জীৱন গঢ়াৰ প্ৰেৰণা~জয়াশ্ৰী মহন্ত বৰুৱা

@admin
0
ৰামায়ণ, মহাভাৰত আৰু ভাগৱত গীতাৰ অধ্যয়নৰ দ্বাৰা জীৱন গঢ়াৰ প্ৰেৰণা পাব পাৰি।
সকলো মানুহৰ জীৱন ইমান সহজসাধ্য নহয়। প্রতিটো পদক্ষেপতে পৰীক্ষা, সংঘাত আৰু সিদ্ধান্তৰ সন্মুখীন হ'ব লাগে। এনে সময়ত যি শিক্ষাই আমাক ভিতৰৰ পৰা শক্তি দিয়ে, সেয়াই হৈছে প্ৰকৃত প্ৰেৰণা। ৰামায়ণ, মহাভাৰত আৰু ভাগৱত গীতা-এই তিনিওখন অমৰ গ্ৰন্থই মানুহক নৈতিকতা, সাহস আৰু আত্মবিশ্বাসেৰে জীৱন যুঁজিবলৈ অনুপ্ৰাণিত কৰে।ৰামায়ণে আমাক শিকায় যে-জীৱনত কি কৰা উচিত! পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, কেতিয়াও সৎ পথ এৰি যাব নালাগে। শ্ৰীৰামে সকলো সুবিধা থাকিও ধর্মক সদায় আগত ৰাখিছিল। বনবাস, বেদনাৰ মাজতো তেওঁ নিজৰ কৰ্তব্য পাহৰি যোৱা নাছিল। এই শিক্ষাই আমাক কয় জীৱনত সফল হ'বলৈ শক্তি নহয়, শক্তিশালী চৰিত্ৰৰহে প্ৰয়োজন।মহাভাৰতে আমাক সতৰ্ক কৰি দিয়ে- আমি কি কৰা উচিত নহয়। কৌৰৱৰ লোভ, অহংকাৰ আৰু অধৰ্মই তেওঁলোকক ধ্বংসৰ দিশে ঠেলি নিছিল। এই মহাকাব্যই আমাক প্ৰেৰণা দিয়ে যাতে আমি অন্যায়ৰ সৈতে কেতিয়াও আপোচ নকৰোঁ। ভুল পথত দ্রুত গতিত আগবাঢ়িলেও শেষত পৰাজয় নিশ্চিত -এই কঠোৰ সত্য মহাভাৰতে স্পষ্ট কৰি তোলে।ভাগৱত গীতাই আমাক শিকায় যে জীৱনটো কেনেকৈ কটোৱা উচিত। জীৱনত পৰাজয়, হতাশা আৰু ভয় আহিলেও নিজৰ কৰ্ম এৰি যাব নালাগে। ফলৰ চিন্তা এৰি, সম্পূৰ্ণ নিষ্ঠাৰে কৰ্তব্য পালন কৰাই হৈছে গীতাৰ মহান শিক্ষা। শ্ৰীকৃষ্ণৰ বাণীয়ে আমাক সাহস দিয়ে যে-তুমি তোমাৰ কৰ্তব্য কৰি যোৱা ফল নিজে নিজে আহিব।এই তিনিওখন গ্রন্থে একেটা বার্তাই দিয়ে যে- জীৱনত কেতিয়াও হাৰ মানিব নালাগে, ধর্ম এৰি যাৱ নালাগে আৰু নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব লাগে। যি মানুহে এই শিক্ষাক হৃদয়ত ধৰি ৰাখি জীৱনত আগবাঢ়ে, তেওঁক কোনো পৰিস্থিতিয়েই পৰাজিত কৰিব নোৱাৰে। ৰামায়ণে প্ৰেৰণা দিয়ে, মহাভাৰতে সচেতন কৰে আৰু ভাগৱত গীতাই ভিতৰৰ শক্তি জাগ্ৰত কৰি তোলে।
জীৱন যদি এখনি যুদ্ধ হয়, তেন্তে এই তিনিওখন গ্রন্থেই আমাৰ অস্ত্র। এই অস্ত্র লৈ আগবাঢ়িলে সফলতা কেৱল সম্ভৱে নহয় অবশ্যম্ভাৱী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)