পাষাণ হৃদয়ৰ কবিতা-ৰঞ্জন প্ৰতীম নেওগ

Rinku Rajowar
0
আজি কিয় মৰমে বিচাৰে এধানী হাঁহিৰ সুৰভী?
আজি কিয় পাষাণ হৃদয়ে বিচাৰে মাত সুৱদী?
জীৱন তৃষ্ণাৰ আকুলতাৰ পম খেদি খেদি ;
অসহায় ,নীৰৱতা ,মৌন ওঁঠৰ সঁহাৰি।
এমুঠি মিঠা চাৱনি ,এঁকাজলি চকুৰ পানী
সপোন পৰশৰ চেঁচা চেঁচা বুলনি!
শান্তিৰ শুভ্ৰতা ,বগা ডেউকাৰ বিহগী।
সেন্দুৰীয়া বেলিৰ ওকমুকনি্।
উটি ভাঁহি অহা অশ্ৰু নিগৰা 
বেদনা বৰষা মোৰ এই জীৱনী।
নাভাবি নোৱাৰি ,মন গহনত এই কাহিনী ;
আজি কিয় মৰমে মধুৰতা দিয়ে সানি ?
প্ৰণয়ৰ শলিতাৰে জ‌্বলোৱা  অৰ্হনিশে তুমি 
জ্বলোৱা এগছি চাকি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)