আগুৱাইছো ধীৰে, যদিও বাটৰ সন্ধান নাই
অধীৰ , অশৰীৰ লক্ষ্য বিচাৰি
জোনাকীৰ তাপঁত জোনাক গলি যায়
পোহঁৰ চোন তেওঁ বিচাৰি নেপায় ,
আন্ধাৰত, আন্ধাঁৰে নিজকে সাজাঁয়
কিজানিবা আনে বুজিব, তমসাত লুকাই।।
নিৰৱতাৰ শব্দত সৰলতাৰ নিবাৰণ
আহ্বান সময়ৰ আতুৰতাৰ প্ৰনয়ন
কাৎচিত পোহৰত কেয়াঁবন নিদাৰুণ
নিশ্চিত পোহৰত মেঘৰ অনাৱৰণ ।
সময়ত সময়ৰ সমতা ৰক্ষা কৰা তান
সময়ৰ পাক-চক্ৰত এন্ধাৰৰ জয় গান,
হেজাৰ উচৰ্গাত ও আন্তৰিকতাক আওকাণ
সময়ৰ সলনিত সমূলে থান-বাণ,
অতি ! সোনকালেই ক্ষতি হৈ পৰে
নিশ্চিত পোহৰতো, আন্ধাৰৰ যোগান ধৰে
মতিৰ বিভ্ৰান্তিত, বিবেক শুন্য কৰে
আশ্বস্থ ক্ষণ ! ক্ষতিকৰ কৰিব ধৰে ।।
📌সমৰেন্দ্ৰ হালৈ, দিল্লী

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ