মই আৱৰি থাকিম ৰ'দে নুপুৰাকৈ।
তেঁও কৈছিল ৰামধেনুৰ শেষলৈ
মই খোজ কাঢ়িম তোমাৰ সৈতে।
ৰঙবোৰ তোমাৰ হোৱালৈকে ,
মই তোমাক পোহৰাই ৰাখিম।
তেওঁ কৈছিল কান্দিবা তেতিয়া
যেতিয়া পৃথিৱীখন কুৎসিত লাগে,
মই মচি দিম চকুলো।
তোমাৰ বাবে মই শীত হম ,
তোমাৰ বাবে বসন্ত
তোমাৰ বাবে মই চিঞৰ হম
তোমাৰ বাবেই হম নিচুকনি গীত
মই হম তোমাৰ আৰম্ভণি
আৰু তোমাৰ শেষ।
তেওঁ কৈছিল ঠিক হব সকলো,
সকলো ঠিক হব।
ঠিক হোৱাৰ আশ্বাসেৰে তেওঁ
সোমাই আহিছিল কুৰুকি, কুৰুকি।
এতিয়া সকলোতে তেওঁময়তা।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ