বকুল তলত কোনোবা এদিন স্বপ্নৰ প্ৰত্যাশা:-ৰিতুপৰ্ণ শৰ্মা

 protibha phukon
0
হিত্য তীৰৰ অমৃত গাথাৰ চতুমাত্ৰিক
আকাশ ধিয়াই সময় শব্দ সপোন 
লুইত নন্দিনীৰ স্বপ্নৰ ৰূপকথা 
বিৱৰ্তনৰ বিন্যাস কেলেণ্ডাৰত
জীৱন বাটৰ এক অনুভূতি 
আত্মোপলদ্ধিৰ ইতিবাচক সত্যানুসন্ধান
সুৱাস বিচাৰি সমীক্ষাৰ ৰূপৰেখা
সম্পৃক্ত অমানুহৰ অব্যক্ত মলয়
স্বেচ্ছাস্থলীৰ বিচিত্ৰতাৰ প্ৰতিভাত
আত্মসন্তুষ্টিৰ বাগী লগোৱা প্ৰতাৰণা
হৃদয় জুৰুৱা কুল কুল প্ৰতিধ্বনিৰ 
প্ৰশান্তিময় একাত্ম সেউজ অনুভৱ
সুশ্ৰাব্য সুৰৰ গৰিমাত প্ৰাণ পাই উঠে 
ভাৰক্ৰন্ত মনৰ অপূৰ্ণতাৰ আলোক
প্ৰতিদিনৰ স্বোতস্বিনী সোঁৱৰণিৰ অভিশাপ
বিলীন হৈ যায় আকাশৰ গভীৰতাৰ মাজত
স্বচ্ছল কঁহুৱাৰ শুভ্ৰ হাঁহিটি
গীত গাই অতীতে গৰকা অস্তিত্বহীন নাওঁখনিত
         কম্পিত ছয়াময়াৰ লুকা-ভাকুত
মৰিচীকাৰ ঢাপলি মেলা উদগ্ৰীৱ জীপল।।

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)