মানুহজনক দেখি মই খন্তেক ৰৈ দিলোঁ।ভয় নকৰোঁ বুলি ঘৰতে ডাঠি অহা মনটো আকৌ সেমেকি গ'ল তেওঁক দেখাৰ লগে লগে। অথচ মানুহজনে মোক একোৱেই নহয়,চাগে তেওঁ মোক দেখি বুজি উঠে মই যে তেওঁলৈ ভয় কৰোঁ। মানুহজনৰ এখন সৰু হোটেল আছে, তেওঁৰ হোটেলখন পাৰ হ'লেই গেলামাল দোকানখন। য'ৰ পৰা মালিকনী বাইদেউৱে মোক ঘৰৰ বস্তু অলপ আনিবলৈ কৈছিল।
মানুহজনলৈ ভয় লাগে বাবেই কাইলৈ অলপ দূৰৰ দোকান এখনৰ পৰা বস্তু কেইপদ আনি দিয়াৰ কথা সেহাই-সেহাই কৈ চাইছিলোঁ। কিন্তু কোনো কামত নাহিল।
' অনু,তই যাবিনে?' জাতীয় হুংকাৰতো শুনাৰ লগে লগে মই ওলাই আহিলো,আনকি হাৱা চেন্দেলযোৰো পিন্ধা নহ'ল।মনতে ভাবি ললোঁ দৰমহাৰ পইচাকেইটা কটা যোৱাতকৈ মোৰ এই ভয় কোনোমতেই ডাঙৰ হবই নোৱাৰে।
পিছে এতিয়াহে মৰিলোঁ।না মই আগলৈ যাব পাৰিছোঁ না ঘূৰি যাব পাৰিছোঁ।নাচাওঁ বুলি ভাবিলেও তেওঁৰ দোকান খনলৈ মোৰ চকু যায়।মানুহ জনেও এপলক চকু তুলি মোলৈ চালে।কিন্তু লগে লগে চকু ঘুৰাইও দিলে। মইও ভগৱানক চিন্তি দুচকু মুদি দৌৰি ঠাইখিনি পাৰ হলোঁ। অৱশ্যে এইয়া কোনো নতুন কথা নহয়,মই প্ৰায়ে এই ঠাইখিনি এনেকৈ দৌৰিয়েই পাৰ হওঁ।
ঘৰৰ পৰা বাহিৰত থাকি কাম কৰা আজি মোৰ তিনিটা বছৰ পাৰ হৈ গল। এতিয়াৰ ঘৰ খনৰ মালিকনী বাইদেউ আগৰ কেইজনী মালিকনীত কৈ ভাল।মালিকৰ লগত মোৰ ইমান দেখা সাক্ষাত নহয়।মানুহ জন আহিলেও বাইদেউৰ লগত কাজিয়া কৰে,মাজে সময়ে হাত লগোৱাও মই দেখিছোঁ।তেওঁ ঘৰত থাকিলে এই প্ৰকাণ্ড ঘৰখন নিতপালি দি যেন শুইহে থাকে।তেওঁ নাথাকিলে বাইদেউৰ লগতে তেওঁৰ ছোৱালী জুমিৰ লগত খুব সুন্দৰকৈ মোৰ সময়কন পাৰ হৈ যায়।খুব বেছি ঘৰৰ কথাও মনলৈ নাহে।মালিক আহিলে মইও সেইবাবে কোনো কামত ভুল দেখাব নোৱাৰাকৈ কাম কৰোঁ।কিন্তু তথাপিও হেই মানুহ জনত কৈ মালিকলৈ মোৰ ভয়টো কম।
আজি শিৱৰাত্ৰি।মালিকনী বাইদেৱে খুব পূজা অৰ্চনা কৰে।এই তিনিটা বছৰত মইও দেখাক দেখি বেলপাত এটা আগবঢ়ায় তেওঁলৈ পূজা আগবঢ়াও। জুমিয়ে পিছে মোক জোকায়, যে মই বোলে ভাল দৰা বিচাৰিহে পূজা কৰোঁ।যি নহওঁক আজি দিনটো আমি তিনিজনিয়েই আছিলোঁ,ৰাতিপুৱাৰ পৰা গধূলিলৈকে পূজা অৰ্চনা কৰাৰ পৰা গধূলি ব্ৰত ভঙা লৈকে বৰ ধুনীয়াকৈ সময়খিনি পাৰ হল।কিন্তু গধূলিতে যম অহাদি মালিক কৰপৰা জানো পালেহি।তেওঁ অহাৰ লগে লগে জুমি গৈ ৰুমত সোমালগৈ,তাই দেউতাকক চকু পাৰি দেখিব নোৱাৰে। আৰু মাকক মাৰ পিট কৰা কোন সন্তানেনো সহ্য কৰিব পাৰে।এই মানুহ টোক চাগে মইও ঘিণ কৰোঁ, কাৰণ তেওঁ আহিলে সদাই মদ খাই ঘৰ সোমাই নহলেও ঘৰ আহিলে মদৰ বটল এটা লৈ ঘৰ সোমাইহি।আৰু বাইদেউক লেতেৰা ভাষাৰে গালি দি দি মোক এটো সিটো বনাবলৈ অৰ্ডাৰ দি থাকে।বনাবলৈ মই বেয়া নাপাও,কিন্তু তেওঁৰ মুখৰ ভাষা আৰু বাইদেউক কৰা ব্যৱহাৰে মোক তেওঁৰ প্ৰতি বেয়া ভাৱ আনি দিছে লাহে লাহে।
আজিও হয়টো তেওঁ মদ খাইয়ে ঘৰ সোমাইছে, বাইদেউলৈ কেতিয়াবা মোৰ বেয়া লাগে,ঘৰখনক ঘৰ কৰি ৰাখিবলৈ যে তেওঁ কত কি নকৰে,এই মানুহ জনে মুহূৰ্ততে সকলো শেষ কৰি দিয়ে।তথাপিও তেওঁ ধৈৰ্য্য ধৰি তেওঁৰ সকলো খিনি মানিবলৈ চেষ্টা কৰে।
আজিও তেওঁ ঘৰখনত ভৰি দিয়েই মুখ চলাবলৈ আৰম্ভ কৰিলে। বাইদেৱে ইংগিতেৰে মোক পাকঘৰলৈ গৈ চাহ বনাবলৈ কলে।চাহ কাপ মালিকৰ হাতত দিয়েই মইও মোৰ ৰূমলৈ আহি দিলোঁ।এতিয়া বাইদেইয়ে মালিকক বুজাবলৈ চেষ্টা কৰি থাকিব,মন গলে তেওঁ মনে মনে থাকিব আৰু মন নহলে ইয়াতকৈ জোৰকৈ চিঞৰি চিঞৰি তেওঁৰ উপস্থিতি ওচৰৰ ঘৰবোৰত দিবলৈ লাগি থাকিব।
বিচনাখনত পৰি মোৰ সেই মানুহ জনৰ কথা আকৌ মনলৈ আহিল,কেতিয়াবা মই দৌৰি পাৰ হওঁতে ৰাস্তাতে পৰোঁ।এদিন দুদিন নহয়, বহুবাৰ হৈছে এইয়া। ৰুমত সোমাই অকলে ভাবি থাকিলে মোৰ লাজো লাগে। অৱশ্যে মানুহ জন ভাল নে বেয়া সেইয়া মই নাজানো।
হঠাৎ এটা বিকট চিঞৰ মোৰ কাণত পৰিলহি,সেইয়া বাইদেউয়ে কান্দিছে।অসভ্য মালিক জনে চিঞৰি আছে তেতিয়াও,' কাক দেখাবলৈ ইমান সাজোন কাচোন তোৰ হা, গিৰিয়েৰৰ লগত শুবলৈ হলে তোৰ অজুহাত ওলাই,মৰি নাযাওঁ কিয় হা,মোৰ পইচাৰে চলিবি আৰু মোকেই অজুহাত দেখাব আহ '
উফ্ নোৱাৰি,মই কান দুখন দুহাতেৰে চেপি ধৰিলোঁ,ইমান অশ্ৰাব্য গালি মোৰ কণমানি মনটো যেন লেতেৰা হৈ যাব এই গালি শুনিলেই। বেৰখনৰ ফালে কাটি কৰি মই শুবলৈ চেষ্টা কৰিলোঁ, লাহেকৈ বৰষুণ এজাকো দিবলৈ আৰম্ভ কৰিছিল। এতিয়া কমচেকম গালি কেইটা মোৰ কাণত নপৰিব বুলি ভাবি লৈ মহাদেৱক শতকোটি ধন্যবাদ জনালো।
কিমান ৰাতি হৈছিল মই নাজানোঁ, বৰষুণৰ শব্দটো ভাল পাওঁ বাবেই টোপনিয়ে মোক হেঁচা মাৰি ধৰিছিল। হঠাৎ অনুভৱ কৰিলোঁ কোনোবাই মোৰ বুকুত যেন খেপিয়াই ফুৰিছে,কোনো হৈছে বুলি চিঞৰিব লওঁতেই মোৰ মুখ খনতো হেঁচা মাৰি ধৰিলে।হঠাতে মোৰ গাত যেন হাজাৰ হাজাৰ বিদ্যুৎ পাৰ হৈ গল,বুজিলোঁ এইয়া মালিক হয়।মোৰ সৰু গাটো তেওঁ সহজে কাবো কৰিবলৈ সক্ষম হৈছে। হেঁচা মাৰি ধৰি থোৱা মোৰ মুখৰ পৰা ওলোৱা শব্দ গৈ মালিকনী নাইবা জুমিৰ কাণত গৈ কেতিয়াও নপৰে,ইফালে বৰষুণ জাক তেতিয়াও মুখলধাৰে দিয়ে আছে।মোৰ বাধা দিব পৰা ক্ষমতাও কমি আহিছে,কিন্তু নিজকে বচাবলৈ শেষবাৰৰ বাবে মানুহ জনক মোৰ সমস্ত শক্তিৰে ঠেলি দিলোঁ,হয়তো কুকুৰটোৱে মই হাৰ মানি ললোঁ বুলি আগতেই ভাবি লৈছিল আৰু মই যে আকৌ চেষ্টা কৰিম সেই লৈ সতৰ্ক নাছিল।এইবাৰ মোৰ ঠেলাটোত তেওঁ কৰ্ফাল খাই বিচনাৰ পৰা তলত পৰিলগৈ।বেছি ভাবি থাকিবলৈ সময় নাছিল মোৰ ওচৰতো,যেনেকৈ আছিলোঁ তেনেকৈয়ে দৌৰ দিলোঁ মই।মালিকেও মোক খেদি ধৰিবলৈ চেষ্টা কৰি খেদা দি আহিল মোক।দৌৰ দি মই একেবাৰে গেট পাৰ হলোঁ, মুষলধাৰ বৰষুণৰ মাজত কত যাম মই নাজানোঁ,এই চহৰত মোৰ কোনো চিনাকিও নাই,পাছফালে ঘূৰি চালোঁ,মালিক আহি দুৱাৰ মুখ পাইছেহি।বাঘে হৰিণা খেদাদি তেওঁ মোক খেদাই খেদাই যেন মোৰ মাংস চোবাই খাব। মই আকৌ সন্মুখলৈ দৌৰিবলৈ ধৰিলোঁ।
হঠাৎ মনত পৰিল সেই মানুহজনৰ কথা। এই চহৰখনত একমাত্ৰ মানুহ,যাক ভয় কৰিলেও মই চিনি পাওঁ,চিনি পাওঁ মানে চকুৰ হ'লেও চিনাকি। বিপদৰ সময়ত খেৰ-কুটাকে সাৱটি লোৱাৰ দৰে মইও বিশেষ নাভাবি তেওঁৰ বন্ধ হোটেলৰ দৰ্জা খন গাৰ সমস্ত শক্তিৰে ঢকিয়াবলৈ ধৰিলোঁ।পাছফালে চালোঁ কোনো নাই,চাগে বৰষুণ দেখি মালিক ঘূৰি গল। মই আকৌ দৰ্জা খন ঢকিয়াবলৈ ধৰিলোঁ।দৰ্জা খন খুলি এইবাৰ মানুহ জনে মোলৈ আচৰিত হৈ চালে,যিজন মানুহ দেখিলে মই পলাই পত্ৰং দিও, সেই মানুহ জনৰ ওচৰলৈ ইমান ৰাতি অনাব্যস্ত হৈ নিজেই আহিলে হয়তো আন কোনোবা হ'লেও আচৰিত হ'ল হয়।
ঠাণ্ডাত মোৰ মুখৰ মাত নোলোৱা হ'ল,কোনোমতে ইংগীতেৰে পাছফালে আঙুলিয়াই দেখোৱালো।নিজেই কিবা বুজি মোক ভিতৰলৈ লৈ গল,তেওঁৰেই গামোছা এখন দি মোক গাটো টুকি লবলৈ আগবঢ়াই দিলে। গাটো টুকি লৈ মই চকী এখনত বহি লৈ তেওঁলৈ চালোঁ,জুই একুৰা লগাবলৈ চেষ্টা কৰি আছে। চকুৰ পানী আৰু ঠাণ্ডা লগতে তিতা কাপোৰেৰে মোৰ সৰ্বশৰীৰ লাহে লাহে হিমচেঁচা যেন হৈ আহিছে। তেওঁ কিবা এটা মনকৰি তেওঁৰেই টি-চাৰ্ট এটা মোক দিলেহি আৰু ৰুমৰ পৰা আতৰি দিলে।কঁপা কঁপা হাতেৰে কোনোমতে কাপোৰ সলনি কৰি ললোঁ মই, তেওঁৰ টি-চাৰ্ট টোৰে মোৰ আধা খিনি ধাক খাই পৰিল।এইবাৰ মই তেওঁৰ বিচনাতে শুই পৰিলোঁ,ঠাণ্ডাত মোৰ অৱস্থা আৰু বেয়া হৈ আহিল। তেওঁৰ যিমান কাপোৰ আছিল আটাইখিনি মোৰ গাৰ ওপৰত জাপি দিলে, ওচৰতে ধৰা জুইকুৰাটো তেওঁ আৰু অলপ খৰি জাপি দিলে। হ'লেও এই ঠাণ্ডা যেন নকমিব, দিনটোৰ হৈ যোৱা কথাবোৰ ভাবি ভাবি মোৰ যেন চিন্তাশক্তি লোপ পাব ধৰিছে।
অৰ্ধচেতন অৱস্থাতে মন কৰিলোঁ মই আটাইতকৈ ভয় কৰা মানুহজনে মোক সাৱটি আছে। কোনোমতে চকু মেলি মই তেওঁলৈ চালোঁ,হয়তো তেওঁ ভাবিছিল মই ভয় খাই চিঞৰি দিম,সেয়েহে আগতেই মোক কৈ উঠিল,' ভয় নকৰিবি,তই ঠাণ্ডাত বেহুচ হৈ পৰিছিলি, সেইবাবেহে।'
মোৰ আকৌ দুচকু জপাই দিলোঁ, তেওঁৰ বুকুত মুৰ গুজি মই অনুভৱ কৰিলোঁ এইয়া তেওঁ নহয় যাক মই ভয় কৰোঁ, এয়াটো মহাদেৱ যি মোক জীৱন দিবলৈ চেষ্টা কৰি আছে।লাহে লাহে তেওঁৰ বুকুৰ মাজত মই নতুন সপোন এটাৰ আশাত টোপনি যাবলৈ চেষ্টা কৰিলোঁ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ