মানৱ জীৱনৰ মূল ভেটি শিক্ষা। শিক্ষা অবিহনে এজন ব্যক্তি উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিয়াটো সম্ভৱ নহয়। সেয়া লাগিলে আনুষ্ঠানিকয়েই হওঁক বা অনানুষ্ঠানিক । মুঠতে শিক্ষা জীৱনৰ মূল চালিকা শক্তি । শিক্ষাৰ আৰম্ভণি হয় নিজৰ ঘৰখনৰ পৰা। তাৰ পাছতহে বিদ্যালয়। পিতৃ - মাতৃ হৈছে আদি গুৰু। গতিকে ঘৰ খনৰ পৰা আৰম্ভ কৰা শিক্ষাক কেন্দ্র কৰিয়েই আনুষ্ঠানিক শিক্ষাৰ যাত্রা আৰম্ভ হয়। যুগৰ পৰিবৰ্তনৰ লগে লগে সমাজত বিভিন্ন ধৰণৰ পৰিবৰ্তন আহিছে। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত হোৱা এটা বিশেষ পৰিবৰ্তন হ'ল বৰ্তমানৰ অতি সচেতন অভিভাৱক সকল। অৱশ্যে সকলো অভিভাবক ইয়াত সামৰি লোৱা হোৱা নাই। একাংশৰ কথাহে কোৱা হৈছে।
অতি সচেতন অভিভাৱকৰ ধাৰণাটো বৰ সহজ ভাৱে গ্ৰহণযোগ্য হৈ থকা নাই। ই অজ্ঞাতেই একোটা প্ৰজন্মক ধ্বংসৰ গৰাহলৈ লৈ গৈছে। ইয়াত ছাত্র ছাত্রী অথবা সন্তানৰ দোষ নাই। দোষ আছে অতি সচেতন অভিভাৱক সকলৰ। সাধাৰণ শ্ৰেণী পৰীক্ষা এটাৰ বাবে আজিকালি পিতৃ মাতৃৰ মাজত হোৱা ব্যস্ততাই ভাবিবলৈ বাধ্য কৰাই - পৰীক্ষা আচলতে কাৰ? সন্তানৰ নে অভিভাৱকৰ। ছয়মহিলী অথবা বছৰেকীয়া পৰীক্ষাৰ কথাটো বাদেই দিছো। সেই পৰীক্ষাৰ দুমাহ আগৰ পৰাই , কেতিয়াবাতো এবছৰ আগৰ পৰাই উচ্চ খাপৰ পৰীক্ষাৰ দৰে প্ৰস্তুতি। খোৱা - বোৱা, নচা-বগা, খেলা-ধূলা সকলোতে নিষেধাজ্ঞা। কথা এটাই পৰীক্ষা পালেহি। সন্তানক কেৱল যন্ত্রৰ দৰে ব্যবহাৰ কৰি সিহঁতৰ আৱেগ - অনুভূতি, ইচ্ছা - আকাংখ্যাক জলাঞ্জলি দি অতি সচেতন অভিভাৱক সকল ব্যস্ত হয় পৰীক্ষাৰ প্ৰস্তুতিত। সেই দিনকেইটাত সন্তানটো কেৱল অভিভাৱকৰ ইচ্ছা পূৰণ কৰা এটা যন্ত্রতকৈ আন একো হ'ব নোৱাৰে । ইয়াৰ কাৰণ কি জানেনে? আমোকৰ পুতেক অথবা জীয়েকে যদি মোৰ ল'ৰা বা ছোৱালীজনীতকৈ বেছি নম্বৰ পাই কি হ'ব ! আনকি অংকুৰ, মুকুল প্ৰথম,দ্বিতীয় শ্ৰেণীৰ কণমানি কেইটাও সাৰি যাব নোৱাৰে । কিয়নো স্বাৰ্থ আত্মকেন্দ্রিক। নিজৰ সন্তানটোৱেই যেন শ্ৰেষ্ঠ। নিজৰ সন্তানটোতকৈ আনৰ সন্তানক ভাল বুলি ভাৱিব পৰাৰ সৎ সাহস এতিয়াৰ অতি সচেতন অভিভাৱক সকলৰ নাই। সন্তানক কি শিকালে তাৰ ওপৰত গুৰুত্ব নাই। গুৰুত্ব কেৱল সন্তানক নাকে মূখে গুজি কিম্বা ভাটৌৰ দৰে মুখস্থ কৰাই আনৰ সন্তানতকৈ কিমান নম্বৰ বেছিকৈ আনিব পাৰি তাৰ ওপৰত। অথচ সেই একেজন অভিভাৱকেই আনজন অভিভাৱকৰ সূখ দূখৰ লগৰী। এয়াই বৰ্তমানৰ অতি সচেতন অভিভাৱক।
আমি কোনোবা খিনিত সন্তানৰ সৰু সৰু সূখবোৰৰ কথা পাহৰি গৈছো। সৰু সৰু দোষবোৰ খুচৰি খুচৰি ডাঙৰ কৰি সমস্ত দোষক অতি সচেতক অভিভাৱকে নিজৰ পৰা এৰোৱাই জাপি দিয়ে নিজৰ সন্তান অথবা বন্ধু - বান্ধব অথবা তাতোকৈ সহজ বিদ্যালয়ৰ শিক্ষকক। বিদ্যালয়ৰ শিক্ষকক সন্তানৰ সন্মুখতে যদি ধমক দিবলৈ কুন্ঠাবোধ নকৰে তেন্তে তেনে অভিভাৱকৰ সন্তানে শিক্ষকক ভয়, ককৰ্থনা কৰিবলৈ সাহস কৰাটো একেবাৰেই স্বাভাবিক কথা। পখিলা খেদাৰ বয়সত ঘৰৰ ভিতৰত সোমোৱাই ভাল - বেয়া, উচিত - অনুচিত আদি ভাৱনাৰ পৰা বঞ্চিত কৰি ৰখা সন্তানটোৱে কেনেকৈ জানিব কেতিয়া কি কাম কৰিব লাগে, কাৰ সৈতে কেনেকৈ কথা পাতিব লাগে, কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে।এই ক্ষেত্ৰত দোষ কাৰ? দোষ আমাৰ অতি সচেতন অভিভাৱক সকলৰ।
সন্তানৰ ৰাপ থাকক নাথাকক আমোকৰ পুতেকে তবলা শিকিছে, টাইকোৱানড' শিকিছে, নাচ শিকিছে মোৰ ল'ৰাই নিশিকিব কিয়? সন্তানৰ ইচ্ছাৰ বিৰোধে গৈ তাকো নাম লগাই দিছে। শেষত ফলাফল শূন্য। কোনো ফালেই একো নহ'ল। দোষ হ'ল সন্তান অথবা প্ৰতিষ্ঠানটোৰ। সন্তানৰ দোষ এনেকুৱা - 'কোনো কামতেই আগ্রহ নাই। টকা কেইটা পানীত পেলালি। আমোকৰ ল'ৰাই তেনেকৈয়ে শিকি আছে। তই হে নোৱাৰ।' আকৌ প্ৰতিষ্ঠানৰ দোষ এনেকুৱা- "ভালকৈ শিকাব পৰা মানুহেই নাই" ইত্যাদি ইত্যাদি। অতি সচেতক অভিভাৱক সকলৰ আন এটা সমস্যা কি জানে নে? গাৱঁৰ ল'ৰা ছোৱালীৰ সৈতে খেলা ধূলা কৰিলে দুষ্ট হ'ব। চোতালৰ ধূলি বোকা লাগিলে বেমাৰ হ'ব।গতিকে পাৰিলে চহৰৰ পাৰ্কলৈ নিব। গাৱঁৰ নামঘৰত নাট- ভাওনা , খোল-তাল, বৰগীত শিকিলে সন্মান যাব। পাৰিলে চহৰলৈ নি হাজাৰ টকা খৰচ কৰি পশ্চিমীয়া সংগীত শিকাব। শিকাবই দিয়কচোন। পিঠিত খোলটো লৈ গ'লে, সন্তানৰ মূখত বৰগীত, জ্যোতি সংগীত শুনিলে গাৱঁলীয়া বুলি কোনোবাই ইতিকিং কৰে বুলি গীটাৰ খন পিঠিত দি বুকু ডাঠ কৰি চলিব পাৰে আমাৰ অতি সচেতন অভিভাৱক সকল। ঘৰতে মোবাইল ফোনত ব্যস্ত ৰাখিব পৰাত নিপুণ আমাৰ অতি সচেতন অভিভাৱক সকল। কিন্তু গাৱঁৰ নামঘৰত ভাওনাৰ আখৰা কৰিবলৈ গ'লে কিমান সময় অবাবতে নষ্ট হয় সেয়া আমাৰ অতি সচেতন অভিভাৱক সকলে ঠিকেই বুজিব পাৰে। বুজিবই দিয়কচোন। আনৰ সন্তানৰ সৈতে তুলনা কৰিবলৈ ভাওনাৰ কথাটা ক'ব পৰা নাযাব। গাৱঁলীয়াই হে ভাওনা কৰে। এয়া মাত্র উদাহৰণ স্বৰূপ। অতি সচেতক অভিভাৱকে ভবাই নাই সমাজ অবিহনে তেওঁলোকৰ সন্তানৰ অস্তিত্ব কি হ'ব। কেৱল পাঠ্যপুথিৰ দুই এটা কথা শিকাই পৰীক্ষাৰ বহীত পোৱা নম্বৰ কেইটা যে মূল্যহীন অনুভৱ কৰক অতি সচেতন অভিভাৱক সকলে। সন্তানটোক মানুহ হিচাপে গঢ় দিয়াৰ চেষ্টা কৰক। নিজৰ সন্তানকে শ্ৰেষ্ঠ বুলি ভাৱি দেখিও নেদেখাৰ ভাও লৈ নিজৰ সন্তানৰ তুলনা আনৰ সৈতে কৰিলে আপুনি গঢ় দিবলৈ চেষ্টা কৰা সন্তানটো আৱেগ - অনুভূতি, ইচ্ছা - আকাংখ্যাৰ বিপৰীতে গৈ আপোনাকেই সমাজত বিপদত পেলাব। সচেতন হ'ব লাগে। কিন্তু অতি সচেতনে আপোনাৰ সন্তানৰ ক্ষতি কৰিব। শ্ৰেণীকোঠাৰ পঞ্চাশ জন ছাত্র ছাত্রীৰ সৈতে ঈৰ্ষা নহয় বন্ধুত্ব আৰু ভাতৃত্ববোধেৰে থাকিবলৈ শিকাওক।তেতিয়া অদূৰ ভৱিষ্যতে বৃদ্ধাশ্রমত থৈ অহা সন্তান গঢ় লৈ নুঠে।বৰঞ্চ এজন ভাল মানুহ গঢ় লৈ উঠিব। অন্যথা ভৱিষ্যতৰ প্ৰজন্মই আপুনি যি শিকালে তাকেই কৰিব। তেতিয়া আৰু ইয়াৰ পৰা হাত সৰাৰ উপায় নাথাকিব।
📌জ্ঞানদ্বীপ হাজৰিকা
ফোন : ৬০০২১২১৭৪২

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ