আধুনিক সমাজ আৰু মানসিক চাপ ~ জয়াশ্ৰী মহন্ত বৰুৱা

Mousumi Bhuyan
0
আধুনিক যুগটোৱে টে'নছনৰ যুগ।টেনছন,দুশ্চিন্তাৰ পৰা মুক্তি পাবলৈ হ'লে আমি সৰু-সুৰা বিষয়বোৰ আওকাণ কৰি চলিব লাগিব। সকলোবোৰ বিষয়তে অযথা মূৰ ঘমালে টেনছনত আক্রান্ত হোৱাৰ সম্ভাৱনাই বেছি। 'এজোপা চাৰি -পাঁচশ বছৰীয়া পুৰণা গছক ধুমুহা-বৰষুণ-বজ্ৰপাতে যিমান ক্ষতি কৰিব নোৱাৰে, এটা সামন্য পোকে কিন্তু তাতকৈ অধিক ক্ষতি কৰিব পাৰে।' যিহেতু মনৰ মাজতেই টেনছনৰ ৰাজত্ব, টেনছনৰ একচ্ছত্ৰী সাম্ৰাজ্য সেয়ে মনক খৰচি মাৰি বুজিব পাৰিলেই, তাৰ ওপৰত প্ৰভুত্ব খটুৱাব পাৰিলেই এই টেনছন নামৰ প্ৰৱল প্ৰতাপী সাম্ৰাটক পৰাস্ত কৰিব পৰা যাব। মনৰ প্ৰকৃতি ধৰিবলৈ টান। মন চঞ্চল, ৰহস্যময়ো। মনে কি বিচাৰে,মনৰ কি হয়, ক্ষণে ক্ষণে ৰং সলাই মনে কিয় আমনি কৰে,সেয়া মনোবিজ্ঞানীৰ বাবে গৱেষণাৰ বিষয়। কেতিয়াবা মন হয় উগুল থুগুল, বৰ্ষা বৰষুণ গোট খাই থকা কলিয়া ডাৱৰৰে ভৰা আকাশখনৰ দৰে বুকুখন গধুৰ গধুৰ লাগে।কেতিয়াবা মন হয় থৌকি-বাথৌ,আনন্দত আত্মহাৰা।সাধাৰণ অৱস্থাত ব্যক্তিয়ে বুজিবই নোৱাৰে মনৰ পৰৱৰ্তী কাৰ্যকলাপৰ কথা।কোনো আগলি বতৰা নিদিয়াকৈ বিজুল-ঢেৰেকনিৰে ধুমুহা-বজ্ৰপাতৰ সৃষ্টি কৰা মন,হেজাৰ জনৰ মাজত থাকিও অকলশৰীয়া,উৰুঙা-উৰুঙা কৰা মন,হঠাতে ময়ূৰৰ দৰে পেখম ধৰি নাচি উঠা মন -বহুৰুপী,বিচিত্ৰ এই মনক শাসনত ৰখাটোৱেই কষ্টসাধ্য। অনুশীলন, ঐকান্তিক আৰু ধাৰাবাহিক চেষ্টাৰ সহায়তহে মনক বশ কৰিব পৰা যায় আৰু মনৰ গতিবিধিৰ সন্ধান পোৱা যায়।লগতে ইয়াৰ ওপৰত প্ৰভূত্ব খটুৱাটো ও সম্ভৱপৰ হয়।বৰ্তমান যুগ অফুৰন্ত চাহিদা পূৰণৰ যুগ।প্ৰতিটো মুহূৰ্ততে আমি চাহিদা পূৰণৰ অৰ্থে অৰ্থ উপাৰ্জনৰ প্ৰতিযোগিতাত মতলীয়া। লগতে ইন্দ্ৰিয়গত সুখ-স্বাচ্ছন্দ্য লাভ কৰাৰ লেকাম হীন প্ৰৱণতাই আমাক মানৱতাহীন যন্ত্ৰমানৱত পৰিণত কৰিছে।ফলত আমি হৈ পৰিছো বিচ্ছিন্ন, অকলশৰীয়া। বিচ্ছিন্নতাৰ ফলতে মন গহনত সৃষ্টি হয় হেজাৰটা যন্ত্ৰণা - নিঃসংগতা,নিৰাশা,ক্লান্তি, অৱসাদ,উদ্বিগ্নতা ,উচ্ছৃংখলতা আৰু যে কত কি ! কিন্তু এই সকলোবোৰকে সাঙুৰি মাথোঁ এটা শব্দৰে প্ৰকাশ কৰিব পাৰোঁ- টে'নছন। হয় ইয়েই সহস্ৰ উপসৰ্গযুক্ত দূৰাৰোগ্য মহামাৰী।তেনেহ'লে টেনছনগস্ত ব্যক্তিৰ কৰণীয় কৰ্তব্য কি? এই দুশ্চিন্তা,উদ্বিগ্নতাৰ অন্ধ কুপৰ পৰা ওলাই অহাৰ বাবে কোনো পথ নাই নে? নিশ্চিত আছে।টেনছন আক্রান্ত ব্যক্তিয়ে অৱশ্যে পালন কৰিব লগা কৰ্তব্য সমূহ

1.মনৰ আকাশখন শৰতৰ আকাশৰ দৰে মেঘমুক্তকৈ ৰাখক।জীৱনৰ কোনো সমস্যাই আপোনাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিব। 
2.সকলো সময়তে আনন্দ মনেৰে,প্ৰফুল্ল চিত্তৰে থাকিবলৈ চেষ্টা কৰক।
3.অত্যধিক স্পৰ্শ কাতৰ আৰু চেতনাশীল নহ'ব।
4.ভয়ৰ পৰাই বেছিকৈ মানসিক উৎকণ্ঠাৰ উৎপত্তিৰ হয়।গতিকে নিজকে ভয়মুক্ত কৰক।
5.যিমান দূৰ সম্ভৱ হয়,চিন্তা নকৰাকৈ থাকক।
6.যেতিয়াই কোনো সমস্যাৰ সন্মুখীন হব, লগে লগে সেইটো সমাধানৰ চেষ্টা কৰক।
7.বেছি আৱেগপ্ৰৱণ ন'হব।8.জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই সাহসক সাৰথি কৰি আগুৱাই যাওক।
9.পৰনিন্দা,পৰচৰ্চাৰ পৰা বিৰত থাকক। 
10.খং নকৰিব, খংত টে'নছন বৃদ্ধি হয়।
11.আয় চাই ব্যয় কৰাৰ অভ্যাস গঢ়ি তোলক। কাকো ঈৰ্ষা নকৰিব, ঈৰ্ষাক মনৰ পৰা বিদায় দিয়ক।

 12.সহনশীল আৰু পাৰিপাৰ্শ্বিক পৰিবেশৰ লগত খাপ খাই পৰিব পৰা গুণ অৰ্থাৎ অভিযোজন,ক্ষমতাৰ গৰাকী হ'বলৈ চেষ্টা কৰক,মানসিক উদ্বেগে আপোনাৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰি।

13.মানুহৰ জীৱনত সমস্যা আছে,চাহিদা আছে,সেয়ে টেনছনো থাকিবই। আকৌ ধৈৰ্য ,সাহস আৰু মনোবলক সংগী কৰি সহজেই নিজকে টেনছনমুক্ত কৰি ৰখা সম্ভৱ।

14.আমি মানুহ, আমাৰ জ্ঞান, বুদ্ধি,বিবেক আছে।আমি সমস্যাত বিতত নহৈ তাক সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। সকলোকে মনে প্ৰাণে ভাল পাওঁক,আনৰ মংগল কামনা কৰক ।অযথা আকাংক্ষা নকৰিব।

15.জীৱনত সমস্যা আছে,থাকিবই। টেনছন আছে,থাকিবই। এই টেনছন ক জয় কৰাৰ শক্তি,ও আমাৰ ভিতৰতেই আছে।সকলো সময়তে কিবা নহয় কিবা কামত মগ্ন থাকক।

আধুনিক যুগটোৱে টেনছনৰ যুগ। মানুহে নিজে মনৰ জোৰ আনিব লাগিব। আমাৰ বাহিৰৰ চেহেৰাটো সুন্দৰ আৰু সুঠাম কৈ ৰখাৰ বাবে আমি সকলোৱেই নানা ধৰণৰ যত্ন কৰো।তেনেদৰেই শৰীৰৰ ভিতৰখনো আমি মজবুত আৰু আছিলগৈ ৰখাৰ চেষ্টা কৰা উচিত। কেৱল যোগাভ্যাসৰ মাধ্যমৰেহে শৰীৰটো সবল-সুঠাম আৰু নিৰুগী কৰি ৰখাটো সম্ভৱপৰ। যোগাভ্যাস কৰিলে টে'নছন তো দূৰৰ কথা আন কোনো ৰোগেই আমাক সহজে বশীভুত কৰিব নোৱাৰিব।প্ৰচুৰ পৰিমাণে টকা -পইচা থাকিলেও মানুহ অসুখী হ'ব পাৰে।অমাৱস্যাৰ ঘোৰ অন্ধকাৰৰ পিছতেই সোণালী সূৰুযৰ কিৰণেৰে প্ৰকৃতি জলমলাই উঠে।গতিকে অযথা কোনো সমস্যাক লৈয়ে টেনছন নকৰিব। আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব আৰু মানসিক উৎকণ্ঠা হ্ৰাস প্ৰাপ্ত হ'ব।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)