সৃষ্টিৰ অভিমানৰ কথাৰে-প্ৰৱীণ ৰাজবংশী

Rinku Rajowar
0
সৃষ্টিৰ আছে এটি সুন্দৰ মন
য’ত বিছাৰি পাওঁ
সঁচা মানৱতাৰ কবিতাৰ ভাষা
ভাল লগাৰ পৰা 
ভাল পোৱালৈকে 
এক সুকীয়া মাদকতা ৷

সৃষ্টি যেতিয়া বিষিদৰ
চকু পানী টুকে
নিৰৱে নিজানত
নিচুকাবলৈ লাগে
সতেজ জোনাকী দেশৰ
কবিতাৰ শব্দৰ মাদকতা ৷

সৃষ্টিৰ নাই আজি আহৰি
অনুভৱ কবিতাৰ শব্দৰ
লিহিৰি আঙুলিৰ পৰশ
আলফুলে বিলাই দিবলৈ 
হবনে তোমাৰ সময় আজি
এবাৰ কোমল আঙুলি পৰশ
বিলাই দিবলৈ মুক্ত মনে ৷

সময় থাকোতেই বিলাই দিয়া
মনৰ কোঠালিত খিলখিলাই
হাঁহি থকা সতেজ অনুভৱ 
আকৌ জীপাল হৈ পৰিব
সেউজীয়া কবিতাৰ পথাৰ খন
সৃষ্টিৰ অভিমানৰ কথাৰে ৷

জোকাৰি দেশৰ
সেউজীয়া ভাষাৰে
সঁচা মানৱতাৰ নিভাঁজ
একাজলি সতেজ শব্দৰে
থাকিব সঁচা মানৱতাৰ শব্দ
থাকিব জোনাকী দেশৰ
হেৰাই যোৱা কবিতাৰ
আবেগিক অযুত শব্দৰ মাদকতা(ৰাজ)৷৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)