শেষ নিশালৈ-আৰ্জিনা বেগম

Rinku Rajowar
0
হাতৰ তলুৱাৰে চকুপানী খিনি মচি ল'লে আৰাধ্যাই। বিচনাৰ পৰা উঠি গৈ আইনাত নিজৰ মুখখনলৈ চালে। নাই, এতিয়া আগৰ সেই চেহেৰা নাই। চকুত সেই মায়া এতিয়া আৰু নাই , যি মায়াই আৰিশক তাইৰ কাষলৈ যাবলৈ বাধ্য কৰাইছিল। সেই আৰাধ্যা জনীৰ প্ৰেমত পৰিয়েই আৰিশে ঘৰ জোৱাঁই থাকিবলৈয়ো ৰাজি হৈছিল।

:: আৰাধ্যা , আৰাধ্যা শুনা,,,  
    :: মোৰ আৰু একো শুনিব নাই আৰিশ। তোমাৰ পৰা মই এয়া আশা কৰা নাছিলোঁ আৰিশ।   
    :: আৰাধ্যা প্লিজ মোৰ কথা,,,, আৰে আৰাধ্যা,,,,,  
   :: শুনা আৰিশ, তুমি জানা মই ঘৰৰ একমাত্ৰ ছোৱালী। মোৰ না আছে ভাই ককাই না আছে বাই ভনী,,, পাপাৰ মোক বাহিৰে কোনো নাই। অন্যহাতে বেয়া নাপাবা তুমি বেকাৰ। পাপাই হয়তো তোমাক accept নকৰিব। আৰু মই পাপাৰ অবাধ্য হ'ব নোৱাৰোঁ।   

 কথাখিনি কৈয়ে গুছি যাই আৰাধ্যা। আৰিশে চাই ৰয় আৰাধ্যা যোৱাৰ পিনে । কেই খোজ মান গৈ থমকি ৰয় আৰাধ্যা। হাতৰ তলুৱাৰে চকুপানী খিনি মচি লৈ আৰিশৰ ওচৰলৈ আহে। আৰাধ্যাই কয়,  
     :: যদি ইচ্ছা কৰা পাপাৰ লগত কথা পাতিব পাৰা। মোৰ ফালৰ পৰা আপত্তি নাই।  

    গুছি যাই আৰাধ্যা । আৰিশৰ ওঠত হাঁহি এটা জিলিকি ৰয়। পাই যাই সি তাৰ প্ৰেয়সীৰ উত্তৰ। ওচৰৰ দোকানৰ পৰা কিবা কিবি কিনি লগে লগেই ঢাপলি মেলে আৰাধ্যাৰ ঘৰলৈ।   



      কলিং বেলৰ শব্দত উচপ খাই উঠে আৰাধ্যা। ততাতয়াকৈ বৈ অহা চকুপানী খিনি মচি ওলাই যায়।  

     :: ওহ ডক্টৰ! আহক ভিতৰলৈ।  
     :: বাৰু মিছ আৰাধ্যা! তেখেত এতিয়া কেনে আছে? যিমান পাৰে যত্ন লওঁক তেখেতৰ, বুজিছে নহয়।  
    :: বুজিছোঁ ডক্টৰ। জীৱনৰ শেষ নিশালৈ মই তেওঁৰ বাবে যুঁজি যাম । But,,,, ডক্তৰ আপোনাৰো বন্ধুৰ প্ৰতি দায়িত্ব আছে। যিদৰে আমাৰ ভালপোৱাৰ সম্পৰ্ক পূৰ্ণতা পোৱাত আপুনি সহায় কৰিছিল, সেইদৰে এতিয়াও আমাৰ জীৱনৰ শেষ সংগ্ৰামত সাহস দি থাকিব। ( অলপ ৰৈ আকৌ কয় আৰাধ্যাই__)আপোনাক কেনেকৈ যে ধন্যবাদ দিওঁ, অৱশ্যে ধন্যবাদ দি পৰ কৰিবও খোজা নাই ।আপোনাৰ ধাৰ হয়তো আমি সাত....  
    :: হ'ব হ'ব আৰাধ্যা বহুত পালেগৈ... চাহ একাপ খুৱাব নহয়। মই এবাৰ আৰিশৰ ওচৰৰ পৰা আহো।  
   :: বাৰু,,,  



   ডক্টৰ নিলয় গৈ আৰিশৰ কান্ধত হাতখন থয়। ঠিক এনেকুৱা এটা সময়তে সেইদিনা নিলয়ে আৰিশৰ কান্ধত হাতখন থৈছিল। ওহো, কেৱল হাত থোৱা বুলিলে ভুল হ'ব । নিলয়ৰ এ হাতৰ পৰখত আছিল বন্ধুত্বৰ মৰম , উপদেশ , সহায় , সাহস সকলো। এই হাতৰ পৰসতেই  আৰিশে নিজৰ ভালপোৱাক জীৱন সংগী ৰূপে পাইছিল। আৰু আজি এই হাতৰ পৰসতেই সি সাৰ পাই উঠিল। চকু মেলি চাই আৰিশে। কিছুপৰ একেথিৰে চাই থাকে দুয়ো দুয়োলৈ । ক'ব নোৱাৰাকৈয়ে চকুলো নিগৰে চাৰি চকুৰ পৰা ।  

                        
   :: ভাই সকলো ঠিক হৈ যাব তই চিন্তা নকৰিবি।।
         আৰিশৰ চকুহাল আকৌ এবাৰ সেমেকি উঠিল। নিলয়ৰ হাতখন খামুছি ধৰিলে। কঁপা কঁপা মাতেৰে কোনোমতে মাত এষাৰ উলিয়ালে___ "ভাই... আ... ৰা..ধ্যা........ ।
"তই চিন্তা কৰিছ' কেলেই ক'? তোৰ ভাই থাকোঁতে আৰাধ্যা, তোৰ ইমান চিন্তা কিহৰ! কাৰোৰেই একো হব নিদিওঁ মই।" কথাখিনি নিলয়ে যোৰ দি ক'লেও শেষলৈ মাতটো থোকথুকি হ'ল। আৰিশে বেৰত ওলোমাই থোৱা ঘড়ীটোলৈ বহুপৰ চাই থাকিল। কোঠাটোত নীৰৱতা নামি আহিল। তিনি গৰাকী এসময়ৰ চঞ্চল মনৰ গৰাকীৰ উপস্থিতি আজি বেৰবোৰে যেন অনুভৱ কৰিব পৰা নাই। উশাহৰ শব্দবোৰ চঞ্চলতাতকৈ যেন বেছি অসহ্যকৰ হৈ পৰিছে। ঘড়ীটো নিৰ্দিষ্ট নিয়মেৰে গতি কৰি আছে___টিক্ টিক্ টিক্.......।


           সময় পাৰ হৈ গৈছে। ঘুমতিয়েও হয়তো এতিয়া অলপ জিৰাইছে। কিছুপৰ পিছতেই প্ৰভাতী পখীয়ে গীত জুৰিলে। জানো___ এয়া আনন্দৰেই নে বিৰহৰ......!! সিদিনাও চৰাইজাকে এই উৎসৱ পাতিছিল, যিদিনা আৰিশে আৰাধ্যাৰ শিৰৰ উকা সেওতা ৰাঙলী কৰিছিল। ঠিক এইখিনিয়েই সময় আছিল। আৰাধ্যাৰ দেউতাকৰ প্ৰতিটো পৰীক্ষা, প্ৰত্যাহ্বান পাৰ কৰিছিল আৰিশে। দেউতাকৰ কাৰ্য্যত অতীষ্ঠ হৈ আৰাধ্যাই কৈছিল, "পাপা মই আৰিশৰ হাতখন এয়া যি ধৰিছোঁ, শেষ উশাহলৈ এৰি নিদিওঁ।" দেউতাকে হাৰ মানি লৈছিল সিহঁতৰ ভাল পোৱাৰ ওচৰত। 


         আজি দহ বছৰ পিছত এয়া আকৌ সেই একেই সময়। পাৰ্থক্য মাথোঁ আৱেগৰ। তেতিয়া আছিল চকুত চকুলো, প্ৰাপ্তিৰ আৱেগ; এতিয়া.......  বুকুত বিৰহৰ বিষ, শেষ হৈ যোৱাৰ আশংকাত চকুত চকুলো । আৰু......। 


          আৰিশৰ এখন হাত নিলয়ৰ হাতত আনখন আৰাধ্যাৰ হাতত । হঠাৎ আৰিশৰ উশাহ ঘন হ'বলৈ ধৰিলে। গৰম কাপোৰ গাত থকাৰ পিছতো আৰিশৰ হাত ভৰি শীতল হ'বলৈ ধৰিলে। ধীৰে ধীৰে আকৌ ঘড়ীটোৰ শব্দ শুনিব পৰা গ'ল । ছয় বাজি সাত মিনিট। উশাহৰ শব্দ এতিয়া নাই। সময়ো যেন নিস্তব্ধ। প্ৰাণৰ বন্ধুৰ অৱশ শৰীৰটোৰ ওচৰত নিলয় বেছিপৰ থাকিব নোৱাৰিলে।  চাদৰেৰে ঢাকি দিলে শান্ত গভীৰ নিদ্ৰাত শুই পৰা আৰিশক। এটা প্ৰাণকাতৰ চিঞৰ প্ৰতিধ্বনিত হৈ থাকিল, বহু পৰলৈ..... ।


           মৃত্যুৰ তৃতীয় বাৰ্ষিকীত এয়া সেমেকা চকুৰে একাষে নীলয় , একাষে আৰাধ্যা আৰু সমূখত মিচিকীয়া হাঁহিৰে আৰিশৰ ফটো। নিয়তিয়ে কাঢ়ি নিয়া হাঁহি আৰু কোনোদিনে উভতি নাহিল আৰাধ্যাৰ জীৱনত। উভটি নাহিল নীলয়ৰ ভগৱানৰ শ্ৰেষ্ঠ উপহাৰ বন্ধু।  ৰৈ গ'ল মাথোঁ সাঁচতীয়া স্মৃতি । সময়ে বহুত কিবা কাঢ়ি লৈ গ’ল—অজস্ৰ হাঁহি, সপোন। কিন্তু কাঢ়ি নিব নোৱাৰিলে স্মৃতি। নিলয়ৰ পৰা বন্ধুক, আৰাধ্যাৰ পৰা জীৱনসংগীক সময়ে কেতিয়াও সম্পূৰ্ণৰূপে আঁতৰাব নোৱাৰিলে। আৰিশৰ এই কায়িক অনুপস্থিতিত আৰাধ্যাৰ মায়াৱী চকুত থাকিল চকু পানী । সেই তেতিয়াৰে পৰা......  শেষ নিশালৈ.......।


📌আৰ্জিনা বেগম 
দৰং জিলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)