মানৱ জীৱনত বন্ধু বা বান্ধৱীৰ ভূমিকা অপৰিসীম। বিশেষকৈ লৰালি কালত গঢ় লৈ উঠা বন্ধুত্বৰ স্মৃতিবোৰ আজীৱন হৃদয়ত ৰৈ যায়। সেই সময়ছোৱাত সকলো বন্ধু বেলেগ বেলেগ স্বভাৱৰ হয়—এজনে অধিক চঞ্চল, এজনে শান্ত, এজনে পঢ়াত আগবঢ়া, আনজনে খেলাধূলাত আগ্ৰহী। এই বেলেগ বেলেগ গুণেই বন্ধুত্বক ৰঙীন আৰু অৰ্থপূৰ্ণ কৰি তোলে।
সৰু বয়সত সাধাৰণতে পঢ়া-শুনাত যদি এজন বন্ধু অলপ বেছি চোকা বা আগবঢ়া হয়, তেন্তে কেতিয়াবা আনজন বন্ধুৰ মনত হীনমান্যতা বা বেয়া ভাৱ জন্ম লয়। এই অনুভূতি স্বাভাৱিক হ’লেও ইয়াক সঠিকভাৱে বুজি ল’ব নোৱাৰিলে বন্ধুত্বত দূৰত্ব সৃষ্টি হ’ব পাৰে। আচলতে প্ৰতিজন ল’ৰা-ছোৱালীৰ প্ৰতিভা একে নহয়; কোনোবা পঢ়াত আগবঢ়া, কোনোবা সংগীতত, কোনোবা খেলাধূলা বা শিল্পত প্ৰতিভাশালী হয়।
সৰু কালতেই যদি শিশুসমূহে পাৰস্পৰিক সহযোগিতা, সহনশীলতা আৰু উৎসাহ যোগোৱাৰ মানসিকতা শিকে, তেন্তে হিংসা বা বেয়া ভাৱ বন্ধুত্বৰ দুৰ্বলতা নহয়, বৰঞ্চ উন্নতিৰ প্ৰেৰণা হৈ উঠিব পাৰে। এজন বন্ধুৰ সফলতা আনজনৰ বাবে অনুপ্ৰেৰণা হ’ব লাগে, প্ৰতিদ্বন্দ্বিতা নহয়। আন এজনক দেখি যেতিয়াই অনুকৰণ কৰে তেতিয়া নোৱাৰা জনে পৰীক্ষাত ভাল ফলাফল লৈ উত্তীৰ্ণ হব পাৰে । এজনে আনজনৰ প্ৰতি সদায়েই প্ৰতিযোগিতা ভাব থাকিব লাগে, কিন্তু হিংসা নহয় ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ