মোৰ এটা সপোন আছে- ছাইফুদ্দিন আহমেদ

Rinku Rajowar
0
মোৰ এটা সপোন আছে
চন্দ্ৰটোক সাতো ৰঙে
ৰঙীণ কৰিবলৈ 
যিমান টকা লাগে 
অৰ্জন কৰিবলৈ ৷

মোৰ এটা সপোন আছে
আকাশৰ সকলো ত’ৰা
কিনিবলৈ সাজু মই
যিমান কষ্ট লাগে 
কৰিবলৈ ৷

মোৰ এটা সপোন আছে
সূৰ্য্যটোক এদিন 
প্ৰশান্ত মহাসাগৰত গাধুৱাই
ভুৰ্জখলিফাৰ চাদত
দিম আৰি শুকাবলৈ ৷

মোৰ এটা সপোন আছে
পৃথিৱীখন প্ৰদুষণ
মুক্ত কৰিবলৈ ৷
নতুন কিবা কৰাৰ
নজিৰ সৃষ্টি কৰিবলৈ ৷

মোৰ এটা সপোন আছে
সকলো ধৰণৰ যুদ্ধ
নিষিদ্ধ কৰিবলৈ ৷
প্ৰস্তুত গোটেই বিশ্বৰ 
অস্ৰ-সস্ৰ নিশেষ কৰিবলৈ ৷

মোৰ এটা সপোন আছে
পৃথিৱীবাসীক জীৱন্তে
এবাৰ সৰগ নৰক 
দৰ্শন কৰাবলৈ ৷
ধৰ্মক একাষৰীয়া কৰি থৈ ৷

মোৰ এটা সপোন আছে
যুক্তিবাদী সৰ্বশান্তিৰ
এখন পৃথিৱী গঢ়িবলৈ ৷
প্ৰস্তুত মই 
যিমান কষ্ট লাগে কৰিবলৈ ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)