সময় নৈৰ সোঁতৰ দৰে বৈ যায় আৰু জীৱন আগুৱাই যায়। আৰু কিছুমান সময় চিৰদিনলৈ মনত ৰৈ যায়, আকৌ কিছুমান সময় অকল স্মৃতিৰ মাজতেই হেৰাই যায়। সময়ৰ সোঁতত এৰি অহা সোণোৱালী দিনবোৰেই আমাৰ অতীত, সেইবোৰেই জীৱনৰ পাতত লিখি ৰখা ইতিহাস স্বৰূপ।
এৰি অহা দিনবোৰত লুকাই থাকে কিছুমান সুখ-দুখৰ মধুৰ স্মৃতি। কেতিয়াবা কোনো এটি বিশেষ দিন মনত পৰিলে হৃদয়খন আনন্দত নাচি উঠে, আকৌ কেতিয়াবা গম নোপোৱাকৈ দুচকুৰে হেঁপাহৰ চকুলো নিগৰি আহে। আমি আমাৰ জীৱনৰ পথত অনেক মানুহ লগ পাইছোঁ, কিছুমান আজি আমাৰ কাষত নাই আৰু কিছুমানে জীৱনৰ নতুন পথ বিচাৰি আঁতৰি গৈছে। কিন্তু জীৱনযুদ্ধত যিসকলে লগত আছিল, যিসকলৰ সৈতে প্ৰতিটো মুহূর্ত একেলগে কটাইছিলোঁ সেইবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ।
মানৱ জীৱনৰ শৈশৱৰ দিনবোৰেই হ’ল সকলোতকৈ অপূৰ্ব আৰু আনন্দময়। শৈশৱ কালত খেল-ধেমালি আৰু চিন্তাহীনভাৱে কটোৱা সেই দিনবোৰ যেন সপোনতহে দেখা পোৱা এখন জগত তেনে অনুভৱ হয়। পৰীক্ষাৰ ফলাফলৰ চিন্তা নাছিল, ভবিষ্যতৰ ভাৰ নাছিল, মাত্ৰ খেলা, মজা আৰু অবিৰাম কল্পনাৰ এখন পৃথিৱী আছিল। কিন্তু সময়ে তীব্ৰ গতি কৰাৰ লগে লগে কৈশোৰ, যুৱ অৱস্থা এইবোৰো আহিল, আৰু এইবিলাকেও আমাক বিভিন্ন সময়ত বিভিন্ন অভিজ্ঞতা দি থৈ গ'ল।
কেতিয়াবা মনত পৰে বন্ধুত্বৰ সেই উজ্জ্বল মুহূর্তবোৰ। বিদ্যালয় বা মহাবিদ্যালয়ৰ বন্ধু-বান্ধৱীৰ লগত কাটোৱা অলেখ সময়বোৰ। যিবোৰ সময়ে জীৱনৰ প্ৰতিটো ক্ষণত হাঁহিবলৈ শিকাইছিল। একেলগে খোৱা, একেলগে হাঁহি-ধেমালি কৰা, কেতিয়াবা নগন্য বিষয়ত মনোমালিন্য হোৱা এইবোৰেই জীৱনৰ একো একোটা অপূৰ্ব অংগ। কিন্তু সময় সলনি হওঁতে কেতিয়াবা বুজি উঠো কিছুমান মানুহ জীৱনৰ এটা বিশেষ সময়ৰ বাবে আহে কিন্তু সকলোকে অনন্তকাল লগত ৰাখিব নোৱাৰি।
তথাপিও, এৰি অহা সোণালী দিনবোৰ কেতিয়াও নিঃশেষ হৈ নাযায়। কোনোবা সন্ধিয়া, কোনোবা নিশাৰ নিৰ্জনতাত বা কোনোবা চেনেহৰ গান শুনি থাকোতে সেই দিনবোৰ আকৌ মনলৈ উকিয়াই উঠে। আৰু কিছুমান স্মৃতিয়ে মিচিকিয়াই হাঁহিবলৈ বাধ্য কৰে, আকৌ কিছুমানে চকুত তেজ-পহলা সোঁত বৈ আনিব খোজে। সঁচাকৈ বৰ অদ্ভুত এই “এৰি অহা দিনবোৰ” ।
আমি আমাৰ জীৱনটো আগুৱাই নিব পাৰিলেহে নতুন দিন আহিব, নতুন অভিজ্ঞতা সংগ্ৰহ কৰিব পাৰিম। কিন্তু এৰি অহা দিনবোৰ সদায় হৃদয়ত এক মৰমৰ কোণত থাকিব। যেতিয়া এই সোণালী দিনবোৰৰ কথা মনত পৰিব, যেনেকৈ সময়ৰ সোঁতত কিছুমান আত্মীয়স্বজন বা বন্ধু উটি-ভাঁহি গৈ হেৰাই গ'ল, ঠিক তেনেকৈয়ে মনলৈ অহা সেই এৰি অহা দিনবোৰৰ প্ৰতিটো মুহূর্ত এটি মধুৰ স্মৃতি হৈ আজীৱন জীয়াই থাকিব।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ