মুগা পলু মুগা সাঁজ -মুগা পলু মুগা সাঁজ ধৰণী চেতিয়া

©Admin
0
মুগা পলুৰ 
মুগা সাঁজ ....
অসমীয়াৰ মান আৰু
 স্বাভিমান।।

মুগা পলুৰ 
মুগা সাঁজ ....
 পৃথিৱীৰ ভিতৰতে 
প্ৰাপ্য কেৱল অসমত।।

এৰি, মুগা, তছ আৰু পাট 
সোণালী পাখি মেলি উৰে
 মুগা পলুৰ 
মুগা সাঁজ।।

অসমীৰ সপোনৰ 
তাত শাল খনিও 
ৰৈ থাকে পিন্ধিবলৈ 
মুগা পলুৰ
 মুগা সাঁজ ।।

পিছে মুগা আৰু এৰি
 উত্তৰ পূৰ্বাঞ্চল হিমালয় পাদদেশৰ।।

ভাৰতবৰ্ষ 
সোনালী সূতাৰ একমাত্ৰ দেশ।।

 মুগা পলুৰ সোণালী সূতা 
শিপিনীয়ে তাঁতত বাচে 
সোনালী বোতা।।

আঙুলিৰ মিহি আলিঙ্গনত
তাঁতৰ সুঁতি বয় শিল্পীৰ মনত।।

মোৰ আইৰ হাতৰ পৰশত 
আঙুলিৰ যাদুতেই
জী উঠে সোণালী সাঁজ।।

হেঙুল-হলুদ পিন্ধি শুৱনি,
লাচিতৰ দেশত পৰি উঠে গান।।

গৌৰৱ গাথা বয় মুগা সুঁতি,
অসমীৰ আকাশত দীপাই জ্যোতি।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)