মৰমৰ মৌপখিলি,
( হৃদয়ৰ সোণপখিলী)
মৰমবোৰ শব্দত তিয়াই পঠিয়াইছো, তুমি চাকনিৰে চেকি ল'বা। লিখা নিলিখাৰ সন্ধিক্ষণত উলমি ৰয় বহু শব্দ প্ৰকাশিত - অপ্ৰকাশিত। সেই যে তুমি কোৱা "নকওঁ যোৱা তোমাক"।
স্মৃতিবোৰেই পুনৰ তোমালৈ লিখিবলৈ সাহস আৰু প্ৰেৰণা দিয়ে। গৰম পানী খিনিত চাহপাত দুটামান পৰি ৰঙীন হৈ পৰে। তুমি চাগৈ হাহিঁছা-"কি যে কয় এইডালে"।
তোমাৰ উপস্থিতিৰ বতৰা দিবলৈ এইয়া তুমি দিয়া মা-ফলা খন শীতৰ সেমেকা সন্ধিয়া বোৰত ডিঙিত মেৰিয়াই লৈছোঁ ।মই দিয়া চুৱেটাৰটো তুমি নিপিন্ধা নেকি আজিকালি, পুৰণি হ'ল চাগৈ।
সিদিনা আৱতৰীয়া শিল বৰষুণ জাকত তিতি জ্বৰত কটালোঁ পাঁচোটা দিন। সেই যে আপদীয়া কাহটো লগ নেৰা হ' ল।
প্ৰতিটো দিনৰ হেঙুলীয়া পোহৰক সোধোঁ তোমাৰ বতৰা, জোনাকী ৰাতিবোৰত তোমাৰ সুখৰ কিমান তৰা ?
ফাগুনৰ পছোৱা বতাহে সুহুৰিয়াই কৈ যায় তুমি নোহোৱা প্ৰতিটো নিৰৱ নিতাল নিশাৰ হুমুনিয়াহ, ধুলিৰে ধুসৰিত তোমাৰ মুখৰ হাঁহিৰ প্ৰতিছবি। আৰু কেতিয়াবা হয়তো হেৰাই যাব মন দাপোনৰ পৰা। সেই দিনা বাৰু কেনেকৈ মনত পেলাম সেই দিনবোৰৰ স্মৃতি।
নিলিখোঁ বুলিও লিখিলোঁ তোমালৈ কিমান যে শব্দ! তোমাৰ চাগৈ আমনি লাগিছে পঢ়ি! লগৰবোৰক দৌৰি গৈ চিঠিখন নেদেখুৱাবা, উজুটি খাবা। কপালত চুটিকৈ কটা চুলি কেইডাল নামি আহিল, তুলি লোৱা।
আৰু আছিল বহু কথা "এহ নকওঁ দিয়া আজি"। তোমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ একাঁজলি সময় উলিয়াই উত্তৰ দিবা মনত পৰিলে। চিঠিখনেৰে জাৱৰদানীটোৰ কলৱেৰ নবঢ়াবা।
শেষত
পখিলা ভাল পোৱা
গৌন প্ৰেমিক

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ