মই যেন ধীৰপদে উভটি যাওঁ
প্ৰাগ ঐতিহাসিক সেই আৰণ্যক যুগলৈ
যিদিনা বাটে-ঘাটে চোপ লৈ থকা
অলেখ মৃত্যুৰ ফাঁকে ফাঁকে
অসহায় আদিম মানুহে বিচাৰি লৈছিল
জীয়াই থকাৰ পথ।
মৃত অজগৰৰ খণ্ডিত, গলিত দেহৰ দৰে
পৰি থাকে মহানগৰীৰ পদপথ;
চৌপাশে স্তুপীকৃত আৱৰ্জনা
দুৰ্গন্ধত বন্ধ হ'ব খোজে উশাহ-নিশাহ।
পথচাৰীৰ ভৰি তলুৱাত পিচল মৃত্যুৰ স্পৰ্শ!
ৰাতিৰ অন্ধকাৰত জাগে আসুৰিক লিপ্সা,
বিবেক সমাজবোধ বিক্ৰী হয়
পাচলিও লোহাৰ দামত।
নগ্ন 'মেনহোল’ৰ ফাঁকেৰে
পুৱাৰ পোহৰত প্ৰকট হয়
সুপ্ৰাচীন নগৰীৰ কদৰ্য পংকিল ছবি ,
মানুহৰ স্খলনৰ সুগভীৰ তলি
কোব খোৱা চৰাইৰ দৰে।
📌বিনীতা মেছ
ডিব্ৰুগড়

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ