ঋতুৰাজ ফাগুন-কুঞ্জ মোহন কাকতি

Rinku Rajowar
0
আজি মাঘৰ শেষ নিশা 
ধৰালৈ নামি আহিব ফাগুন 
    নিয়ৰৰ আঁৰে আঁৰে,
লুকা-ভাকু খেলা শেৱালি জোপাই
  এৰি দিছে আকাশ চোৱাৰ।

   চহৰৰ মাজমজিয়াত 
   দেখিলোঁ তোমাক।
চিনাকি যদিও অচিনাকি দৰে 
 আঁতৰি গ'লা চকুলো বোৱাই।

    সেন্দুৰীয়া মলয়া জনীয়ে 
উৰুৱাই নিলে শেৱালি জোপাক।
     এতিয়া ফাগুনৰ বতৰ,
প্ৰিয়তমৰ হাতত পলাশৰ ৰং লৈ 
    আহিছে ঋতুৰাজ ফাগুন।।
            
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)