ফাগুনৰ আগমন-‌ জেৰী পেগু

Rinku Rajowar
0
মৌ-মিঠা বতাহ লৈ আহিল ফাগুন,
শিমলুৰ তেজাল চুমাত মতলীয়া হৈ।

পলাশ-মদাৰ জ্বলে সোণালী জুই,
আকাশ ৰাঙা হ’ল লাজৰ ৰঙত ভৰি।

পছোৱা নাচে, পাত উৰে সপোন লৈ,
বতাহত মিহলি যায় অচিনাকী সুৰ।

মন দোলে মধুৰ অস্থিৰ মোহত,
হৃদয়ত অংকুৰিত প্ৰেমৰ সেউজী কলি।

ধূলিতো ফুলে আশাৰ মৌন উৎসৱ,
ফাগুন তুমি বসন্তৰ মধুৰ দূত।

শৰীৰত শিহৰণ, আত্মাত ৰঙৰ আলি,
তোমাৰ স্পৰ্শত জাগে অমৰ সপোন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)