োজন যি সাংগঠনিক দক্ষতা, পৰিকল্পনা আৰু কল্পনাৰ , সেয়া কেৱল ভাৰতীয় ৰাজনীতিত অটল বিহাৰী বাজপেয়ীৰ দৰে নেতাৰ পক্ষেহে সম্ভৱপৰ।
আন এজন ব্যক্তি নকভিয়ে আৰু এখোজ আগুৱাই গৈ কৈছিল - " বাজপেয়ী এজন ৰাষ্ট্ৰ নেতাতকৈও বহু উচ্চখাপৰ ব্যক্তিত্ব। তেওঁৰ পক্ষত এক সুস্পষ্ট দৃষ্টিভংগী আছে, প্ৰতিশ্ৰুতি আছে আৰু আছে কাম কৰিব পৰাৰ ক্ষমতা। এনে গুণ কেৱল এজন উচ্চ খাপৰ ব্যক্তিত্বৰ নেতাইহে কৰিব পাৰে।
আৰ এছ এছৰ আদৰ্শ আৰু সংস্পৰ্শত নিজক এক বিৰল ব্যক্তিত্বলৈ ৰূপান্তৰিত কৰা অটল বিহাৰী বাজপেয়ী কোন আছিল এটা শব্দত কবলৈ গলে বাজপেয়ীৰ ভাষাত তেওঁ এজন স্বয়ংসেৱক আছিল । তাৰ পিছতো তেওঁক প্ৰধানমন্ত্ৰী হিচাপে যিসকলে কাষৰ পৰা পাইছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত, কোনেও বাজপেয়ীৰ ভুল ক্ৰুটি ধৰা পেলাবলৈ সক্ষম হোৱা নাছিল, কোনেও তেওঁ আৰ এছ এছৰ পৰা নেতা হিচাপে সমালোচনা কৰিব পৰাৰ পথ বিচাৰি পোৱা নাছিল। তেওঁ আছিল ৰাষ্ট্ৰ নেতাৰ থাকিবলগা গুণতকৈ বহু উচ্চখাপৰ ব্যক্তিত্ব।
আদৰ্শৰ সৈতে আপোচ নকৰা, আজিও ভাৰতীয় ৰাজনীতিত উজ্জ্বল নক্ষত্ৰৰ দৰে চৰ্চিত হৈ থকা ১২ বাৰ সংসদীয় লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হোৱা অটল বিহাৰী বাজপেয়ী কেৱল কবি, ৰাজনৈতিক নেতাই নাছিল। তেওঁ আছিল হিন্দু জাতীয়তাবাদী ৰাজনীতিক ভাৰতবৰ্ষত গ্ৰহণযোগ্য কৰি তোলা এজন প্ৰবক্তা। ছাত্ৰাৱস্থাতে ভাৰতীয় হিন্দু সভ্যতা সংস্কৃতি বাজপেয়ীৰ মন চুই গৈছিল। ছাত্ৰাৱস্থাতে সেয়া তেওঁ কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল।
ভাৰতবৰ্ষৰ আগশাৰীৰ এইগৰাকী ৰাষ্ট্ৰ নেতাৰ জন্ম শত বাৰ্ষিকীৰ মাজত তেওঁৰে কবিতা এফাঁকিৰে ৰাষ্ট্ৰনেতা গৰাকীলৈ সহস্ৰ প্ৰণাম -
"হিন্দু তান মন
হিন্দু জীৱন
ৰাগ ৰাগ মেৰা
হিন্দু পৰিচয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ