যেতিয়া মই চকু মুদি মাতৃৰ হাতৰ মেখেলা-চাদৰখন স্পৰ্শ কৰোঁ, তেতিয়া মোৰ হৃদয়ত এটা গভীৰ কম্পন জাগে। সেই কাপোৰৰ প্ৰতিটো সূতাত লুকাই আছে মোৰ আইৰ হাতৰ আদৰ। মেখেলাৰ ভাঁজবোৰত যেন মোৰ পূৰ্বপুৰুষৰ সপোন সোমাই আছে – যিবোৰ সপোন আমি আজি লাইক, শ্বেয়াৰ আৰু ফলোৱাৰৰ সংখ্যাৰে জুখিবলৈ লৈছোঁ।
কিন্তু আজিৰ এই দ্ৰুত যুগত, কিছুমান হৃদয়ে সেই স্পৰ্শক অস্বীকাৰ কৰিছে। তেওঁলোকে মেখেলা-চাদৰক মেচিনৰ চিলাইয়েৰে কাটি-চিঙি, অতিৰিক্ত কাট-ছাঁট দি, পশ্চিমীয়া ফেশ্বনৰ ৰং মচিয়াই দিয়ে – কেৱল এটা ফটোত “ভাইৰেল” হ’বলৈ, কিছুমান অচিনাকি চকুৰ প্ৰশংসা বিচাৰি। সেই মুহূৰ্তত মোৰ হৃদয়ত এটা নিঃশব্দ কান্দোন ওঠে। কিয়নো যিটো সাজ আমাৰ জাতিৰ আত্মাৰ প্ৰতিচ্ছবি আছিল, সেইটো আজি কেৱল এটা “আইটেম” (Item) হৈ পৰিছে – যাক পিন্ধিলে “কিউট” (Cute) বুলি কোৱা হয়, কিন্তু তাৰ গভীৰতা কোনেও অনুভৱ নকৰে।
ভাৱকচোন, যেতিয়া এজনী ছোৱালীয়ে মাতৃৰ হাতেৰে বোৱা মেখেলা খন সুন্দৰভাৱে পৰিধান কৰি ফটো তুলে, তেতিয়া তাইৰ চকুত থাকে এটা আলোক – সেই আলোক যিটো কেৱল জন্মভূমিৰ গৌৰৱৰ পৰাই আহে। কিন্তু যেতিয়া একেটা মেখেলাক চিলাই কৰি ক্ৰপ টপ বনাই, টাইট ফিট কৰি “ফিউজন লুক” দিয়া হয়, তেতিয়া সেই আলোক ম্লান হৈ যায়। আমি নিজৰ ঐতিহ্যক বিকৃত কৰি নিজকে আকৰ্ষণীয় কৰিব বিচাৰোঁ, কিন্তু প্ৰকৃততে আমি নিজৰেই হৃদয়খনক সৰু কৰি দিছোঁ। আমাৰ স্বাভিমানৰ সেই মৰমলগা টুকুৰাবোৰ লাহে লাহে ছিঙি যায়, আৰু আমি হৈ পৰোঁ এটা খালী ছবি – য’ত ৰং আছে, কিন্তু আত্মা নাই।
মই জানো, এই যুগত জনপ্ৰিয়তাৰ লোভ বৰ ডাঙৰ। কিন্তু প্ৰিয় যুৱক-যুৱতীসকল, এবাৰ থমকি ৰৈ ভাবক – যদি আমি নিজৰ পৰম্পৰাক অপমান কৰোঁ, তেন্তে আমাৰ সন্তানসকলে ক’ৰ পৰা শিকিব যে এই সাজবোৰ কেৱল কাপোৰ নহয়, ইহঁত আমাৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ? যদি আমি আজি মেখেলা-চাদৰক বিকৃত কৰোঁ, কাইলৈ তেওঁলোকে কেনেকৈ জানিব যে ইয়াক গৌৰৱৰ সৈতে পিন্ধিব লাগে, নে কেৱল ট্ৰেণ্ডৰ বাবে?
আহক, আমাৰ পৰম্পৰাৰ সাজ-পোছাকক সন্মান দিয়ক। ইয়াক বিকৃত নকৰি, ইয়াৰ প্ৰকৃত ৰূপত গ্ৰহণ কৰক। কিয়নো ইয়াত লুকাই আছে আমাৰ হৃদয়ৰ সেই গভীৰ আৱেগ – যিটো কোনো ফিল্টাৰে, কোনো লাইকে, কোনো ভাইৰেলত লুকাব নোৱাৰে।
আমি যদি নিজকে হেৰুৱাওঁ, তেন্তে সকলো হেৰুৱাই পেলাওঁ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ