এটা ৰাতিৰ ডায়েৰী-তৃষা কটকী

Rinku Rajowar
0
মানুহজনে নিশা আৰু হীৰকক ঘৰটোৰ ভিতৰলৈ লৈ গ’ল।মানুহজনৰ পিছে পিছে নিশা আৰু হীৰক চিৰিয়েদি ওপৰমহলালৈ উঠি গ’ল।হঠাৎ এখন দৰ্জাৰ কাষত মানুহজনে পকেটৰ পৰা চাবিপাত উলিয়াই দৰ্জাখন খুলিলে আৰু ভিতৰলৈ সোমাই গ’ল।তেওঁ ভিতৰৰ লাইট টো জ্বলাই দিলে।হীৰক আৰু নিশা কোঠাটোলৈ সোমাই গ’ল।
“আপোনালোকে  এইটো কোঠাতে থাকিব পাৰিব।নিজৰ ঘৰ বুলি ভাবিব দেই।বেৰত নিয়মবোৰ লিখা আছেএবাৰ চাই ল’ব।বাথৰূমৰ ফ্লাচ টো অলপ সাৱধানে মাৰিব।পানী আছেই।এতিয়ালৈ আহো।গুড নাইট”।এইবুলি কৈ হীৰকৰ পিঠিত চপৰিয়াই মানুহজন বাহিৰলৈ ওলাই গ’ল।হীৰকে দুৱাৰখন বন্ধ কৰি কোঠাৰ ভিতৰলৈ সোমাই আহিল।
“বিচনাচাদৰ,গাৰু ক’ভাৰ,কম্বল দুখনৰ পুৰণা এটা গোন্ধ আছে।হয়তো ভালদৰে ধোৱা নাই ।এ চি টো থকাৰ বাবে এইটো ডিলাক্স ৰূম বুলি ক’লে ছাগৈ”।নিশাই কথাখিনি কৈ কৈ এচিটো থকাৰ ফালে  আগবাঢ়ি গ’ল।হঠাতে তাইৰ মূৰৰ ওপৰেদি দুটা ঘৰচিৰিকাই ৰূমটোৰ ভিতৰত শব্দ কৰি অগাদেৱা কৰিবলৈ ধৰিলে।
“চোৱানা।এই ৰুমটোত চৰাই আছে।কি কৰো এতিয়া।উলিয়াই দিয়াচোন।নহ’লে আমাৰ শোৱা নহ’ব”।নিশাই হীৰকৰ ওচৰলৈ দৌৰি আহি ক’লে।
“এহ হে।বৰ বেয়া কথা হ’ল।ৰ’বা মই ভেণ্টিলেছনখন খুলি দিও।তুমি সিফালৰ পৰা খেদাই দিবা”।এইবুলি কৈ হীৰকে খিৰিকীৰ ওপৰত উঠি কোঠাটোৰ ভেণ্টিলেছনখন খুলি দিলে।
যা:।যা: নিশাই বিচনাৰ ওপৰত উঠি চৰাই খেদিবৰ বাবে আগুৱাই গ’ল।এইবাৰ তিনিটা ঘৰচিৰিকাই অগাদেৱা কৰিলে।“এইটো আক’ ক’ৰ পৰা ওলাল।তিনিটা আছে মানে”।নিশা আৰু হীৰকে চৰাই কেইটা বাহিৰলৈ উলিয়াবৰ বাবে কিছুসময় যুঁজি থাকিল।হীৰকে আকৌ এইবাৰ খিৰিকীখনত উঠিল। “তুমি খেদোৱা আৰু ওলাই গ’লে মই এইখন জপাই দিম”।
নিশাই বাৰম্বাৰ চেষ্টা কৰিলে চৰাইকেইটাক বাহিৰলৈ পঠিয়াবলৈ।তিনিটাৰ এটা চৰাই ভেণ্টিলেছনেদি ওলাই গ’ল।বাকী দুটাই শব্দ কৰি কোঠাৰ ভিতৰতে থাকিল।নিশা আৰু হীৰক দুয়ো ভাগৰি পৰিল ।হীৰকে ভেণ্টিলেছনখন মাৰিব খোজোতেই কিবা এটা অস্পষ্ট এন্দুৰৰ দৰে জীৱ এটাই মূৰটো মূৰটো উলিয়াই এচিটো সংযোগ কৰা বাহিৰৰ ফালে ওলোৱা সোমোৱা কৰি থাকিল।
“ইয়াত দেখোন এন্দুৰও আছে”।নিশাই ভেণ্টিলেছনখনৰ ফালে একেথিৰে চাই ক’লে।
“জংঘলৰ মাজত থকা যেন হে অনুভৱ হৈছে।চৰাইৰ মাত,অচিনাকী শব্দ ।টকাটো হ’লে বেছিকৈয়ে ল’লে”।হীৰকে ভোৰভোৰালে।
“বাদ দিয়া আৰু।নামি আহা।শুই থাকাহি।কিমান আৰু এইদৰে লাগি থাকিবা।আজি ৰাতিটো চৰাইৰ লগতে থকা হ’ব আৰু উপায় নাই”।নিশাই দুখমনেৰে ক’লে।
হীৰকে বাধ্য ছাত্ৰৰ দৰে নামি আহিল বিচনাৰফালে।নিশাই কোঠাটোৰ পৰা ওলাই কাষতে থকা ক’ৰিডৰৰ সংযোগী দুৱাৰখন জপাই দিব খোজোতেই সংলগ্ন আন এটা কোঠাৰ দুৱাৰত লগাই থোৱা এটা তলাত লাগি হঠাতে দুৱাৰখন বন্ধ হৈ থাকিল।তাই বাৰম্বাৰ খুলিবলৈ চেষ্টা কৰোতেও তলাটোৰ বাবে দুৱাৰখন খুলিব নোৱাৰিলে।উপাইহীন হৈ তাই এইবাৰ হীৰকক ভয়াৰ্ত কণ্ঠেৰে মাতিলে।হীৰক তাইৰ কাষলৈ দৌৰি আহিল।
“আকৌ কি হ’ল”?
“চোৱানা দুৱাৰখন ফচি থাকিল।আমি এতিয়া কেনেকৈ ওলাম।ইমান চেষ্টা কৰিও পৰা নাই খুলিব।তুমি খোলাচোন”।নিশাই পিছুৱাই আহি হীৰকক আগবঢ়াই দিলে।
“হে প্ৰভু,কি কি যে হৈ আছে”।কথাখিনি কৈয়ে হীৰকে দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলে।কেইবাবাৰো চেষ্টা কৰাৰ পিছত দুৱাৰখন এটাসময়ত  খুলি গ’ল।হয়তো হীৰকৰ সেই কষ্ট দেখি প্ৰভু ঈশ্বৰৰ দয়া ওপজিল!
“থেংক গড।খুলিল যে”।এইবুলি নিশাই দুই হাতেৰে নমস্কাৰ কৰাৰ ভংগীত মূৰৰ ওচৰলৈ নি ক’লে।
“ব’লা বৰ ভাগৰ লাগিছে।শোও গৈ”।হীৰক বিচনাৰ ফালে আগুৱাই গ’ল।কম্বলখন টানি হীৰকে বিচনাত বাগৰিল।নিশাই ম’বাইলত দুটামান ৰিলছ চাই বিচনাৰ কাষত থ’লে।তাইও হীৰকৰ কাষতে গাৰুটো লৈ শুবৰ বাবে গ’ল।
হীৰকে তাইক তাৰ গাৰ কাষলৈ চপাই আনিলে।তাইও সজোৰে হীৰকক সাৱটি ধৰিলে।আলিংগনৰ উষ্ম স্পৰ্শত দুয়ো মতলীয়া হৈ পৰিল।নিশাৰ দুই শুকান ওঠঁত হীৰকে দুই ওঁঠেৰে  সংপিক্ত কৰিলে।কামনাৰ চৰম সীমাত দুইখন হৃদয় এক হ’ল।দুই আত্মাই সন্তুোষ্টিৰে তৃপ্ত হ’ল।এটা আতংকময় পৰিৱেশত সিঁহতৰ ৰোমান্তিক মূহূৰ্তই কিছুসময়ৰ বাবে দুয়োকে বিলীন কৰি দিলে।
হীৰকে তাইক সাৱটি থাকিয়েই টোপনি গ’ল।কিন্তু নিশাৰ ওৰেৰাতি টোপনি নাহিল।।হীৰকৰ উশাহ নিশাহবোৰ তাইৰ বুকুত পৰা যেন শুনিবলৈ পালে।তাই আলফুলে হাতেৰে হীৰকৰ মূৰত চুলিখিনিত মোহাৰি থাকিল।
চটপ চটপ!চেণ্ডেলৰে কোনোবাই যেন খোজ কাঢ়িছে।কোন হ’ব পাৰে এই মাজ ৰাতিখন।কেইবাবাৰো তেনেকৈয়ে শব্দটো আহি থাকিল।নিশাই শব্দবোৰ যিমান পাৰে আওকাণ কৰি হীৰকক সাৱটি ধৰি শুবৰ চেষ্টা কৰিলে।হীৰকৰ গভীৰ টোপনি।তাক জগালেও সমাধান নোলাব।অচিনাকী কোঠাটোত অচিনাকী শব্দবোৰে নিশাক শুবলৈ নিদিলে।
ৰাতিপুৱাইছিল তেতিয়া।সূৰ্যৰ কিৰণে কোঠাটোত পোহৰাই তুলিছিল।হীৰকে সাৰ পাই বিচনাৰ ওপৰত উঠি ওপৰলৈ চালে।তাৰপিছত সি পোনছাটেই খিৰিকীত থকা গ্ৰীলত উঠি ভেণ্টিলেচনখন খোলা মেলা কৰি দিলে।চিলিমিলি টোপনিত থকা নিশাই হীৰকক সুধিলে, “কি কৰি আছানো তুমি”?
“অই চৰাই কিটা নাই জানানে।গ’ল ছাগৈ”।আচৰিত হৈ হীৰকে ক’লে।
“এহ থাকক দিয়া।এনেও গোটেই ৰাতি এনেকৈয়ে কটালো।তুমিতো শুলাই।মই চাটৰ ওপৰত ভৰিৰে খোজকঢ়া শব্দ শুনিছিলো”।
“কি কোৱা হে।মোক জগাই নিদিলা কিয়”?
“তোমাক জগাবৰ মন নগ’ল।ভাগৰত আছিলা ন’ তুমি।গুচি আহা।যামেই অলপ পিছত”।
হীৰক নামি আহিল তাইৰ ওচৰলৈ আৰু তাইৰ কপালত চুমা এটা আঁকি দি ক’লে, “কলিজা বৰ চিন্তা কৰা ন’ মোলৈ”।
“তুমিয়েই তো মোৰ সকলো ।এইবাৰৰ পৰা এনেকুৱা গেষ্ট হাউছত নাথাকো দেই।লাগিলে থ্ৰি ষ্টাৰ বা ফাইভ ষ্টাৰ হোটেলতে থাকিম।ৰ’বা মই গাটো ধুই আহোগৈ।এইবুলি নিশাই টাৱেল আৰু কাপোৰ যোৰ লৈ বাথৰূমলৈ গৈ ভগৱানৰ নাম মাতি মাতিয়েই।
বাথৰূমৰ পৰা কোঠালৈ ওলাই আহি নিশাই দেখিলে হীৰক নিউজ শুনাত ব্যস্ত।
“অই তুমি ৰেডি হোৱা।সোনকালে ইয়াৰ পৰা ওলাই যাওঁ ব’লা”।নিশাই কাতৰ আহ্বানেৰে হীৰকক ক’লে।
“অ’গৈছো।চাবোন টুথপেষ্ট টাৱেল আছেনে”?
“ইয়াত নাই এইবোৰ।মই বেগত ভৰাই লৈ আহিছিলো।ননা হ’লে দিগদাৰেই আছিল”।মুখ বেকেটা কৰি নিশাই ক’লে।
“কিযে ব্যৱসায় কৰে এই খিলঞ্জীয়া মানুহবোৰে?ভূমিপুত্ৰ বুলি ভাবিয়েই অলপ  উৎসাহ দিব আহিছিলো।দৰকাৰী বস্তুকেইটাও নাৰাখে।আৰু টকাটো হ’’লে এডভান্স লাগে”।হীৰকে খঙেৰে কথাখিনি কৈ বাথৰূমলৈ গ’ল।
কিছু মূহূৰ্তৰ পিছতেই হীৰক ওলাই আহিল বাথৰূমৰ পৰা।সিও কাপোৰ পিন্ধি ৰেডি হ’ল।নিশা আৰু হীৰক দুয়ো কোঠাটো তলা মাৰি চাবিটো লৈ চিৰিৰে তললৈ নামি আহিল।গেষ্ট হাউছৰ মানুহজনক সমুখতে লগ পোৱাত হীৰকে চাবিটো গতাই দিলে।
“ৰ’বছোন দাদা।আপোনাৰ ম’বাইল ফোনটো উলিয়াওকচোন।“মানুহজনে হীৰকৰ পিঠিত হাতখন  থৈ ক’লে।
অজলা মানুহৰ দৰে হীৰকে পেণ্টৰ জেপৰ পৰা ম’বাইলটো উলিয়ালে। 
“গুগুলটো খোলকচোন।তাতে আপোনালোকে কোঠাটোত থাকি কেনেকুৱা পালে,মোৰ ব্যবহাৰ কেনে পালে এটা ফিডবেক দিয়ক”।মানুহজনে হীৰকৰ ম’বাইলটো লৈ নিজেই যেন কমেণ্ট লিখিব এনেকুৱা ধৰণৰ আচৰণ কৰিলে।
নিশাই ঘোপাকৈ হীৰকলৈ চালে।নিশা কিছু আঁতৰলৈ গ’ল।মানুহজনক ফিডবেকৰ সন্তুষ্টতা প্ৰদান কৰি মানুহজনৰ পৰা হীৰকে বিদায় লৈ আহিল।গেটখন খুলি নিশা আৰু হীৰক মুক্তমনেৰে বাহিৰলৈ ওলাই আহিল।ফিৰফিৰীয়া বতাহ এজাকে আহি কৈ গ’ল যেন এটা ৰাতিৰ ডায়েৰীয়ে সিঁহতৰ জীৱনৰ ৰোমাঞ্চকৰ পৃষ্ঠাক সজীৱ  কৰি তুলিলে।

📌তৃষা কটকী
গুৱাহাটী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)