মানুহ নিষিদ্ধ বস্তুৰ প্ৰতি লোভী- নিবেদিতা হাজৰিকা

 protibha phukon
0
বিভিন্ন বস্তুৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰাটো মানুহৰ এক সহজাত প্ৰবৃত্তি। যিটো একান্তই স্বাভাৱিক। কিন্তু নিষিদ্ধ বস্তুৰ প্ৰতি যি আকৰ্ষণ বা কৌতুহল তাক স্বাভাৱিক বুলি ক'ব নোৱাৰি। তথাপি নিষিদ্ধ বস্তুৰ প্ৰতিহে মানুহ অধিক আকৰ্ষিত হোৱা দেখা যায়। প্ৰকৃততে নিষিদ্ধ বা নিষিদ্ধতা শব্দটো এটা খুবেই আপেক্ষিক বিষয়। বেছিভাগ ক্ষেত্ৰত মানুহৰ সহজাত প্ৰবৃত্তিকে মানুহে সমাজৰ দোহাই দি, ৰীতি-নীতি বা বান্ধোনৰ দোহাই দি নিষিদ্ধ বুলি নামাকৰণ কৰে। একালৰ নিষিদ্ধতা অন্য কালত স্বাভাৱিক যেন হৈ পৰে।কোনো এটা সংস্কৃতিত যিটো কাম নিষিদ্ধ জ্ঞান কৰা হয় বা নিষিদ্ধ জ্ঞান কৰা হৈছিল সেই একেটি কাম কেতিয়াবা কিছুমান ঠাইত অতি সাধাৰণ বা স্বাভাৱিক ভাৱে গ্ৰহণ কৰা হয়। সেই বাবেই ইয়াক আপেক্ষিক বুলি কোৱা হয়।
     সাধাৰণতে মাদক দ্ৰব্যকে আমি নিষিদ্ধ বস্তু বুলি ভাবো যদিও নিষিদ্ধ বস্তুৰ উদাহৰণ হিচাপে আমি বহু বিষয় উল্লেখ কৰিব পাৰো। বিভিন্ন মাদক দ্ৰব্যৰ প্ৰতি আসক্তি,অপৈনত বয়সত যৌনতাৰ প্ৰতি আসক্তি , সামাজিক ভাবে স্বীকৃতি নিদিয়া কামৰ প্ৰতি আসক্তি আদিক নিষিদ্ধ আখ্যা দিয়া হয়। 
    বৰ্তমান সময়ত নিষিদ্ধ বস্তুৰ সংখ্যা পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যিয়ে ব্যক্তিগত জীৱন তথা সামাজিক জীৱনতো বেয়া প্ৰভাৱ পেলাইছে। নিষিদ্ধ বস্তু ব্যৱহাৰ কৰি, ইয়াৰ সোৱাদ লৈ যিটো তৃপ্তি লাভ কৰে সেই সোৱাদ পোনপটিয়াকৈ পোৱা বা দিয়া বস্তুত পোৱা নাযায়।সেই বাবেই হয়তো মানুহ বিশেষকৈ যুৱচামে ইয়াৰ প্ৰতি বিশেষ আকৰ্ষণ অনুভৱ কৰে। সকলো প্ৰকাৰৰ নিচাই অপকাৰী নহয় বা সকলো প্ৰকাৰৰ আকৰ্ষণেই বেয়া নহয়। কিন্তু নিষিদ্ধ বুলি কোৱা বা প্ৰচলিত হৈ অহা বহু বস্তু বা বিষয়ৰ পৰা অপকাৰ বা ক্ষতি হোৱাৰ আশংকাই বেছি। সেয়ে নিষিদ্ধ বস্তুৰ প্ৰতি অত্যাধিক উৎসুকতা দেখুওৱাৰ পৰিৱৰ্তে আমি সকলোৱে সেই সমূহৰ পৰা পাৰ্যমানে দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰা উচিত। কিয়নো যিকোনো ধৰণৰ অভ্যাস, নিচা আদি এবাৰ গঢ় লৈ উঠাৰ পাছত ইয়াক ত্যাগ কৰাটো কঠিন হৈ পৰে। সেয়ে পাৰ্যমানে সৰ্বগ্ৰহণযোগ্য কৰ্ম আৰু মানসিক উৎকৰ্ষ সাধন কৰা বিষয়ৰ প্ৰতি নিচা বঢ়োৱাৰ প্ৰয়াস কৰিব লাগে অন্যথা নিচাৰ যি সৰ্বনাশী ৰূপ ,নিষিদ্ধ বস্তু বা নিষিদ্ধ কৰ্মৰ প্ৰতি মানুহৰ যি উৎসুকতা বা আগ্ৰহ সেই আগ্ৰহে ব্যক্তিগত তথা সামাজিক জীৱন বিপন্ন কৰি তোলাৰ আশংকা নুই কৰিব নোৱাৰি। নিষিদ্ধ বস্তুৰ প্ৰতি মানুহৰ যি অতৃপ্ত আকাংক্ষা সেই আকাংক্ষাই আমাৰ সামাজিক জীৱন বহু পৰিমাণে ক্ষতিগ্ৰস্ত কৰি তুলিছে। বহু যুৱক -যুৱতী বিপথগামী হোৱাৰ মূলতে এই ধৰণৰ নিষিদ্ধ বস্তুৰ প্ৰতি হোৱা অত্যধিক আকৰ্ষণ আৰু আত্ম নিয়ন্ত্ৰণৰ অভাৱ। সেয়ে সময় থাকোতেই এই সমূহৰ ভয়াৱহতাৰ দিশটোৰ প্ৰতি উঠি অহা প্ৰজন্মক অৱগত কৰোৱা উচিত , সচেতন কৰোৱা উচিত। অন্যথা নিষিদ্ধ বস্তুৰ প্ৰতি অত্যধিক প্ৰীতি আৰু আকৰ্ষণে বহুতৰ জীৱন ধ্বংস কৰিব। দিনে -দিনে বাঢ়ি অহা নিষিদ্ধ বস্তুৰ তালিকা আৰু দিনে-দিনে বাঢ়ি অহা ব্যৱহাৰকাৰীৰ সংখ্যাই সচেতন মহলক স্তম্ভিত আৰু চিন্তিত কৰিছে।সেয়ে এই নিষিদ্ধ বস্তু সমূহৰ ব্যৱহাৰ সমূলঞ্চে শেষ কৰিবৰ বাবে যত্ন নকৰিলে সুদূৰ ভৱিষ্যতে ইয়াৰ কু-ফল নিষিদ্ধ বস্তু ব্যৱহাৰকাৰীয়ে হওঁক বা অব্যৱহাৰকাৰীয়ে হওঁক ইয়াৰ কু-ফল সকলোৱে ভোগ কৰিব লগা পৰিস্থিতিৰ অচিৰে সৃষ্টি হ'ব বুলি ক'ব পাৰি। সেয়ে নিষদ্ধ ঘোষিত সকলো বস্তু, কৰ্ম তথা স্থানৰ পৰা সকলোৱে আঁতৰি থকা উচিত। কিয়নো নিষিদ্ধ মানেই অপকাৰী, অনিষ্টকাৰী। 

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)