তুমি মোক একো নকলা,
মোৰ হৃদয়ৰ কুঠৰীত
বিহ ঢালি দিলা।
তেত্রিশ বছৰ অতিক্রম কৰি
তোমাৰ হৃদয়ত নপৰিল আঁচোৰ,
ৰৈ থাকিলোঁ মই কোনোবা ঘাটত
গুচি গ'লা তুমি কোনোবা বাটত?
তোমাৰ বিৰহত চকুলো মচি
নোহোৱা হৈছে মোৰ টোপনি;
তুমি মোৰ জীৱনৰ প্ৰজ্জ্বলিত অগনি
কোনে শুনিব মোৰ অন্তৰৰ গুনগুননি?
তুমি বিহীন মোৰ কিবা আছে নেকি?
তুমি মোক দিলা জীৱন্ত ফাঁকি,
তোমাৰ বাবে তেনেই তুচ্ছতা
মোৰ হিয়া ভৰা শুভেচ্ছা।
তোমাৰ প্ৰেম যমুনাত সাঁতুৰি-সাঁতুৰি,
তেত্ৰিশ বছৰ পাৰ কৰি
পঞ্চধন পালা তুমি লাহৰি
হৈ পৰিলোঁ মই ভাগৰি।
তুমি মোৰ হৃদয়ৰ মৰম কাঢ়ি ল'লা,
অৱশেষত মোক পাহৰি গ'লা !
তোমাৰ অন্বেষণ কৰি
নাপালোঁ সঁহাৰি।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ