যি সিঁচিছে এসোপা শোক
উদাৰ আকাশৰ পৰা ৷
শেঁতা পৃথিৱীখনে কঢ়িয়াই
সিক্ত দুচকুত নিয়ৰৰ টোপাল
আঁউসীৰ জোনত টোপা-টোপে সৰা ৷
জীয়া ছবিখনে
হাঁহে
কথা কয়
আৰু চটিয়াই দুখ ৷
চাই থকা ছবিবোৰে
বুকু ভাঙি কান্দে
ছুটী হয় উশাহ
বিষবোৰ পাণ কৰি
বহি ৰয় বিষাদক হেঁচি ৷
দীঘলীয়া ছবিখন ইতি পৰিল
লোতকবোৰ বাগৰি শুকাল ৷
এন্ধাৰ দুচকুৰে
এৰিলোঁ
কাহিনী পঢ়ি ,
আমিবোৰ একোখন
মৰা ছবি ৷
📌শৰৎ ভৰালী
লালুক, লখিমপুৰ

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ