নীলা আকাশত পাখি মেলি উলাহত নাচিবলৈ ।
ভাল পাওঁ পক্ষী ,
মুকলি আকাশত সপোন ৰচিবলৈ,
ভাল পাওঁ গছ, সকলোৰে উপকাৰ সাধিবলৈ ।
ভাল পাওঁ পাহাৰ পৰ্বত,
ওখ - ওখ শিখৰ বগাবলৈ । ভাল পাওঁ নদী,
বাটত থকা পাথৰত ঠেকা খাই নিজ বাট উলিয়াই আগুৱাই বৈ যাবলৈ ।
ভাল পাওঁ ধৰণী,
প্ৰকাণ্ড বিকাশ হবলৈ ।
ভাল পাওঁ পূবৰ ভাস্কৰ পোহৰ উজ্বলি জিলিকি উদয় হয়, আন্ধাৰ নাশ কৰিবলৈ।
ভাল পাওঁ পঙ্কজ,
বোকাত ফুলি সকলোৰে মন মোহিবলৈ।
ভাল পাওঁ কুঁৱলী, নিয়ৰৰ দলিচাত মণি - মুকুতা বুটলিবলৈ।
ভাল পাওঁ বতাহ,
চাৰিওফালে কবিতাৰ উৎসাহ, মৰমৰ ঝুলনাত ঝুলি ফূৰ্তি কৰিবলৈ।
ভাল পাওঁ কলি - বীজ,
সেউজীয়া শইচ হৈ গজিবলৈ
বাৰেবৰণীয়া ফুলৰ সুগোন্ধ
নাকত লবলৈ।
ভাল পাওঁ ৰামধেনুৰ দুৱাৰ ৰঙীন দেশত যাবলৈ।
ভাল পাওঁ ৰদালি,
লগৰৰ সৈতে ধেমালি কৰিবলৈ।
ভাল পাওঁ বৰষুণ,আনন্দত তিতিবলৈ।
ভাল পাওঁ পানী, সকলোৰে তৃষ্ণা দূৰ কৰিবলৈ।
ভাল পাওঁ কবিতা,
মনৰ ভাৱ প্ৰকাশিত কৰি কবিতাত বিলীন হবলৈ ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ