সকলোৱেই কিন্তু জীৱিত নহয়
কোনো জনে হয়তো কঢ়িয়াই লৈ ফুৰিছে
নিজৰেই মৰাশ নিজৰ মাজত
কালি সন্ধিয়া বিষন্ন বজাৰখনত
এজনক লগ পাইছিলোঁ
দোকানে দোকানে তেওঁ ঘূৰ্মতিয়াই আছিল
সুখ বিচাৰি ফুৰিছিল হেনো কিনিবলৈ
মোক দেখি হাঁহিৰে সম্ভাষণ জনাইছিল
এদিন পুৱাতেই সিহঁতক দেখিছিলোঁ
কাষত কলহ একোটা লৈ
মোৰ ওচৰত ৰৈ কৈছিল
এনেদৰে কলহত আমাৰ বাবে যদি
একলহ সুখ কঢ়িয়াই লৈ যাব পাৰিলোঁ হয়
আচৰিত ভাৱে সিহঁতৰ উশাহবোৰ গধুৰ আছিল
পাৰ হৈ যোৱাৰ পাছত বহু দূৰলৈকে মই
সিহঁতৰ খিল খিল হাঁহিবোৰ শুনি আছিলোঁ
দুপৰীয়া এটাত তাক দেখিছিলোঁ
ফুটপাথৰ চাহ দোকান এখনত চাহৰ পিয়লা লৈ
লগত কেইবাজনো লগৰীয়া
সিহঁতৰ কথা আৰু হাঁহিবোৰ ছিটিকি পৰিছিল
মই দেখিছিলোঁ তাৰ হাতত উৱঁলিব খোজা
সেই মুগাবৰণৰ ফাইলটো
এনেদৰে পুৱা , আবেলি অথবা সন্ধিয়া
মই লগপাও জীয়াই থকা মৃত মানুহবোৰ।
📌বনশ্ৰী দাস
ঢকুৱাখনা
যোগাযোগ: ৭৮৯৬৯১৬৮২৩

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ