জুবিন গাৰ্গ আৰু বৰ্তমানৰ প্ৰাসংগিকতা- চম্পাৱতী কলিতা

 protibha phukon
0
সময়ৰ পাখিত পাখি লগাই সময় উৰি যায়। সময়ৰ কাঁড় লগা উৰণীয়া দুপাখি আগপিনে ধাৱমান হয়। আমি ক'ব নোৱাৰাকৈ নুবুজাকৈ দি যায় ইংগিত ভৱিষ্যতৰ। সময়ৰ এনে এক জিৰণীয়া মৌ আছিল আমাৰ জুবিন গাৰ্গ। গানৰ জুবিন গাৰ্গ কবিতা আৰু চিনেমাৰ জুবিন গাৰ্গ। যিজনক প্ৰাণৰ জুবিন বুলি সকলোৱে আদৰি লয়। আধুনিক যুগৰ মধ্যকালৰ মধ্যমণি জুবিন গাৰ্গ। তেওঁৰ ব্যক্তিত্ব আৰু ব্যক্তিসত্বাই লাহে লাহে চিনাকি ৰূপত ধৰা দিলেহি মানুহৰ মাজত।সময়ে তেওঁৰ নিঠৰ দেহ কাঢ়ি নিলে যদিও তেওঁৰ কামবোৰ সময় বালিত যুগমীয়া হৈ ৰ'ল। সময়ক মানুহে নিষ্ঠুৰ বুলি ক'লেও সময়ৰো বিবেচনা আছে। সময়ে জানে কাক কেনেকৈ ৰাখিব লাগে। জন্ম-মৃত্যুৰ দৰে এক অনিবাৰ্য কাৰ্যকো সময়ে নতুন ৰূপত সাজি তোলে। জুবিন গাৰ্গক এদিন সময়ে আমাক উপহাৰ দিছিল। আজি সময়ে তেওঁৰ কৰ্মৰাজি আৰু বৈশিষ্ট্যসমূহ আমাক উপহাৰ হিচাপে দিলে। সময় নৰয় মানৱ জীৱনো চিৰস্থায়ী নহয় । মৃত্যুৰ কাৰণ যিয়েই নহওক আমি সকলোৱে এদিন ইহজগতৰ পৰা বিদায় ল'ব লাগিব! সময়ৰ অনিৰ্বাণ আহ্বান ই । জুবিন গাৰ্গে কিন্তু এনে মৃত্যুকো জিনি মৃত্যু অপৰাজেয়ৰ সুৰ শিকালে।

       জুবিন গাৰ্গে নীতি শিক্ষাৰ প্ৰথম পাঠ শিকিছিল তেওঁৰ পিতৃৰ পৰা। সংগীতৰ প্ৰথম পাঠ শিকিছিল মাতৃৰ পৰা। হয়তো পৰ্যায়ক্ৰমে শিক্ষক সমাজ প্ৰকৃতি আৰু তেওঁৰ চিন্তাধাৰাৰ পৰাও বহুত কথাই আহৰণ কৰি বিশাল জুবিন সত্বা নিৰ্মাণ কৰিছিল। তেওঁৰ শিল্প সাধনাৰ পমখেদিলে আমি তাত এখন বিশাল জগত নিহিত হৈ থকা দেখিবলৈ পাম। ভাৰতীয় দৰ্শনৰ ইও এক উল্লেখনীয় সুঁতি। যি সুঁতিত জুবিন গাৰ্গ নামৰ সত্বাই অহৰহ জাহ গৈ আছিল। তেওঁৰ মনৰ খুটিডাল মজবুতকৈ ৰাখি এক সুকীয়া সৃষ্টিৰ বাবে প্ৰেৰণা যোগাইছিল। দুখৰ বিষয় তেওঁৰ জীৱিতকালত এনে গভীৰ অধ্যয়ন চিন্তা আৰু বিশ্লেষণ কৰিব পৰা ব্যক্তিৰ হয়তো তেওঁৰ সৈতে ঘনিষ্ঠতা গঢ়ি উঠা নাছিল নতুবা গঢ়ি তোলাৰ সুবিধা পোৱা নাছিল। সেইবাবেই হয়তো জীৱিত-জুবিন সম্পৰ্কে প্ৰকৃত তেনে কোনো তাত্বিক আলোচনাৰ সৃষ্টি নহ'ল। জুবিন গাৰ্গ সম্পৰ্কীয় তেনে কেতবোৰ কথা আলোচনা বা লেখা মেলা কৰাৰ প্ৰয়োজন আছিল। দূৰদৰ্শী সংগীৰ বলিষ্ঠ পদক্ষেপে হয়তো জুবিন গাৰ্গৰ দৰে সত্বা এটি আমাৰ জীৱিত অৱস্থাত ৰাখিব পাৰিলে হেঁতেন। যাৰ বাবে হয়তো আমি অকালতে তেওঁক হেৰুৱাবলগীয়া নহ'ল হেঁতেন। জুবিন অনুৰাগীয়ে জুবিন গাৰ্গক প্ৰাণ ভৰি ভাল পাইছিল সেইকথা সঁচা কিন্তু তাৰ পিছতো জুবিন গাৰ্গ সম্পৰ্কে গভীৰ চিন্তা আৰু পদক্ষেপৰ অভাৱ আছিল যেন অনুভৱ হয়। প্ৰকৃততে যিবোৰ কথা আৰু কামে জুবিন গাৰ্গক অহৰহ প্ৰেৰণা সেইবোৰৰ অভাৱ হয়তো জুবিন গাৰ্গৰ জীৱনত হৈছিল। তেওঁৰ সত্বাক উদ্দীপনা যোগোৱাৰ বিপৰীতে জুবিন গাৰ্গে নিজেই নিজৰ প্ৰেৰণা হৈ বাধাৰ পাৰ ভাঙিব লগীয়া হৈছিল। এয়া আমাৰ বাবে এক পৰিতাপৰ বিষয়। তথাপিও জুবিন গাৰ্গ হাৰমনা বিধৰ নাছিল। কিন্তু কালৰ সোঁতত আমি তেওঁৰ পাৰ্থিৱ দেহ অকালতে হেৰুৱাই অসমীয়া জাতি অসমীয়া ভাষা আৰু সংগীত জগতৰ বিস্তৰ ক্ষতি অনুভৱ কৰিছোঁ। 

        সাধাৰণ বেশভূষা আৰু সৰল জীৱন ধাৰণৰ মাজত থাকি জুবিন গাৰ্গে কৰি যোৱা অসাধাৰণ কৰ্মৰাজী নৱপ্ৰজন্মৰ বাবে উচ্চ আদৰ্শ। বৰ্তমানৰ প্ৰজন্মলৈ জুবিন গাৰ্গে এৰি যোৱা প্ৰতিটো দিশতে এক গভীৰ তত্ত্ব লুকাই আছে। উপৰুৱাকৈ সেইবোৰ আওৰাই মিছাতে সময় নষ্ট নকৰাকৈ এতিয়াৰে পৰা জুবিন গাৰ্গ অবিহনে নৱপ্ৰজন্মৰ কৰ্তব্য কি হ'ব তাক দকৈ চিন্তা কৰিবৰ হ'ল। জুবিন গাৰ্গে কিদৰে জীৱনৰ শিক্ষা দিলে সেইবোৰ নিজেও আহৰণ কৰাটো আজিৰ নৱপ্ৰজন্মৰ কৰ্তব্য। সততা সাহস স্পষ্টবাদীতা দয়া মৰম সহনশীলতা সহানুভূতি প্ৰকৃতিপ্ৰেম আৰু জীৱনৰ আঁৰত লুকাই থকা আধ্যাত্মিক ৰহস্য দৰ্শন আদি সকলোবোৰ শিক্ষা জুবিন গাৰ্গ নামৰ এজন ব্যক্তিয়ে কেনেকৈ দিব পাৰিলে। এইবোৰ আলোচনা আৰু অনুকৰণ কৰাতো কিমান প্ৰয়োজন সেইকথা অসমীয়া জাতিয়ে বিবেচনা কৰা উচিত। তেওঁৰ জীৱন আধাৰিত পুথি আৰু শৈক্ষিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা উচিত। জুবিন গাৰ্গ এটা যুগ যি যুগত মানুহে মানুহৰ বাবে ভাবিব শিকিলে। সংগীতৰ লগত একেলগে জীৱন সম্পৰ্কীয় শিক্ষা দিব পৰা এনেকুৱা এগৰাকী ব্যক্তিৰ বিষয়ে অসমীয়া মানুহে যদি নাভাবে নিশিকে আৰু আদৰ্শৰে বাট নুবুলে তেন্তে আকৌ এটা ভুলকে কৰাৰ দৰে হ'ব।

   অসমীয়া সংগীতৰ লগতে অসম তথা অসমীয়া মানুহক বহিঃ জগতৰ লগত চিনাকি কৰি দি সকলোৰে হৃদয়ৰ আপোন হৈ উঠিব জনা ব্যক্তি আছিল আমাৰ জুবিন গাৰ্গ। জুবিন গাৰ্গ এজন ব্যক্তিয়ে নহয় এটা শক্তি যি শক্তিয়ে জাগতিক সত্বাৰ উমান দিয়ে। আজিৰ প্ৰজন্মৰ শৈক্ষিক বিষয় হ'ব লাগিব এইবোৰ কথা। দেশ জাতি আৰু জাতীয় সত্বাক জীয়াই ৰাখিবলৈ হ'লে প্ৰয়োজন হয় উদাৰ দৃষ্টিভংগী আৰু সমন্বয়ৰ ভাব। বৰ্তমানৰ পৰিস্থিতিত অভাৱ অনুভৱ হোৱা এনে সুপ্ত গুণবোৰ আকৌ মনত জাগ্ৰত কৰি তোলাৰ বাবে জুবিন গাৰ্গক মহাকালৰ মহানুভৱ ৰূপে আমাৰ মাজত জীয়াই ৰখাৰ দায়িত্ব আমাৰ। 

      মৃত্যু যদি নিৰ্লোপ ভাস্কৰ্য হ'ব পাৰে তেনে এক মৃত্যুৰ গৰাকী জুবিন গাৰ্গ। তেওঁৰ মৃত্যু অসমীয়াৰ বাবে এক নৱজাগৰণ। যি জাগৰণে অসমীয়া মন-প্ৰাণ স্পৰ্শ কৰি হৃদয়ত স্থিতি লৈ মানৱজাতিৰ পৰিবৰ্তন সাধন কৰিব পাৰে। তেওঁক লৈ আমি ব্যক্তিগত স্বাৰ্থ পূৰণৰ লিপ্সা ত্যাগ কৰিব লাগিব। কেৱল প্ৰচাৰৰ বাবে নহয়, প্ৰসাৰৰ আৰ্হি হৈ উঠক জুবিন গাৰ্গ । অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে জুবিন গাৰ্গে যেনেকৈ ব্যক্তিগত সুখ-স্বাচ্ছন্দক জলাঞ্জলি দিছিল তাৰ প্ৰতিদান তেওঁ পাব লাগিব। আমি তেওঁৰ আদৰ্শৰাজিক জীয়াই ৰখাৰ বাবে অহৰহ চেষ্টা কৰিব লাগিব। স্বাৰ্থ লিপ্সা ঈৰ্ষা অহংকাৰ মিথ্যাচাৰৰ পৰা বিৰত থাকিব পাৰিলেহে তেওঁৰ আদৰ্শক জীয়াই ৰখা সম্ভৱ হ'ব। এইক্ষেত্ৰত শিল্পী সাহিত্যিক যুৱপ্ৰজন্মইয়ো আগভাগ ল'ব লাগিব। জীৱিত অৱস্থাত জুবিন গাৰ্গে নিজেই কৈ গৈছিল যে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে। জুবিন গাৰ্গৰ প্ৰতিটো আওপকীয়া কথাৰ মাজত গভীৰ অৰ্থ নিহিত হৈ আছে। শুনিবলৈ শুৱলা নহয় যদিও তেওঁৰ তাৎপৰ্য্যপূৰ্ণ কথা আৰু কামৰ সংগতিয়ে আমাক আচলতে কি দি গ'ল? গভীৰতকৈও গভীৰ এই সংবাদ। বৰ্তমান সময়ত নতুন প্ৰজন্মৰ মাজত পুথি অধ্যয়নৰ স্পৃহা কমি অহা যেন পৰিলক্ষিত হৈ আহিছে। অধ্যয়ন অবিহনে হয়তো জুবিন গাৰ্গেও ইমান জ্ঞানেৰে সমৃদ্ধ হ'ব নোৱাৰিলে হেঁতেন। সেয়ে সকলোৱে কিতাপ অধ্যয়ন কৰিব লাগিব।জুবিন গাৰ্গ আৰু তেওঁৰ শিল্প সাধনা সম্পৰ্কে বিশাল অধ্যয়নৰ ভেটিত নতুন সৃষ্টিৰ প্ৰয়াসৰ বাবে নতুনকৈ আগবাঢ়ি আহিব লাগিব। নতুন প্ৰজন্মৰ ওপৰতে ভৱিষ্যতে দেশৰ অৱস্থা নিৰ্ভৰ কৰে। দেশৰ সেৱা কৰিবলৈ হ'লে নিজৰ সেৱা কিদৰে আগবঢ়াব তাৰ প্ৰতিহে লক্ষ্য কৰা উচিত। জুবিন সত্বাক লৈ গৌৰৱান্বিত অসমীয়া জাতি। একতাৰ জৰিৰে বান্ধি জুবিন গাৰ্গে দি গ'ল নতুন অসমীয়া জাতি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)