যেন এক হৃদয়ৰ ধ্বনি
আইতা ,যাৰ নামতেই
অফুৰন্ত ভালপোৱা,
আইতা , যেন আইৰ
দ্বিতীয় স্বৰূপ,
এটি নিস্বাৰ্থ ভালপোৱা।
আইতা,যাৰ নামতেই
লুকাই থাকে
মৰম,স্নেহৰ এনাজৰী।
আইতা, থাকিবানে তুমি
অনিৰ্দিষ্ট কাললৈ
মোৰ জীৱনৰ অন্তিম সময়লৈ ,
আইতা, কোনেনো দিব আশীৰ্বাদ
জীৱন যুদ্ধত সফল নোহোৱালৈ,
কোনেনো দিব মূৰত হাত বুলাই
টোপনি নহালৈ ,
কোনেনো কৰিব মোৰ হৈ
নিস্বাৰ্থজনিত ওকালতি,
কোননো হাতত তুলি দিব
আচলৰ পৰা উলিয়াই
ভালপোৱাৰ প্ৰতিকত
দিয়া কেইটামান মুদ্ৰা,
বিদায় বেলাত
কোনেনো চাই থাকিব
চকুৰে ঢুকি নোপোৱালৈ।
অ , আইতা
থাকি যোৱানা আমাৰ মাজত
অনিৰ্দিষ্ট কাললৈ,
বাৰে বাৰে উচুপি উঠে বুকু
তোমাক হেৰুৱাৰ তাৰণাত ।
তুমি অনন্যা,
কিজানি শেষ নহ'ব
তোমাৰ ব্যক্ত বৰ্ণনা।
অ , আইতা তুমি সঁচাকে মহান
তুমি মোৰ নমস্য প্ৰাণ ।।
📌সৰিফুল আলম
মায়ং,মৰিগাঁও

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ