মানুহে কেৱল টকা-পইচা, সামাজিক , ৰাজনৈতিক, ধৰ্মীয় ক্ষেত্ৰখনত কিবা সাধাৰণ দায়িত্ব বা গুৰু দায়িত্ব লৈ সমাজত কাম কৰি বাহ: বাহ: লোৱা বা মোৰ দায়িত্ব বা মোৰ গুণ আছে বুলি সমাজৰ দহজনৰ প্ৰস্তাৱনাত সেই দায়িত্বটো লৈ ওভোটা দিশেৰে নচাটো সামাজিক দায়বদ্ধতা বুলি নকয়। দুটকা মান সমাজৰ অন্যজন তকৈ বেছিকৈ দিবলৈ পাৰি সমাজ এখনত ৰাইজৰ লগত সমানে কিছু কৰ্মভাগিত সহযোগ কৰিব নোৱাৰিলে তাক সামাজিক ভাৱে দায়বদ্ধ বুলি ক'ব নোৱাৰি। সামাজিক দায়বদ্ধতা মানে সমাজৰ এজন বুলি নিজকে কোনো দায়িত্ব নাথাকিলেও নিজেও সমাজৰ এক অংগ ৰূপে নিজৰ সাধ্য অনুসৰি কৰি যোৱা সৎ মানবীয়তাৰ চিন্তনেৰে আগবঢ়াই যোৱা নি:স্বাৰ্থ সেৱাহে প্ৰকৃত সামাজিক দায়বদ্ধতা। দায়িত্ব লোৱাটো ডাঙৰ কথা নহয় সমাজৰ অংগ হিচাপে নিজকে সমাজৰ প্ৰতিটো ক্ষেত্ৰত এইয়া মোৰ দায়িত্ব আৰু কৰ্তব্য ৰূপত কৰিৱ পৰা সেৱাহে প্ৰকৃত মানৱ সেৱা, প্ৰকৃতিৰ প্ৰতি আগবঢ়োৱা সেৱাৰ লগতে অন্যান্য সকলো দিশত আগবঢ়াব পৰা মানৱীয় চিন্তন তথা উৎকৃষ্ট মানদণ্ডৰ এক বিচাৰধাৰা। সুনিশ্চিত এক মানুহৰ মগজুত বিবেকৰ সৈতে হোৱা মন্তব্য মানবীয়তাৰ কৰ্ষণত উৎপন্ন হোৱা এক দৰ্শনৰ প্ৰদীপ।
এক কথাত ক'বলৈ গলে মানুহে মানুহৰ প্ৰতি বা ইজনে সিজনৰ প্ৰতি দায়বদ্ধ হোৱা উচিত। কাৰণ সমাজ এখন সু-সংগঠিত কৰি ৰাখিবলৈ প্ৰতি জনে প্ৰতিজনৰ প্ৰতি দায়বদ্ধ হোৱাটো খুবেই দৰকাৰ। সামাজিক দায়বদ্ধতা হ'ল এটি নীতিগত তত্ত্ব। সমাজ এখনত প্ৰতিজন নাগৰিক হিচাপে সাংবিধানিক ভাৱে সামাজিক, ৰাজহুৱা, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলগীয়া সকলো উপাদানৰ চিন্তনেৰে এইয়া নিজৰ নিজৰ দায়িত্ব বুলি হাতে হাত ধৰি দায়বদ্ধতাৰ উৎকৰ্ষ সাধন কৰি যাব লাগিব ।
বৌদ্ধিক দীনতাতকৈও নৈতিক স্খলনে এখন সমাজক বিস্তৰ ক্ষতি কৰিব পাৰে৷ একোখন সমাজৰ প্ৰগতিৰ ধাৰাক আৰু খৰতকীয়া কৰি তুলিব লাগিলে উচ্চ শিক্ষাৰ লগত সামাজিক দায়বদ্ধতাৰ দিশটোক সংযুক্ত কৰিব লাগিব। সামাজিক দায়বদ্ধতাৰ অভাৱে মানুহৰ মনত নীতিৰ পৰিপন্থী মানসিকতাৰ জন্ম দিয়ে আৰু এইধৰণৰ মানসিকতাৰ ফলত মনত যি লালসাৰ জন্ম হয়, সেই লালসাৰ কৰ্মনীতিয়েই হ’ল ‘দুৰ্নীতি’ বা কলুষিত সমাজ নীতিৰ বাহক।
আজিৰ দেশৰ উচ্চ শিক্ষাৰ লগত সামাজিক দায়বদ্ধতাৰ দিশটো বহু ক্ষেত্ৰত সংযোজিত নহয়৷ আনকি সমাজ এখনত পৰিয়াল তথা ধৰ্মীয় অনুষ্ঠান-অনুচাৰ অনুসৰি নৈতিক ৰূপত যথোচিত ভাৱে দিয়া হোৱা নাই। নহ'লেনো সমাজ এখনত সামাজিক, ৰাজনৈতিক ,ধৰ্মীয় ক্ষেত্ৰখনত ভেদা-ভেদ,উচ্চ-নীচ তথা অন্যান্য দিশত ইমান উশৃঙ্খল হয়নে ? এখন সমাজ বা গাওঁত নিজৰ মাজতেই দুই-তিনিটাকৈ নামঘৰ, কেইবাটাও খোলা, ইটো খোলাৰ লগত সিটো খোলৰ মাজত মিল বা সদভাৱনা নাই। ইয়াৰ বাবে দায়ী কোন ??? তাৰ বাবে সমাজত বাস কৰা আমিবোৰেই নহয় জানো ??? যাৰ পৰিণতিত আমি আমাৰ ভৱিষ্যৎ সমাজৰ একোটা উঠি অহা উজ্জ্বল নক্ষত্ৰ যেতিয়া আমাৰ দৰে মানুহৰ বিভাজন আৰু ভাঙন মুখী চিন্তনৰ ভুলৰ বাবেই দুৰ্ঘটনাত পতিত হৈ নিৰ্বাপিত হ’ব লগা হয়, ইয়ে প্ৰগতিশীল সমাজ এখনৰ গতিধাৰাক মন্থৰিত কৰি তোলে৷ এই বিভাজন মুখী চিন্তনত কাৰো একো লাভ হোৱা নাই বৰঞ্চ এই ধৰণৰ কৰ্মৰাজীয়ে প্ৰতি পক্ষকে গুৰুতৰ ক্ষতি কৰিছে। যাৰ বাবে সমাজৰ উঠি অহা নৱ-প্ৰজন্মৰ মাজত মনত এক বিভ্রান্তি হে সৃষ্টি কৰা হৈছে। সমাজত আমাৰ মাজতে হোৱা অৰিয়া-অৰি, মোৰটোহে শুদ্ধ, আমাৰটোহে শুদ্ধ, আমাৰখিনিয়ে সকলো জানে, শিকিছে এনেধৰণৰ কৰ্মৰাজিৰ চৰিত্ৰই কিন্তু গাওঁ এখনত বা সমাজ এখনত সামাজিক দায়বদ্ধতা থকাটো নুবুজাই। ইয়ে সমাজত এজন সামাজিক দায়বদ্ধতাৰে কৰ্ত্তব্য পৰায়ন চৰিত্ৰৰ আদৰ্শৰে উজ্জ্বীবিত তাক নুবুজাই। সমাজত এনে স্বৰূপ ঘটি থাকিলে এইয়া মাথোন সামাজিক উশৃঙ্খলতাৰ দিশটোকহে বুজাই।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ