শিৱালুৰ দাঁতত সতীত্বৰ চেকা-ছৈয়দা তনজিয়া ৱাৰিছা আজমি

Rinku Rajowar
0
প্ৰান্তৰৰ বকুলে সৌৰভ এৰিলে,
মধ্যযামত মোৰ জোনাক সৰিলে।
ৰিক্ত বীণা মই ঝংকাৰহীন,
মাথোঁ ভৰা উদাসী ৰাগিণীৰে অন্তহীন।
চন্দনা দেহাত এঙাৰ ঘঁহি,
প্ৰাণপক্ষীৰ দীপিতি আন্ধাৰিৰ খামিত চেপি - পিহি।
হে প্ৰভু ক’ত তুমি?
মোৰ চন্দনা দেহা খহি হয় চন্দনা চিতা ,
প্ৰতি পলতে অগনিত জহে মোৰ শুচিতা।

পলাব পাৰোঁ নে দুৰ্বিষহ মাকৰশালি এৰি,
কিন্তু যে সামাজিক অজগৰে আছে দহোদিশ আৱৰি।
শিৱালুৰ লোলুপ চাৱনিত মৰহা ফুল,
বৰমূৰীয়া সভ্যয়ো বিন্ধিছে শূলৰ ওপৰত শূল।
কোন তীৰ্থত পাম এই তথাকথিত পবিত্ৰতা ফিৰাই,
সঁচাই ল'লোঁ নেকি ভগৱন্তৰ দয়াৰ পৰা চিৰবিদায়।


জীয়া - মৰাৰ আলি-দোমোজাত আৱদ্ধ,
ফেঁচা কুৰুলিত মোৰ শ্বাস হয় ৰুদ্ধ।
গলত মেৰপাক মাৰি মৰিম,
নে থাকে থাকে কাপোৰ মেৰিয়াই আলেঙে থাকিম?
এই বুলি জীয়া - মৰাৰ আলি দোমোজাত কাতি বদলিম।
ধাৰাষাৰ বৰ্ষাৰ আছোঁৰতো নাযাই  চেঁক দেহাৰ,
তাকে দেখি চাৰি দেৱালৰ ভেঙুচালি প্ৰতিবাৰ।
এই বকুলবন এৰি পলামেই বা ক’লৈ,
চুবুৰীয়ায়েও যে নেৰে কটাহি চকুৰে কামুৰিবলৈ।
তেজ উতলি ধৰফৰ কৰি চিতিকায়,
ভুৱা অনুকম্পাৰ তপত শলাত মঙহ পুৰ খায়।
সমাজিকৰ অৰ্দ্ধদহিত মৰাশ কোলাতে পৰি ৰয়, 
কুঠৰীৰ এচুকত সতীত্বৰ টুকুৰা দহি ছাই।
প্ৰভু কেনে যে নৰক— 
মুকলিৰ পথ বিচাৰি থৰক বৰক,
নিৰন্তৰ এটি বেহু,
নৰকৰ যে  খলপা বহু,
প্ৰথমা, পবিত্ৰ দেহেশ্বৰৰ পৰা দেহা খালে আজুৰ,
দ্বিতীয়া, সামাজিক কটুক্তি আৰু পৰিয়ালৰ কত আঁচোৰ ,
তৃতীয়া, আদালতৰ বেহাত নিলাম শেহনি সন্মানৰ,

শেষত, আহিব মোৰ মৃত্যু,
হয়তো শিল চেঁচা নতুবা তপত মৃত্যু।


চকু মুদিলেও ভাহে অসুৰ,
চকু মেলিলেও নাচে ককৰ্থনাবোৰ।
এক বিৰামহীন আৱৰ্তন—
জীৱনে মৰণক বিচাৰে,
মৰণে কিন্তু মোক নিচিনে।

সেই প্ৰভু, এয়া কাৰ কৰ্মফল,
নে  তোমাৰেই কঠুৱা খেল,
নৰকীয় চক্ৰত ক্লান্ত পথিক,
লাঞ্ছনাৰ লগে মোৰ লগ নেৰি ধৰে দিক।
পলায়নৰ পথ উমানহীন,
নৰকীয় যন্ত্ৰণাৰ পুং মোৰ ভিতৰতে যে লীন।


 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)