মৰমৰ প্ৰভাত- চয়নিকা শ‌ইকীয়া

 protibha phukon
0
মৰমৰ
     প্ৰভাত

সৰ্ব প্ৰথমে মোৰ হিয়াভৰা মৰম যাচিলোঁ । ভগৱানৰ কৃপাত মোৰ লগতে পৰিয়ালৰ সকলোৰে ভালেই । তোমাৰ চিঠিৰ বাবে সদায়েই পদূলিমুখলৈ চাই ডাকোৱাল অহাৰ সময়লৈ অপেক্ষা কৰোঁ । পৰহি তোমাৰ চিঠিখন ডাকোৱালে দিলেহি , মনটো দুখৰ মাজতেই আনন্দৰে চিঠিখন হাতপাতি ল'লোঁ । 
      তোমাৰ ভাল বুলি জানিব পাৰি মনটো ভাল লাগিল কিন্তু তুমি পূজাত ছূটি নোপোৱাৰ বাবে আহিব নোৱাৰিলা যে বেয়া লাগিছিল । বৰ্তমান তুমি, ম‌ই, আমি সকলোৱে হিয়াৰ আমঠুক হেৰুৱাই শোকত ম্ৰিয়মাণ হৈছোঁ । পূজা প্ৰতি বছৰে আহে আৰু যায়। সেয়েহে নিয়মটো পালন কৰা হয়, কাৰোৱেই মনত আনন্দ নাই। যিহেতু গোটেই অসমেই পৰিয়ালৰ আপোন মানুহজনক হেৰুৱাইছোঁ । সুখ, দুখ কৰ্ম ব্যস্ততাৰ মাজতো জুবিনদাৰ গীতৰ সুৰেৰে এক শক্তি দিছিল । তেওঁৰ মানৱতাই বহুতকেই নতুন জীৱন দিছিল । তেনে এজন ব্যক্তিৰ আকস্মিক মৃত্যু সহজ ভাৱে মানি ল'ব পৰা নাই। অন্ধকাৰ ঘন ৰহস্যৰ মাজতে আছে। ক'ৰবাত যেন খেলিমেলি হৈছে সেয়েহে আজি সকলোৱে আমি ন্যায় বিচাৰি হাবাথুৰি খাইছোঁ । 

         শৰতৰ প্ৰথম মৃদু চেচাঁ বতাহজাকে শীতৰ আগমনৰ অনুভৱ কৰোৱাৰ লগতে মনবোৰ সেমেকাই তুলিছিল । শেৱালিৰ সুবাসেও মনৰ মাজত সুবাস বিয়পাব পৰা নাছিল, শৰতৰ কহুঁৱাই মন পুলোকিত কৰিব পৰা নাছিল । শৰতৰ জোনাক নিশাবোৰ স্তব্ধ হৈ পৰিছিল । শৰতৰ নৈসৰ্গিক অনুভৱ শোকৰ সাগৰতে বিলীন হৈছে । দিন ৰাতি গতানুগতিক ভাৱেই পাৰ হৈছে । দৈনন্দিন কাম কাজতো স্থবিৰতা আহিছে । তোমালৈও বৰকৈ মনত পৰিছে । এইবাৰ পূজা দেৱালী, ৰাস একোৱেই উৎসৱ মুখৰ পৰিৱেশ নাই আৰু নহ'ল । কাৰোৱেই মনত উৎসাহ আনন্দ নাই, কেৱলমাত্ৰ নিয়মহে পালন কৰাৰ দৰে হৈছিল । 

        দেৱালীত দুই এজনে ফটকা, ব'ম ফুটাইছিল যদিও সীমিত। সকলোৰে মন বেলেগ বেলেগ, কোনোবাই দুখ ,শোক সামৰিব পাৰে আৰু কোনোবাই নোৱাৰে। সেয়েহে এনেবোৰ ক্ষেত্ৰত কাকো দোষাৰোপ কৰা উচিত নহয় । বিশেষকৈ ফটকা, ব'ম আদি ক্ষাৰকীয় দ্ৰৱৰে প্ৰস্তুত কৰা সামগ্ৰী আমাৰ প্ৰকৃতি আৰু জীৱকূলৰ বাবে ক্ষতিকাৰক হয়। সেয়েহে ম‌ই ভাবোঁ প্ৰতি বছৰে মানুহে পোহৰৰ উৎসৱ মাটি চাকি জ্বলাই পালন কৰিব লাগে আৰু অন্যান্য উৎসৱতো ফটকা ,ব'ম ফুটাই প্ৰদূষণ কৰিব নালাগে । তোমাক লগতেই জনাই থ‌ওঁ, ৰাসো পাৰ হৈ গ'ল , এইবাৰ ৰাসতো উৎসাহ, আনন্দ নাই ৰাইজে নিয়মতো পালন কৰিছিল । 
     
চাওঁতে চাওঁতে নতুন বছৰে ভুমুকি মাৰিছে, অতি আদৰৰ মাঘ বিহু অৰ্থাৎ ভোগালী বিহু পালেহি । এতিয়ালৈকে জুবিনদাৰ ন্যায় পোৱা নাই ,সকলোৱে ন্যায় পোৱা আশাৰে অপেক্ষা কৰি আছোঁ । সকলো যেন উৰুঙা উৰুঙা লগা হ'ল ।

       তোমাক মনৰ কথাবোৰ কৈ থাকিলে শেষেই নহয় , তুমি আহিলে সকলো কথা পাতিম। তুমি নিজৰ যত্ন নিজেই ভালদৰে ল'বা । ঋতুৰ পৰিবৰ্তনে শীতৰ বাবে আমাৰ ইটো সিটো সৰুসুৰা ৰোগ হয় । নিজেই সাৱধানে থাকিলে স্বাস্থ্য ভালে থাকিব আৰু ৰোগৰ পৰা হাতসাৰি থাকিবা। চিঠি পালেই উত্তৰ দিবা । তোমাৰ চিঠিৰ অপেক্ষাত " ডাকুৱাল " অহালৈ পদূলিৰ মূখলৈ বাট চাই ৰ'ম । 
     শেষত, তোমালৈ বহুত মৰম আৰু শুভকামনা জনাই সামৰিলোঁ। 

                     ইতি              
                তোমাৰ বান্ধৱী     
                  নিতালী বৰা        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)