সংখ্যা এটাৰ ব্যৱধানত-পিঞ্জু মৰাণ

Rinku Rajowar
0
দুখবোৰ সংগোপনে ৰাখি 
উজাগৰে কটাইছো আজি কিছুদিন 
বিফলতাৰ তিক্ত অভিজ্ঞতাবোৰে 
কাঢ়ি নিছে সুখবোৰ
কোনোবাদিনা সূৰ্যোদয় হ'ব 
সেই আশাৰে জী আছোঁ 
কিন্তু সেই দিনটো বাৰু আহিবনে 

বাৰে বাৰে ভাগিছে সপোন 
আকৌ দেখো তথাপি 
কিন্তু মোৰ সপোনে কেতিয়াও পূৰ্ণতা নাপায় 

সংখ্যা এটাৰ ব্যৱধানতে হাৰি যায় জীৱন 
শতাংশৰ ভৰত শেষ হয় সপোন।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)