পৰিচয় যদিও দুখী।
আশা মাথোঁ দুবেলা দুমুঠিৰ,
নাই যদিও নিজস্ব কুটীৰ।
নুবুজো কাৰণ তোমাৰ,
তোমাতকৈ অভাগা জীৱন আমাৰ।
বুজিলোঁ সময়ে শিক্ষাগুৰু তুমি,
ছাত্ৰীৰ আসনত বহিলোঁ আমি।
প্ৰতাৰণা নকৰি খুঁজি-মগাই ভাল,
কাৰোবাৰ আগত নধৰি তৰোৱাল।
হাত নাই,ভৰি নাই
আমাৰ বাৰু জ্ঞানেই নাই।
সত্যৰ জ্বলন্ত উদাহৰণ তুমি,
নালা-নৰ্দমাৰ আৱৰ্জনা আমি।
চৰিত্ৰ তোমাৰ বিচিত্ৰ,
ভিক্ষাৰীৰ নাই কোনো মিত্ৰ।
হিংসা-ঘৃণা সকলো ত্যাগী,
প্ৰতিপল নিজৰ কৰ্মতাৰ অনুৰাগী।
ভিখাৰী তুমি মহান,
ক্ষুদ্ৰ হৃদয়ৰ কোমল প্ৰাণ।
অজস্ৰ প্ৰণাম জনাওঁ ভিখাৰী তোমাক,
অকৰ্মতাৰ মূৰ্খামীক ক্ষমা কৰিবা আমাক।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ