ব’ল ব’ল সমনীয়া
আগুৱাই যাওঁ ব’ল।
সমনীয়া
একতাৰে আগুৱাই যাওঁ ।
একতাৰ সূঁতাডাল
মেৰিয়াই বান্ধি লৈ
সকলো আগুৱাও ব’ল ।
জ্ঞানৰ কিৰণে
একতাৰ দ্যুতিৰে
জেউতি বিলাই
আগুৱাও ব’ল ।
একতা বান্ধি লৈ
সোণৰ সজাতি লৈ
দীপ্তি উজ্বলাও বল ।
সবে মিলি গাও আজি একতাৰ গান
স্বদেশ উজ্বলাও একতাৰ সূঁতাৰে ৷
আমি আন্ধাৰ আঁতৰাই পোহৰ আনিম
স্বদেশক সবাতোকৈ আগত ৰাখিম ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ